সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৪
অসমীয়া ভাষা আৰু সংস্কৃতি


বাকীবোৰৰ অৰ্থ লুপ্ত হয়গৈ। ইংৰাজী meat শব্দটোৱে আগেয়ে যি কোনো আহাৰকে বুজাইছিল; কিন্তু বৰ্ত্তমান অৰ্থ সঙ্কুচিত হোৱাৰ ফলত সি মঙহ আহাৰ বুজায়। Sweetmeat শব্দটোৱে meat ৰ পূৰণি অৰ্থ এতিয়াও ৰক্ষা কৰিছে। 'অন্ন' শব্দই সংস্কৃতত আহাৰ বুজাইছিল; কিন্তু অসমীয়াত আহাৰ বিশেষ অৰ্থাৎ ভাতক বুজায়। 'মৃগ' শব্দই আগেয়ে যি কোনো পশুকে বুজাইছিল। এই শব্দটোৰ সেই অৰ্থ মৃগেন্দ্ৰ শব্দত আছে। পুৰণি কালত ৰজাৰ বা আত্মীয় স্বজনৰ ওচৰলৈ “পত্ৰ-সন্দেশ” নিয়া হৈছিল; সেই ‘সন্দেশ’ শব্দ সঙ্কুচিত হৈ আজি-কালি এক প্ৰকাৰ মিঠাইৰ নামতহে ৰৈছেগৈ।

 সেইদৰে বিগ্ৰহ (মূল অৰ্থ ভাগ), উপস্থান ( ঠাই), চেদন (কটা যন্ত্ৰ) আদি সাধাৰণ বা শ্ৰেণী বুজোৱা শব্দ বিঘা, বাথান, চেণীলৈ সলনি হৈ সেই শ্ৰেণীৰ ভিতৰুৱা এক পদাৰ্থৰ নামত প্ৰয়োগ হৈছে।

 ধাৰ্ম্মিক, সাংস্কৃতিক, ঐতিহাসিক, ভৌগোলিক কাৰণতো শব্দৰ অৰ্থ সংকুচিত আৰু সলনি হয়। উদাহৰণ—মন্দিৰ (মূ. অ. ঘৰ), লীলা (মূ অ. ধেমালি), প্ৰসাদ (মূ. অ. অনুগ্ৰহ), ভোগ (মূ. অ. আহাৰ), ইত্যাদি।

 নানা ভাবৰ সংযোগৰ হেতু কেতিয়াবা শব্দই তাৰ মূখ্য অৰ্থ প্ৰকাশ নকৰি তাৰপৰা উৎপন্ন হোৱা আন অৰ্থহে প্ৰকাশ কৰে। যেনে—ভাবৰ (বোজা) অৰ্থ দায়িত্ব, ঘটিয়াৰ (হ্ৰাস) শিয়াল গুণ্ডাৰ (গোল্ড জাতীয়) দুষ্ট, মন্দাৰ (মন্দ>লাহে লাহে : বজাৰ মন্দ)। ধাৰ্ম্মিক সংস্কৃতিৰ ফলত অৰ্থ সংকোচ হোৱাৰ দৃষ্টান্ত হলঃ মহাপ্ৰসাদ, মোহন-ভোগ, অমিতা (>অমৃত)। জাতীয় ৰুচি, অভিৰুচিৰ ফলত অৰ্থহীন আৰু সংকুচিত হোৱাৰ উদাহৰণঃ মুচলিম লিগৰ, জাপানী মাল, অঘোৰী (মূল অঘোৰ পন্থীয়াৰ অৰ্থৰ ঠাইত ব্যভিচাৰী), নগা ফাঁকি। অতিশয়োক্তি, সাধাৰণ বিশেষণীয় বিশেষণ কতা-বতৰাত ব্যৱহৃত হলে অৰ্থ কিছু, পৰিমাণে সংকুচিত হয়। যেনে-বৰ বিৰাট সভা। সংজ্ঞা শব্দ গুণ বুজুৱাত প্ৰয়োগ হলেও অৰ্থৰ হ্ৰাস হয়। ফল ( result ) পক্ষ (মূল অৰ্থ পাখি)।

 এনে প্ৰসাৰ আৰু সংকোচনৰ ফলত বহু সময়ত মধ্যৱৰ্ত্তী অৰ্থৰ লোপ হৈ শব্দটিৰ যি অৰ্থ প্ৰকাশ পায় তাৰ লগত মূল শব্দৰ সম্বন্ধ ধৰা টান হয়।

 অক্ষত শব্দৰ ব্যুৎপত্তিগত অৰ্থ নষ্ট নোহোৱা; তাৰে পৰাই ব্ৰহ্ম, আত্মা, মোক্ষ, আদি অৰ্থৰ উৎপত্তি (অসমীয়াত কিন্তু ‘আখৰ’ শব্দই ‘বৰ্ণ’ বা হৰফ্হে বুজায়)। সাধাৰণতে সভ্যতা সংস্কৃতিৰ বিকাশৰ লগে লগে শব্দৰ অৰ্থ বিকাশ মন কৰিবলগীয়া। গুণ শব্দই প্ৰথমে গুণকে সূচাইছিল; কিন্তু সংস্কৃতিৰ বিকাশৰ লগে লগে অৰ্থ হ'ল সদ্ গুণ, দুৰ্গুণ; সাংখ্যমতে তিনি গুণ; বৈশেষিকৰ সাত পদাৰ্থৰ এক (দ্ৰব্য, গুণ, কৰ্ম্ম আদি); সাহিত্যিকৰ মতে ৰসৰ উৎকৰ্ষ' হেতু মাধূৰ্য্য আদি গুণ ইত্যাদি।