ঘৰচীয়া কৰিছিল আৰু পূজাও কৰিছিল। খাছীয়াসকলে এতিয়াও সকলো
মঙ্গল আৰু শভ-কাৰ্য্যৰ পূৰ্ব্বে কুকুৰা বলি দিয়ে। কুকুৰাক তেওঁলোকে
দেৱদূত বুলি মান্য কৰে।
চিকাৰৰ সজুঁলি বাণ, ধনু, নিচান, বাটলু-গুটি মূলতে অষ্ট্ৰিক। ধনু- কাঁড় মৰা বিদ্যাত খাছীয়াসকলৰ এতিয়াও যশস্যা আছে। তেওঁলোকৰ মাজত এই বিষয়ে বছৰে বছৰে প্ৰতিযোগিতাও হয়। বিভিন্ন প্ৰকাৰ দা অস্ট্ৰিক- সকলৰ চিকাৰৰ অন্যতম সম্বল আছিল। অসমৰ জনজাতিৰ মাজত যিমান দা আছে পৃথিবীৰ অন্য জাতিৰ মাজত তাৰ তুলনা নাই। জুটি পাতি চৰাই ধৰাৰ প্ৰণালীও অষ্ট্ৰিকৰ।
যান-বাহনৰ কাৰণে অষ্ট্ৰিকসকলে ঘাইকৈ গোট কাঠৰ নাও ব্যৱহাৰ কৰিছিল। গছৰ মাজ ডোখৰ জুইদি পুৰি গোট কাঠৰ নাও সজা প্ৰথা আমাৰ দেশত এতিয়াও আছে। ভুৰ, ভেলা, ডিঙ্গা আদি পানীত চলোৱা বিভিন্ন বাহন অষ্ট্ৰিক-ভাষীয়েই প্ৰথমে উলিয়াইছিল বুলি অনুমান কৰা হয়। পানীৰ লগত সম্বন্ধ থকা শব্দ নাদোৰা আৰু উটা ( to float) অষ্ট্ৰিকৰ পৰা আহিছে। হোলোঙ্গাৰে কান্ধত কন্তু কঢ়িওৱা তেওঁলোকে উলিওৱা নিয়ম। অষ্ট্ৰিকসকলে বাঁহৰ ব্যৱহাৰ কৰিছিল। অসমীয়াত প্ৰচলিত বাঁহৰ লগত সম্বন্ধ থকা শব্দসমূহে সেই কথা সচায়। যেনে—কঁটলা (বাঁহ কটলা) জঁপা, জেং, টোপা (পাচি), টোকোন, বাও (খবাহি পাচিৰ)।
অসমীয়া সামাজিক আৰু ধাৰ্ম্মিক জীৱনতো অষ্ট্ৰিকৰ দান নগণ্য নহয়। অসমীয়া খেল-ধেমালিৰ ভিতৰত লাটুম ঘৰোৱা আৰু ধোপ খেল অষ্ট্ৰিকৰ- পৰা যে আহিছে সি ঠিক। ডঃ কাকতিৰ মতে ‘কায়স্থ’ শব্দটো অষ্ট্ৰিকৰ সংস্কৃতীয়া ৰূপ; তাৰ অৰ্থ হৈছে লিখা। গতিকে লিপি প্ৰথা তেওঁলোকৰ জনা আছিল বুলি কব পাৰি।
ডঃ কাকতিয়ে অনুমান কৰে যে মাতৃ পূজা–যি পিচৰ যুগত কামাখ্যা- মাতৃৰ পূজাত পৰিণত হ'ল,—সিও মাতৃতন্ত্ৰ-প্ৰধান অষ্ট্ৰিক সমাজত হে আদিতে প্ৰচলিত আছিল। তাম্ৰেশ্বৰীও সম্ভৱতঃ তেওঁলোকৰে দেৱী। লিঙ্গ শব্দটোও তেওঁলোকৰে দান; লিঙ্গ পূজা তেওঁলোকৰ মাজত প্ৰচলিত আছিল বুলি অনুমান কৰিবৰ যথেষ্ট কাৰণ আছে। পছিলুস্কিয়ে লিখিছে—
“The phallic cults, of which we know the importance in the ancient religions of Indo-China, are generally considered to have been derived from Indian Saivism. It is more probable that the Aryans have borrowed from the aborigins of India the cult of linga as well as the name of idol."