কালটোৱেই মূখ্য বুলি বিবেচিত হৈছিল। সেই কাৰণে শৰৎ শব্দটো বৈদিক
যুগত ‘বছৰ’ অৰ্থত ব্যৱহৃত হৈছিল। “জীৱতু শৰদঃ শতম”—ইত্যাদি।
আধুনিক বছৰ শব্দটো সংস্কৃত বৎসৰ শব্দৰ পৰা অহা। ‘বৎসৰ’ শব্দৰ মূল
অৰ্থ হৈছে ‘বৰ্ষ' অৰ্থাৎ বৰ্ষাকাল ভাৰতবৰ্ষৰ বিশেষ ঋতু হোৱাৰ কাৰণে
বছৰৰ সলনি বৰ্ষ' ব্যৱহাৰ হৈছিল।
বছৰ বজুৱা ‘অব্দ’ শব্দটোও সম্ভৱতঃ বৰ্ষৰ লগত জড়িত; ইয়াৰ মূল অৰ্থ অপ্ (পানী) আৰু দ (দিয়া) অৰ্থাৎ পানী দান কৰা। সংস্কৃত পৰশ্বঃ শব্দই ‘পৰহি' (অহা) অৰ্থাৎ অহা কালিৰ পিছৰ দিন বুজায়। এই শব্দৰ পৰা উদ্ধৃত ‘পৰ্শু’, ‘পৰশু’ আৰু 'পৰহি' শব্দই অসমীয়াত অহাকালিৰ পিছৰ দিন আৰু যোৱাকালিৰ আগৰ দিন দুয়োটাক বাজায়। “ধন্য' শব্দৰ মূল অৰ্থ আছিল ধনযুক্ত অৰ্থাৎ ধনী। বৰ্ত্তমান ইয়াক ভাগ্যৱান অৰ্থত প্ৰয়োগ কৰা হৈছে। প্ৰৱীণ শব্দৰ অৰ্থ আছিল বীণা-বাদনত সুযোগ্য; কিন্তু অৰ্থ বিস্তাৰৰ ফলত হল যি কোনো কামত সুদক্ষ। সেইদৰে কুশ চয়নত নিপুণ এই অৰ্থ বুজুৱা কুশল শব্দৰ অৰ্থ প্ৰসাৰিত হৈছে। তিলৰ সাৰ ভাগ তেল। বৰ্ত্তমান সৰিয়হ তেল, কেৰাচিন তেল শব্দৰো প্ৰচলন। পুঙ্গৱৰ অৰ্থ হৈছে বৃষভ; শ্ৰেষ্ঠতা বুজাবলৈ বৰ্ত্তমান নৰপুঙ্গেৱ শব্দৰ ব্যৱহাৰ আছে। এই প্ৰসঙ্গতে বৃহৎ অৰ্থত ৰজা শব্দৰ প্ৰয়োগ লক্ষ্য কৰিবলগীয়া। যেনে— ৰাজ-পথ, ৰাজহংস।
কেতিয়াবা কোনো ব্যক্তিৰ নাম সাধাৰণভাৱে বিশেষণবাচক শব্দৰ দৰে ব্যৱহাৰ হয়। হিটলাৰী শক্তি, বিস্মাৰ্কী প্ৰতিভা, ৰাম-ৰাজ্য, ৰাম-ছাগলী, ৰাম-টাঙোন, ৰাম-দা, ভীম-কল, ভীম-টোকা, ব্ৰহ্ম-দৈত্য, ধৰ্ম্ম-ঘূধিষ্ঠিৰ, ঘৰ- শত্ৰু বিভীষণ আদিৰ বিস্তাৰিত অৰ্থ মন কৰিব লগীয়া।
মানুহৰ মনত বহু ভাবৰ উদয় হয় আৰু সেই ভাব শব্দৰ যোগে প্ৰকাশ কৰে। কেতিয়াবা নতুন ভাব প্ৰকাশ কৰিবলৈ নতুন শব্দ সৃষ্টি অথবা পুৰণি শব্দৰ প্ৰত্যয় আদি যোগ কৰি নতুন ৰূপ দিয়া হয়। কিন্তু সকলোৰে পক্ষে নতুন শব্দ সৃষ্টি কৰা সম্ভৱ নহয়। গতিকে পূৰণি শব্দতে নতুন অৰ্থ সংযোগ কৰি নতুন ভাব বুজুৱা হয়। ইয়াৰ ফলত সময়ত এটা শব্দৰে কেইবাটাও অৰ্থ হয়গৈ। পাৰিপাৰ্শ্বিক অৱস্থা, সভ্যতাৰ বিস্তাৰ, বেহা-বেপাৰ আদিৰ হেতু একেটা শব্দৰ অৰ্থ-সমষ্টি অৰ্থাৎ বহু অৰ্থৰ সৃষ্টি হয়। দৃষ্টান্ত- স্বৰূপে আদিয়ে কৃষিৰ লগত সম্বন্ধ থকা 'মূল' শব্দটোকে ধৰিব পাৰি। শিক্ষা-দৰ্শন বেহা-বেপাৰত প্ৰয়োগ হোৱাত 'মূল' শব্দৰ বহু অৰ্থ হৈছে। যেনে—মূল টীকা, মূল কাৰণ, মূল-ধন ইত্যাদি। সেইদৰে ‘ধাতু’ শব্দই ঈশ্বৰ, শক্তি বা প্ৰাণ, সোণ-ৰূপ আদি ধাতু, বৌদ্ধ ধৰ্ম্মৰ ধাতু আদি অৰ্থ প্ৰকাশ কৰিছে। কেতিয়াবা এই অৰ্থ সমষ্টিৰ মাজত কোনো এটাই প্ৰাধান্য লভিলে