অৰ্থ উপভোগ কৰা; কিন্তু ভোগ দিয়া, ভোগ-জৰা আদি শব্দই দেৱ-দেৱীক
দিয়া বস্তু বুজায়। স্থান শব্দৰপৰা ঠাই আৰু থান ওলাইছে। কিন্তু ‘থান’
বুলিলে পৱিত্ৰ বা দেৱতাৰ স্থান বুজায়। ‘গোস্বামী' শব্দৰ অৰ্থ গৰুৰ স্বামী
বা গৰাকী। হলাধুয়ে লিখিছে,—
ব্ৰজঃ স্যাদ গোকুলং গোষ্ঠং গোবন্দং গোধনং ধনম্।
গোমান গোমো স্ব গোবিন্দ অধীকৃতঃ গোব্যম্॥
অসমীয়াত এই গোস্বামী শব্দ আৰু ইয়াৰ পৰা উদ্ভৱ হোৱা গোসাঁই, গোহাঁই আদি শব্দ উৎকৰ্ষতাৰ ভাৱ বুজুৱা ভালেমান অৰ্থত ব্যৱহাৰ হয়। ই ঈশ্বৰ, বিশেষ জাতি আৰু উপাধিসূচক। পূজনীয় ব্যক্তি আৰু ব্ৰাহ্মণক বুজাবলৈকো গোসাঁই শব্দ ব্যৱহাৰ কৰা হয়। আহোমৰ দিনত গোহাঁই এক উচ্চ বিষয়াৰ পদবীত পৰিণত হৈছিল।
সংস্কৃত বৈয়াকৰণিকসকলে উপসৰ্গৰ সংযোগত, সমাস-সিদ্ধিৰ হেতু, লিঙ্গ-ভেদ, স্বৰ-ভেদ আদিৰ কাৰণেও শব্দৰ অৰ্থ ভেদ নিৰ্ণয় কৰিছে। ভট্টোজি দীক্ষিতে উপসৰ্গ সংযোগত শব্দৰ অৰ্থ ভেদ প্ৰসঙ্গত লিখিছে—
উপসৰ্গেন ধাত্বৰ্থো বলাদন্যত্ৰ নীয়তে।
প্ৰহাৰ-হাৰ সংহাৰ বিহাৰ প্ৰতিহাৰত॥
অৰ্থাৎ হ, ধাতুৰ সাধাৰণ অৰ্থ হৈছে ‘হৰণ,’ কিন্তু উপসৰ্গ সংযোগত সাধিত হোৱা প্ৰহাৰ, আহাৰ, সংহাৰ, বিহাৰ, প্ৰতিহাৰ আদি শব্দৰ অৰ্থ বিভিন্ন হৈছে। সেইদৰে কৃ ধাতুৰ পৰা উৎপন্ন আকাৰ, ৰিকাৰ, প্ৰকাৰ, উপকাৰ, অনুকৰণ, সংস্কাৰ, সংস্কৰণ আদি শব্দৰ অৰ্থ বিভিন্ন। জি ধাতুৰপৰা সৃষ্টি হৈছে যদিও উপসৰ্গৰ হেতু বিজয় আৰু পৰাজয়ৰ অৰ্থ বেলেগ। স্থা ধাতুৰ অৰ্থ ৰোৱা, কিন্তু প্ৰস্থান হৈছে যোৱা।
সমাসসিদ্ধ পদ পিতৰৌ আৰু ভ্ৰাতৰৌৰ অৰ্থ ক্ৰমান্বয়ে পিতৃ-মাতৃ আৰু, ভাই-ভনী; সেইদৰে বহুব্ৰীহিত দুই শব্দৰ সমাস হলে তৃতীয় এক অৰ্থৰ উৎপত্তি হয়। যেনে—নীলাম্বৰ, ত্ৰিনয়ন।
লিঙ্গ ভেদত ভিন্ন অৰ্থ হোৱাৰ উদাহৰণ স্বৰূপে সংস্কৃতৰ ‘সাৰ’ শব্দটোৰ দৃষ্টান্ত দিব পাৰি। নপুংসক লিঙ্গ হলে সাৰ শব্দৰ অৰ্থ ন্যায়সঙ্গত (নৈতৎসাৰম্); পংলিঙ্গ হলে ইয়াৰ অৰ্থ উৎকৰ্ষ অথবা সাৰ ভাগ; যেনে— চন্দনসাৰ। সেইদৰে স্ত্ৰীলিঙ্গ হিমানী আৰু অৰণ্যানী শব্দই ক্ৰমান্বয়ে অতি- মাত্ৰা হিম আৰু বিৰাট অৰণ্য বুজায়। যবনানী শব্দৰ অৰ্থ যবনৰ লিপি, যবনৰ স্ত্ৰী নহয়।