৯। ধ্বন্যাত্মক শব্দ
স্বাভাৱিক ধ্বনিৰ অনুকৰণতে শব্দৰ উৎপত্তি আৰু অৰ্থৰ সৃষ্টি বুলি কোৱা হয়। কিন্তু প্ৰত্যেক ভাষাতে এনে কিছুমান অনুকৰণজাত আৰু বৰ্ণনা- সূচক শব্দ আছে যিসমূহে ভাষাৰ অভিধানত ঠাই নোপোৱাকৈ থাকে অথচ সেইবোৰ শব্দৰ প্ৰয়োগ আৰু প্ৰচলন নহলে লিখিত আৰু কথিত দুয়ো ভাষাৰে প্ৰকাশ-সৌন্দৰ্য্য ভালেখিনি নষ্ট হয়। ৰবীন্দ্ৰনাথ ঠাকুৰে এই শব্দবোৰক ‘ধ্বন্যাত্মক' শব্দ আখ্যা দিছে। ৰামেন্দ্ৰসুন্দৰ ত্ৰিবেদীয়ে তেওঁৰ ‘ধ্বনি বিচাৰ’ প্ৰৱন্ধত ধ্বন্যাত্মক শব্দসমূহৰ বিষয়ে আলোচনা কৰি এই শব্দসমূহক দেশজ শব্দৰ ভিতৰুৱা বুলি ধৰিছে। তেখেতে কয় যে—অ, আ, আ, ই, ঈ, ঈ, আৰু উ, ঊ, ঊ, হ্ৰস্ব, দীৰ্ঘ আৰু প্লুত—এই নটা ধ্বনিৰ ভিন ভিন প্ৰয়োগেই ধ্বন্যাত্মক শব্দসমূহৰ বিভিন্ন অৰ্থ প্ৰকাশ কৰে।
অন্যান্য ভাষাৰ দৰে অসমীয়া ভাষাতো এই শব্দসমূহক ব্যাকৰণত অনুকাৰ শব্দ (Echo-words) বুলি ধৰা হৈছে। ইহঁত বিশেষণ আৰু ক্ৰিয়া ৰূপে বহুল পৰিমাণে ব্যৱহৃত হয়। এই ধ্বন্যাত্মক শব্দসমূহে ধ্বনি-বৈচিত্ৰ্যেৰ কাৰ্য্য বা ঘটনাৱলীৰ মনোৰম বৰ্ণনা আমাৰ মনৰ আগলৈ আনে। প্ৰতিটো ধ্বন্যাত্মক শব্দই যি চিত্ৰ, অনুভূতি, উচ্ছাস, মনৰ ভাব প্ৰকাশ কৰিব, কোনো প্ৰতিশব্দই তেনে ভাৱ ব্যক্ত কৰিবলৈ সমৰ্থ নহয়। যেনে, কচাকচ কাটিছে, কচ্ কচ্কৈ কাটিছে, কুচ্ কুচ্কৈ কাটিছে। স্বৰ ধ্বনিৰ হ্ৰস্ব দীৰ্ঘ পাৰ্থক্যতেই ইয়াত প্ৰতিটো শব্দই বিভিন্ন চিত্ৰ দাঙি ধৰিছে।
ভালেমান ধ্বন্যাত্মক শব্দৰ সৃষ্টি হৈছে পশু পক্ষীৰ মাতৰপৰা; যেনে – কাউৰী (কা-কা), কুলি (কু-কু), কেকা (ময়ূৰ), হোৱা (শিয়াল)। দুগদুগী, জুনুক আদি অলঙ্কাৰ আৰু দুন্দুভী, ভেৰি, ডঙ্কা, পেপা আদি বাদ্যযন্ত্ৰৰ নাম ধ্বনিৰ পৰাই আহিছে। গুৰগুৰি, সুৰ, টমসুৰি,টম্ টম্, ফটক আদি বস্তুৰ নামো ধ্বনিৰপৰা উদ্ভূত।
যিবোৰ বৰ্ণনাৰ ধ্বনিৰ লগত সম্বন্ধ আছে, সেইবোৰত ধনাত্মক শব্দ প্ৰয়োগৰ কাৰণ নিৰ্দ্দেশ কৰিব পাৰি। কিন্তু ধ্বনিৰ লগত সম্বন্ধ নথকা বা অতি দূৰ সম্বন্ধ থকা বৰ্ণনাতো এনে শব্দ ব্যৱহাৰ হয়- লিকলিকীয়া জোক, ফিৰ্ ফিৰীয়া চুৰিয়া, লিংলিঙীয়া গছ, লেংলেঙীয়া গছ। কেতিয়াবা বৰণকো ধ্বন্যাত্মক শব্দেৰে প্ৰকাশ কৰা হয়—চক্চকীয়া বগা, ঢক্ঢকীয়াকৈ বগা, টিক- টিক্ কৰে ৰঙা, মেচ্ মেচ্ কৰে ক'লা।
আমাৰ শৰীৰ প্ৰায়বোৰ অসুস্থতাকে সুকীয়া ধ্বনিৰে প্ৰকাশ কৰা হয়।