সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭২
অসমীয়া ভাষা আৰু সংস্কৃতি


চীন ৰাজদূতে দক্ষিণ চীনৰপৰা আৰম্ভ কৰি উত্তৰ ব্ৰহ্ম, মণিপুৰ, কামৰূপৰ মাজেদি আফগানিস্থানলৈ যোৱা এটা দীঘল বাটৰ উল্লেখ কৰিছে। বেক্ ট্ৰিয়া দেশৰ বজাৰত ৰেছম আৰু বাহৰ মনোমোহা বস্তুৰ বেচা-কিনা দেখি চাং কিয়েনে অনুসন্ধান কৰি গম পালে যে সেই বস্তুবোৰ বেক্ ট্ৰিয়ালৈ দক্ষিণ চীন আৰু ইউনান প্ৰদেশৰপৰা ওপৰত উল্লেখ কৰা বাটেদি গৈছিল। ইউনান প্ৰদেশৰ লগতো ভাৰতৰ নানাভাৱে সংযোগ ঘটিছিল। পিচৰ যুগত এই দেশক ভাৰতৰ মানুহে বিদেহ ৰাজ্য নাম দিছিল। হিউয়েন চাঙ্গৰ ভ্ৰমণ বৃত্তান্ততো অসম-চীন সংযোগ পথৰ উল্লেখ আছে। এই পথ হিউয়েন চাঙ্গৰ সময়ত দূৰ্গম আৰু নানা বন্য জন্তুৰে সমাকীৰ্ণ আছিল। অসমৰপৰা এই বাটেদি চীনলৈ আহোঁতে প্ৰায় দুমাহ সময় লাগিছিল। চীনৰ লগত যে অসমৰ ঘনিষ্ঠ সম্বন্ধ আছিল সেই কথা অন্য এটি ঘটনাৰপৰা জানিব পাৰি। ভাস্কৰবৰ্ম্মাৰ ৰাজ- সভাত পৰিব্ৰাজক হিউয়েন চাঙ্গে নিতৌ এটি গীত গোৱা শুনিছিল। সেই গীতটিত চীনৰ এজন ৰাজকোঁৱৰৰ বিজয় কাহিনী বৰ্ণোৱা হৈছিল। গীতৰ ঘটনাৰ সময় ৬১৯ খৃষ্টাব্দ; হিউয়েন চাঙ্গ কামৰূপলৈ অহাৰ সময় আনুমানিক ৬৩৮ খৃষ্টাব্দ। এইটো মন কৰিব লগীয়া যে ১৯ বছৰৰ ভিতৰতে চীনত ঘটা ঘটনা এটাৰ সম্বন্ধে অসমত গীত ৰচনা হৈছিল; সেই গীত সৰবৰহী হৈ ৰাজ-সভাত গোৱাও হৈছিল। নৱম শতিকাৰ চীন পৰিব্ৰাজক কিয়াতানে টংকিন চহৰপৰা কামৰূপলৈ অহা এটা বাটৰ সন্ধান দিছে। টংকিনৰপৰা কামৰূপ আৰু তাৰে পৰা কৰতোৱা নদী পাৰ হৈ এই পথ পাণ্ডবৰ্দ্ধনলৈ গৈছিল। তাৰ পৰা গঙ্গা পাৰ হৈ কজঙ্গলৰ মাজেদি মগধ ওলাইছিল। অসমৰ লগত মগধৰ এই জল-স্থল পথটোৱেই সংযোগ ঘটুৱাইছিল।

 অসমৰপৰা যে তিব্বতলৈ বাট আছিল সেই কথা তৱকাৎ-ই-নাচিবি গ্ৰন্থত উল্লিখিত আৰু কানাই বৰশী শিলত ইঙ্গিত থকা মহম্মদ বক্তিয়াৰৰ আক্ৰমণৰ পৰা জনা যায়। তিব্বতৰ কৰপত্তন নামৰ বজাৰপৰা কামৰূপৰ মাজেদি বঙ্গৰ লক্ষণাৱতী চহৰলৈ ঘোঁৰাৰে যাতায়াত কৰা হৈছিল। কৰপত্তনলৈ যাওঁতে বৰ্ত্তমান উত্তৰ গুৱাহাটীৰ কাষৰ শিলসাঁকো পাৰ হৈ যাব লাগিছিল। শিল- সাকোঁৰ পৰা কৰপত্তনলৈ ১৬ দিনৰ বাট আছিল। বৌদ্ধধৰ্ম্মৰ সহজীয়া পথৰ সিদ্ধাচাৰ্য্য মীননাথে অসমৰপৰা তিব্বতলৈ ধৰ্ম্ম প্ৰচাৰ কৰিবলৈ এনে বাটে যোৱা তথ্যও বৰ্ত্তমান প্ৰকাশ পাইছে। ব্ৰহ্মদেশৰ লগত থকা যোগাযোগৰ পথৰ বিষয়ে মানৰ আক্ৰমণেই প্ৰমাণ কৰে।