সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮০
অসমীয়া ভাষা আৰু সংস্কৃতি


বিঘ্নেশ্বৰৰ মূৰ্ত্তি অসমৰ ভালেমান ঠাইত পোৱা গৈছে; সেই মূৰ্ত্তিক এতিয়াও পূজা-অৰ্চ্চনা কৰা হয়। এই দুয়ো দেৱতাৰ পূজা উত্তৰ ভাৰতলৈ দক্ষিণৰ- পৰা আহিছে বুলি পণ্ডিতসকলে অনুমান কৰে। কোনো কোনোৱে মাৰৈ পূজাও দ্ৰাবিড়ৰ ‘মাঞ্চমা’ৰ ৰূপান্তৰ বুলি ভাবে।

 ভক্তিৰ উৎপত্তি দ্ৰাবিড় দেশত। সেইকাৰণে পৰোক্ষভাৱে অসমীয়া বৈষ্ণৱ ধৰ্ম্মৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰা স্বাভাৱিক। ডঃ কাকতিয়ে শঙ্কৰদেৱৰ ‘এক শৰণ ধৰ্ম্ম’ আৰু ‘কেৱলীয়া’ সম্প্ৰদায়ৰ লগত ৰামানুজনৰ ধৰ্ম্মমত আৰু তেওঁৰ সম্প্ৰদায়ৰ সাদৃশ্য দেখুৱাইছে। এই প্ৰভাৱ অৱশ্যে মধ্যযুগীয়।

 দ্ৰাবিড় ভাষাগোষ্ঠীৰপৰা সংস্কৃতলৈ বহু শব্দ আহিছে। তাৰে কিছুমান উত্তৰাধিকাৰী সূত্ৰত অসমীয়া ভাষাও পাইছে। যেনে— অগুৰু, অনল, অলস, উলুখল, কল্ক, কটু, কঠিন, কাঞ্জিকা (কাঁজী-পানী), কানন, কুটি (ঘৰ), কুটিল, কুণ্ড, কুণ্ডল, কুন্দাল (কোৱ), কুন্তল, কুবলয়, কেতেক, কোটোৰা, কোণ, খল (মাহ মৰা খোলা), খল (দুষ্ট), গণ্ড (গাঁৰ), ঘূণ (ঘূণ-গুৰি), চেপেটা (চেপেটা- চকা), তাল (গজ), তুলা (কপাহ), নীৰ, পণ, পণ্ডিত, ময়ুৰ, মল্লিকা, মহিলা, মুকুট, মৰজ (বাদ্যযন্ত্ৰ), বলয়, বল্লী, শৰ, হেৰম্ব (খই) ইত্যাদি।