আহক আহক, বহক বহক, ৰাম ৰাম, হাঁয় হাঁয় যুৰীয় শব্দই অনুভূতিৰ
আতিশয্য বুজাইছে।
বিভিন্ন শব্দৰ সংযোগত সৃষ্ট যুৰীয়া শব্দ— সম্পূৰ্ণতা আৰু শব্দৰ অৰ্থ বিস্তাৰ বুজাবলৈ কেতিয়াবা সমান অৰ্থ বুজোৱা দুটা শব্দ একেলগে ব্যৱহাৰ কৰা হয়। যেনে—বুন্ধ-বান্ধৱ, জন-মানৱ, জাক-জমক, চিঠি-পত্ৰ, চাল-চলন, ঘৰ-গৃহস্থালি, মামলা-মোকৰ্দ্দমা, মাথা-মুণ্ড, মাল-মচলা, হাঁহি-ধেমালি, ধৰা- বন্ধা। যুৰীয়া শব্দৰ এনে এক শ্ৰেণীক সমাৰ্থ -বাচক যুগ্ম শব্দ (Translated Compound) বোলা হয়। দেশজ শব্দৰ লগত একে অৰ্থ বজুৱা অন্য এটি প্ৰতিশব্দ ব্যৱহাৰ কৰি Translated Compound বা সমাৰ্থবাচক যুগ্ম শব্দ কৰা হয়। যেনে—হাট-বজাৰ, মেল-দৰবাৰ, দৰা-কন্যা (দৰা শব্দটোৰ মূল অষ্ট্ৰিক আৰু, ইয়াৰ অৰ্থ হৈছে কন্যা); আকৌ ল’ৰা-ছোৱালী (ছোৱালী শব্দৰ মূল, ছৱাল শব্দৰ অৰ্থ হৈছে বালক), দাম-দৰ, চাকৰ-বাকৰ, দোকান- পোহাৰ, হাৱা-পানী, মান-ইজ্জত। এনে ধৰণৰ ফ্ৰীয়া শব্দৰ যোগে দ্বন্দ্ব সমাসৰো অৰ্থ প্ৰকাশ হয়।
কেতিয়াবা একে অৰ্থৰে দুটি শব্দৰ ক্ৰিয়া ব্যৱহাৰ অপপ্ৰয়োগো হয়। যথা—সমতুল, বিবিধ প্ৰকাৰ, স্বত্বাধিকাৰী, বহু-বৈচিত্ৰ্য, তৰুণ-যুৱক, স্থূল- তনু, অশ্বমেধ-যজ্ঞ ইত্যাদি।
দুটো শব্দৰ প্ৰত্যয় বেলেগ হলে ধ্বনি মাধুৰ্য্যৰ কাৰণে এটা শব্দৰ অনু- কৰণত আন এটি শব্দ গঢ়ি যুৰিয়া শব্দ সৃষ্টি কৰা হয়—ছিগা-ভগা (ছিন্ন—ভগ্ন)।
দ্বিধাভাৱ-বাচক—কিছুমান যুৰীয়া শব্দই দ্বিধা, হ্ৰাস, মৃদুতা, অসম্পূৰ্ণ - তাৰ ভাৱ প্ৰকাশ কৰে। যেনে—যাওঁ-যাওঁ, জ্বৰ-জ্বৰ, জাৰ-জাৰ, শিৰ্-শিৰ, হাঁহো-হাঁহো, কান্দো কান্দো, ভাগ্যে-ভাগ্যে, মানে-মানে, ভয়ে ভয়ে ইত্যাদি।
লাগ বা কৰ ধাতুৰ সংযোগত এনে প্ৰকাৰৰ যুৰীয়া শব্দই আগ্ৰহ বা ইচ্ছাৰ ভাৱ প্ৰকাশ কৰে—যেনে, যাওঁ যাওঁ লগাইছে, খাওঁ খাওঁ কৰিছে ইত্যাদি।
অনুকাৰ যুৰীয়া শব্দ—অনুকাৰ অনুৰূপ শব্দসমূহকো যুৰীয়া শব্দৰ ভিতৰত ধৰিব পাৰি। অনুৰূপ শব্দবোৰে সাধাৰণতে ‘ইত্যাদি’ৰ অৰ্থ বুজায়। মূল শব্দৰ আদি আখৰ ‘চ’ লৈ পৰিবৰ্ত্তন কৰি অসমীয়াত অনুৰূপ শব্দ গঢ়া হয়। যেনে—ভাত-চাত, কিতাপ-চিতাপ, কাঠ-চাঠ, খৰি-চৰি, গছ-চছ। কিন্তু মূল শব্দৰ প্ৰথম বৰ্ণ ‘চ’ হলে অনুৰূপে শব্দৰ প্ৰথম বৰ্ণ সাধাৰণতে ‘ত’ হয়; যেনে—চুলি-তুলি, চাকি-তাকি, চাহ-তাহ ইত্যাদি। এই শব্দসমূহে ‘ইত্যাদি’ অৰ্থৰ বাহিৰেও কওঁতাৰ মনৰ অন্য ইচ্ছাও প্ৰকাশ কৰে। ‘ভাত-চাত বা চাহ-তাহ দিয়া’ বুলিলে ভাত বা চাহৰ সলনি অন্য বস্তু দিলেও হব— এই ভাবো বাজায়।