সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৭
অসমীয়াত শব্দৰ অৰ্থ-পৰিৱৰ্ত্তন

(দৰ্জ্জি) আদি শব্দৰ এনেকৈয়ে সৃষ্টি হৈছে। মিছাৰ সলনি অসত্য, মূৰ্খৰ সলনি অজ্ঞানী আদি নঞৰ্থক শব্দৰ ভদ্ৰভাষা ব্যৱহাৰৰ ইচ্ছা প্ৰৱণতাৰ ফলত জন্ম হৈছে। মানৱ মনৰ উৎফুল্লতা, ভাবাবেগ আৰু অতিশয়োক্তি-প্ৰিয়তাৰ বাবেও শব্দৰ অৰ্থৰ বিকৃতি ঘটে। ক্ৰোধ, ভয়, আনন্দ, বিৰক্তিত ভাবৰ আতিশয্যত ব্যৱহৃত হোৱা ভয়ঙ্কৰ, ভয়ানক, প্ৰচণ্ড শব্দই মূল অৰ্থতকৈ অতিৰঞ্জিত অৰ্থ প্ৰকাশ কৰে।

 কেতিয়াবা একে জাতীয় শব্দৰ এটাই প্ৰাধান্য লাভ কৰে আৰু তাকেই গোটেই জাতিৰ অৰ্থত ব্যৱহাৰ কৰা হয়। ‘টকা-পইচা' শব্দটোৱে অৰ্থ-সম্পত্তি সকলোকে বুজায়। (অনা, সিকি, দুআনি আদি ইয়াৰ অন্তৰ্ভুক্ত)। চিঞাঁহি শব্দটো ফাৰ্চী শব্দৰপৰা আহিছে। ইয়াৰ মূল অৰ্থ কলা পনীয়া দ্ৰব্য; এতিয়া ই সকলো প্ৰকাৰৰ ৰঙা, নীলা আদি চিঞাহিকে বুজায়।

 প্ৰকৃত শব্দ প্ৰয়োগৰ অজ্ঞতাৰ বাবেও অৰ্থৰ সাল-সলনি হয়। পাষণ্ড শব্দটোৱে অশোকৰ দিনৰ এটা ধৰ্ম্ম-সম্প্ৰদায়কহে বুজাইছিল। কিন্তু অসমীয়াত সেই শব্দটো দুষ্ট, দগাবাজ আদি অৰ্থতহে ব্যৱহাৰ হয়। ‘অৱদান’ শব্দৰ অৰ্থ আছিল আত্ম-ত্যাগৰ দ্বাৰা কৰা বিশিষ্ট গৌৰৱময় দান। এতিয়া বোল- ছবিৰ নিত্য-নতুন অৱদান সদায় হবই লাগিছে। শব্দৰ অৰ্থৰ অৱনতিৰ উদাহৰণ স্বৰূপে কবি আৰু নট শব্দটোও লব পাৰি। ‘কৱি মনীষী পৰিভূঃ স্বয়ম্ভূঃ,—এই বেদ বাক্যত কবি অৰ্থ মেধাৱী, কিন্তু পিছৰ যুগত সংস্কৃতত অৰ্থ হ'ল কবিতা ৰচোঁতা। নট শব্দৰ প্ৰাচীন অৰ্থ আছিল নাট্যকলাত সুন্দক্ষ; আজিকালি বুজৱা হ'ল এক সাধাৰণ বৃত্তি। সৎ শব্দৰ মূল অৰ্থ বৰ্ত্তমান বা বিদ্যমান, আৰু অসৎ অবিদ্যমান। কিন্তু অসমীয়াত দুয়োটাৰে অৰ্থৰ অৱনতি ঘটিল; আৰু অসৎ অৰ্থ হ'ল বেয়া। শব্দৰ অৰ্থৰ অৱনতি প্ৰসঙ্গত মন কৰিব লগীয়া যে কোনো ক্ষেত্ৰত তৎসম শব্দটোৰ অৰ্থ ঠিকেই থাকে, তদ্ভব ৰূপতহে অৰ্থৰ পৰিণতি ঘটে। যেনে—গৰ্ভিণী (গৰ্ভৱতী তিৰুতা) আৰু গাভিনী (জন্তু); বৎস আৰু বেচেৰা (পুতৌ বুজুৱাত), ভদ্ৰ আৰু ভোদা।

 শব্দৰ অৰ্থৰ যেনেকৈ অৱনতি হয় সেইদৰে উন্নতিও হয়। শব্দৰ অৰ্থৰ উন্নতি হোৱাৰ এটি মনোৰঞ্জক উদাহৰণ হৈছে ‘সাহস’ শব্দ। প্ৰাচীন শাস্ত্ৰত সাহস শব্দ পাঁচ প্ৰকাৰ বেয়া কাৰ্য্য কৰাত প্ৰয়োগ হৈছিল,—

মনুয্য মাৰণং স্তেয়ং, পৰদাৰাভিমৰ্ষনম্।
পাৰুষ্যমমৃতং চৈৱ সাহসৎ পঞ্চধা স্মৃতম্॥

 কিন্তু অসমীয়া অভিধানত ইয়াৰ অৰ্থ কৰা হৈছে ‘নিৰ্ভয়তা, নিৰ্ভীকতা’ আৰু সাহসী পৰুষ অসমীয়াত প্ৰশংসা-বাচক শব্দ। ভোগ শব্দৰ সাধাৰণ