কাৰণেই শব্দৰ অৰ্থ নিশ্চয়ত প্ৰকৰণ (প্ৰসঙ্গ) প্ৰধান বুলি কোৱা হয়; তাৰ ওপৰতে শব্দৰ অৰ্থ নিৰ্ভৰ কৰে।
শব্দৰ এনে পৰিৱৰ্ত্তনত ভাষা সম্প্ৰদায়ৰ বুৰঞ্জী আৰু সমাজ-মনোবিজ্ঞানৰ আভাস পোৱা যায়। শব্দৰ পৰিৱৰ্ত্তনৰ বুৰঞ্জী আলোচনা কৰিলে জাতি ৰাজনৈতিক, সামাজিক, ধাৰ্ম্মিক আৰু আৰ্থিক অৱস্থাৰ বিষয়েও জানিব পাৰি। Pen শব্দটোৰ অৰ্থ আগেয়ে 'পাখি' আছিল; তাৰপৰা সেই সময়ত পাখি কলমৰ ব্যৱহাৰ অনুমান কৰিব পাৰি। ‘পত্ৰ' শব্দই লিখাৰ আহিলা স্বৰূপে গছৰ পাত ব্যৱহাৰ কৰাৰ কথা সোঁৱৰায়। এই পত্ৰ (গছৰ পাত) শব্দয়ো বৰ্ত্তমান কাগজ (যেনে, চিঠি লিখা পাত এটা দিয়া), চিঠি (চিঠি-পত্ৰ) আদি অৰ্থ সূচায়। পাতল, (পাতি হাঁহ, পাতি লেবু) আদি শব্দ ইয়াৰ পৰা উদ্ভৱ হৈছে। এই প্ৰসঙ্গতে গছৰ পৰা পোৱা আৰু বৰ্ত্তমান বিশেষভাৱে ব্যৱহৃত হোৱা কাণ্ড (যেনে সাতকাণ্ড ৰামায়ণ), শাখা, স্কন্ধ, সৰ্গ আদি (বিশেষকৈ সাদৃশ্যৰ হেতু উদ্ভৱ হোৱা) শব্দৰ উল্লেখ কৰিব পাৰি।
শব্দৰ এই অৰ্থ বিচিত্ৰতা আৰু বিকাশ-যাত্ৰা সচাকৈয়ে মনোৰঞ্জক ভাৰতীয় প্ৰাচীন সাংস্কৃতিক জীৱনৰ পৰিচয় থকা দুটা শব্দ হ'ল গোধা, আৰু অধ্যা। গোধা শব্দৰ অৰ্থ অতিথি; কিন্তু তাৰ প্ৰকৃত অৰ্থ হৈছে যাৰ নিমিত্তে গো হত্যা কৰা হয়। প্ৰাচীন কালত অতিথিক গৰু মাৰি ভোজ খুউৱা হৈছিল। কিন্তু পিছৰ যুগত কৃষিজীৱী আৰ্য্য সমাজত যে গো-হত্যা নিষেধ হ'ল সেই কথা অধ্যা শব্দৰ পৰা বুজিব পাৰি (অধ্যা শব্দৰ অৰ্থ হত্যাৰ অযোগ্য)। প্ৰাচীন সামাজিক বিশ্বাস আৰু চিন্তাধাৰাসূচক শব্দৰ ভিতৰত গোধুম, অচলা, মৃগাঙ্ক, ননন্দ আদি শব্দৰ উদাহৰণ দিব পাৰি। গৰুক মহ ডাঁহৰ পৰা ৰক্ষা কৰিবলৈ যিবোৰ তৃণেৰে ধোঁৱা দিছিল তাৰ নাম হ'ল গোধূম। ঘাঁহৰ অন্য এটি নাম আছিল বহুদুগ্ধ; কিয়নো এই তৃণ খুৱালে গৰুৱে বেছি গাখীৰ দিয়ে। পূৰ্ব্বে পৃথিবীক স্থিতিশীল অনুমান কৰি অচলা বোলা হৈছিল; কিন্তু মানুহৰ চিন্তাধাৰাৰ পৰিৱৰ্ত্তনৰ লগে লগে গো শব্দও পৃথিবীক বজোৱা হ'ল (গো শব্দই ঘূৰি থকা বুজায় )। চন্দ্ৰত হৰিণৰ কল্পনাৰপৰা নাম হ'ল মৃগাঙ্ক, শশাঙ্ক। বৌৱেকক আনন্দ নিদিয়ে দেখি নাম হল ননন্দ।
ধ্বনি পৰিৱৰ্ত্তনৰ দৰে অৰ্থ পৰিৱৰ্ত্তনৰো ধাৰা আছে। সাধাৰণভাৱে অৰ্থ পৰিৱৰ্ত্তনৰ কাৰণ তিনি ভাগে ভগাব পাৰি। যেনে- (১) অৰ্থ বিস্তাৰ, (২) অৰ্থ সংকোচ, (৩) অৰ্থ সংশ্লেষ। শব্দৰ অৰ্থ যদি ৰূপক অথবা অতিশয়োক্তিৰ সহায়ত বস্তু-নিৰপেক্ষ হয়, তেন্তে অৰ্থৰ প্ৰসাৰ বাঢ়ে। ব্যক্তি বা বস্তুবিশেষৰ ধৰ্ম্ম বা গুণে সঙ্কীৰ্ণ সীমা এৰি বস্তুৰ সাধাৰণ ধৰ্ম্ম বা গুণ নিৰ্দ্দেশ কৰে। শীতকালৰ অসহ্য ঠেটুৱৈৰ বাবে বছৰৰ ভিতৰত শৰৎ