ব্যৱহাৰ কৰে। ইংৰাজী ভাষা জনা মানুহৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে এই শব্দবোৰ অধিক ব্যাপক আৰু বহুলভাৱে প্ৰচাৰ হব বুলি আশা কৰিব পাৰি। সাহিত্যৰ ভাষাত সময়ত হয়তো এই শব্দবোৰ বৰ্জ্জন হব; কিন্তু সাহিত্যৰ ভাষাই জাতিৰ সম্পূৰ্ণ ভাষা নহয়। মানুহৰ মুখৰ ভাষা, উপভাষা, সকলো মিলিহে জাতীয় ভাষা সম্পূৰ্ণ হয়।
এই খিনিতে আৰু আন এটি কথা মন কৰিবলগীয়া যে বৃটিছৰ যোগেদি য়ুৰোপ, আমেৰিকা, চীন-জাপান, মালয় আদি অন্যান্য ভাষাৰ শব্দও অসমীয়ালৈ ইংৰাজীৰ যোগেই আহিছে। যেনে—জেব্ৰা, কুইনাইন, ছাগু, বিস্কুট, হাৰা- কিৰি, চাবোন ইত্যাদি।
মূল ইংৰাজী শব্দৰ বাহিৰেও ইংৰাজী শব্দৰ লগত অসমীয়া বা অন্য ভাষাৰ শব্দ যোগ হৈ অথবা ইংৰাজী শব্দৰ লগত অসমীয়া বা অন্য ভাষাৰ উপসৰ্গ আৰু প্ৰত্যয় যোগ হৈ কেতবোৰ মিহলি শব্দৰ ( Hybrid ) সৃষ্টি হৈছে। সেই কথা অন্য অধ্যায়ত আলোচনা কৰা হৈছে।
ইংৰাজী সংযোগত অসমীয়াত সমাৰ্থবাচক এক শ্ৰেণীৰ যুৰীয়া শব্দৰ সৃষ্টি হৈছে। যেন—চিল (seal) মোহৰ, ছ'ডা-খাৰ আদি। লোক-ব্যাৎপত্তিৰ নিয়ম অনুসৰি অৰ্থাৎ পৰিচিত দেশী শব্দৰ ধ্বনিৰ লগত সামঞ্জস্য থকা ইংৰাজী শব্দক দেশী শব্দৰ অনুৰূপে গঢ়ি নতুন শব্দ সৃষ্টি কৰাৰ উদাহৰণো আছে। (আগৰ অধ্যায়ত আলোচিত)।
বিদেশী ভাষাৰপৰা সাধাৰণতে ধাতুৰূপ, প্ৰত্যয় আদি ধাৰ কৰা নহয়। কিন্তু ইংৰাজীৰ পৰা দুই চাৰিটা এনে ৰূপো, যেনে— ৰিপিট ( rivet ), গিল্টি আদি লোৱা হৈছে।
ইংৰাজী শব্দ আৰু ইডিয়মো অসমীয়াত যথাযথভাৱে অনুবাদ হৈছে। ভাপৰ নাও, উৰা জাহাজ, বেতাৰ, সুবৰ্ণ সুযোগ, বিহঙ্গম দৃষ্টি, সিংহভাগ আদি অনুবাদত সৃষ্টি হোৱা শব্দ।
ভাষাৰ পৱিত্ৰতা ৰক্ষাৰ্থে অসমীয়া ভাষাত এনেভাৱে বিদেশী শব্দৰ প্ৰয়োগত কোনো কোনোৱে আপত্তি তুলিছে। এনে আপত্তি সকলো দেশৰে ৰক্ষণশীল সকলৰ মাজত চলি আহিছে। ১৫৮২ খৃষ্টাব্দত ইটালীয় ভাষাৰ পৱিত্ৰতা ৰক্ষা কৰিবলৈ এখন একাডেমি স্থাপিত হৈছিল; ১৬৩৫ খৃষ্টাব্দত ফৰাচী একাডেমিয়ে ৰয়েল চাৰ্টাৰ পায়। ফৰাচী একাডেমিৰ উদ্দেশ্য আছিল— “The principal function of the Academy shall be to labour with all possible care and diligence to give definite rules to our language, and to render it pure ...” ইংৰাজী ভাষা বিশুদ্ধকৰণৰ বাবে চুইফটে (Swift) ১৭১২ খৃষ্টাব্দত ইংলণ্ডৰ লৰ্ড ট্ৰেজাবাবক দিয়া “A proposal for correcting, improving, and ascertaining