অহা খবৰ নিজ ভাষাত অনুবাদ কৰিব লগা হোৱাত অসমীয়া বাতৰি কাকতৰ
পাতত সাধাৰণতে ইংৰাজী শব্দই দেখা দিয়ে।
এই খিনিতে এটা কথা মন কৰিবলগীয়া যে সাধাৰণতে মানুহে বিদেশী ভাষা শিকি সেই ভাষাত কথা-বতৰা পাতোঁতে তাৰ মাজত নিজ ভাষাৰ শব্দ যাতে ব্যৱহাৰ নহয় তালৈ বিশেষ চকু দিয়ে। কিন্তু নিজ ভাষা কওঁতে এই ৰীতিৰ বিপৰীত আচৰণ কৰা দেখা যায়। অৰ্থাৎ অসমীয়া মানুহে ইংৰাজী কথোপকথনৰ মাজত অসমীয়া শব্দ ব্যৱহাৰ নকৰে। কিন্তু অসমীয়া কওঁতে বাধাহীনভাৱে ইংৰাজী শব্দ প্ৰয়োগ কৰে। ফৰাচী ভাষা জনা ইংৰাজী লোকৰ কথা-বতৰাতো এনে দোষ দেখা যায়।
ইংৰাজীৰপৰা অহা শব্দবোৰ কেতিয়াবা মূল ৰূপত আৰু কোনো ক্ষেত্ৰত বিকৃত ৰূপত ব্যৱহাৰ হয়। সৰহ-সংখ্যক ইংৰাজী শব্দ ঘাইকৈ শিক্ষিত সম্প্ৰদায়ৰ মাজত প্ৰচলিত। কিন্তু কিছুমান ইংৰাজী শব্দ সাধাৰণ মানুহেও সদা-সৰ্ব্বদা ব্যৱহাৰ কৰে; আৰু সেইবোৰে লাহে লাহে মানুহৰ মুখৰপৰা সাহিত্যৰ ভাষাতো স্থান পাইছে। অসমীয়াত প্ৰৱেশ কৰা ইংৰাজী শব্দ- মালাক তলৰ দৰে শ্ৰেণী বিভাগ কৰিব পাৰি।
পূৰ্ব্বে উল্লেখ কৰা প্ৰথম স্তৰৰ ভিতৰত পৰে শাসন সম্বন্ধীয় শব্দসমূহ। বৃটিছৰ লগে লগে শাসন সম্বন্ধীয় ভালেমান অনুষ্ঠান আমাৰ দেশলৈ আহিল। প্ৰথম অৱস্থাৰপৰাই এই অনুষ্ঠানাদিৰ অসমীয়া নামকৰণ নকৰি অসমীয়া মানুহে ইংৰাজী শব্দকে গ্ৰহণ কৰিলে; অৱশ্যে কোনো কোনো ক্ষেত্ৰত ইংৰাজীৰ লগতে অসমীয়া প্ৰতিশব্দও চলোৱাৰ চেষ্টা কৰা হৈছিল। শাসন-সংক্ৰান্ত শব্দৰ ভিতৰত গৱৰ্ণমেন্ট, ডিপাৰ্টমেন্ট, অফিচ, কাউঞ্চিল, পাৰ্লিয়ামেণ্ট, কৰ্ট, হাইকৰ্ট, ট্ৰেজাৰী, লোকেলবোৰ্ড, মিউনিচিপালিটি, পি-ডব্লিউ-ডি (ৰাস্তা), ৰেভিনিউ (চিৰস্তাদাৰ) আদি। অফিচৰ লগত সম্বন্ধ থকা সদায় ব্যৱহাৰ কৰা ইংৰাজী শব্দঃ ফৰম, ফাইল, ৰেকৰ্ড, টেক্স, ছিল (Seal) নটিচ ইত্যাদি। পদবী, সম্মান, আদিৰ বিষয়ত গৱৰ্ণৰ, লাট (লৰ্ড), মিনিষ্টাৰ, ছাৰ, ডিপুটি, ডিৰেক্টৰ, কলেক্টৰ, ইঞ্চপেক্টৰ, কমিছনাৰ, ৰেজিষ্ট্ৰাৰ, চেয়াৰমেন, ভাইচ-চেয়াৰমেন ইত্যাদি।
আদালতত ইংৰাজী ভাষাৰ প্ৰচলন আৰু আইন-কানুনে ইংৰাজী ভাষাত প্ৰণয়ন আৰু বিধিবদ্ধ হোৱাত এই বিষয়ৰ ভালেমান ইংৰাজী শব্দ সচৰাচৰ প্ৰয়োগ হয়। আইন-কানুন, বিচাৰ সম্বন্ধীয় শব্দৰ ভিতৰত জ’জ, জুৰি, জুবাব, ডিক্ৰী, ফাইন, এৰেষ্ট, ওৱাৰেণ্ট, গাৰদ (lock-up) জেইল, জেইলৰ, বেইল, তৰণী, ভেণ্ডৰ (ষ্টাম্প) আদি উল্লেখনীয়।
বৃটিছৰ শাসনৰ প্ৰথম অৱস্থাত দেশ ৰক্ষাৰ ভাৰ প্ৰধানকৈ ইংৰাজ বিষয়াৰ অধীনত আছিল। সামৰিক আৰু, নৌ-বিভাগতো ইংৰাজৰ প্ৰাধান্য আছিল।