চকুৰপৰা—চকুৰ কূটা, চকু গজা, চকু চৰহা, চকুত পৰা, চকু দিয়া, চকু
পকোৱা, চকু ফুৰোৱা, চকু জৰোৱা, চকু মুদা, চকু মেলি চোৱা, চকুত লগা,
চকুত বালি মৰা, আদি বাক্যাংশৰ উৎপত্তি হৈছে।
চৰ্ম্ম আৰু চামৰাৰপৰা চৰ্ম্ম-ছেদন, ডাঠ চামৰা আদি শব্দ হৈছে। চুলিয়া- চুলি, চুলিৰ আগে ধাতু যোৱা, মূৰৰ চুলিৰ সমান আয়ুস আদিৰ সম্বন্ধ চুলিৰ লগত। জিভা বা জিভাৰপৰা, – জিভা কটা, জিভাৰ পানী পৰা, জিভাৰ লৰক্-ফৰক্, আদি বাক্যাংশ হৈছে।
টেটু আৰু, ডিঙ্গিৰপৰা,—টেটুৱা, টেটুফলা, ডিঙ্গিৰ মণি, ডিঙ্গি ছিঙ্গা, আদি বাক্যাংশৰ উৎপত্তি হৈছে। তেজৰ লগত জড়িত শব্দ হৈছে,–তেজ খা, তেজস্বী, তেজাল, তেজগোড়া, তেজোময়ী, তেজৰঙা, তেজেমুখে ফটা, তেজপানী কৰা, তেজ-মঙহৰ সম্বন্ধ আদি। দাঁত উঠা, দাঁত কামোৰা, দাঁত কৰচা, দাঁত নিকটা, দাঁতৰ শূল, দাঁতে ওঁঠে লগা আদি শব্দ দাঁতৰ সংযোগত গঢ়ি উঠিছে।
দেহ-লাও, দেহ-প্ৰাণ, দেহ-ভঙ্গা, দেহে কেহে লগা, দেহ-তত্ত্ব, দেহ-বিচাৰ, আদি খণ্ডবাক্য দেহৰপৰা জন্মিছি। ধাতুৰ পৰা হৈছে,—ধাতু বাজ হোৱা, অলপ-ধতুৱা আদি জতুৱা বাক্য। নাই, নাভি, নাক, নাড়ী, নখ আদিৰ সংযোগত সৃষ্টি হোৱা শব্দ হৈছে,—নাইত তেল দিয়া, নাভি কমল, নাভি পদ্ম, নাক-কটা, নাক কোচোৱা, নাকী লগোৱা, নাকফুল, নাকৰ তলে গোজা, নখচন্দ্ৰ, নখমণি ইত্যাদি।
পেট শব্দৰ লগত সংযোগ হৈ পেট পোৱা, পেট-ভাটো, পেট দিয়া, পেট মোচা, পেট হোৱা, পেটুলী, পেটুৱা, পেটে ভড়ালে, পেটে-ভাতে খোৱা, পেটে- কঁকালে লগা আদি বাক্যাংশ গঢ়ি উঠিছে। প্ৰাণ শব্দৰ পৰা প্ৰাণ টাকি, প্ৰাণবায়, প্ৰাণাধিক, প্ৰাণান্ত আদি শব্দ হৈছে।
বাহ, আৰু বুকুৰ নামৰপৰা, – বাহুবল, বাহুযুদ্ধ, বাহুতি (এবিধ কবচ) বাহু ঢেকেৰা (মাছ), বুকু ডাঠ, বুকু ফিন্দা, বুকু পাতল, বুকুৱা, বুকুচোলা, বুকুত কাপোৰ লোৱা ইত্যাদি হৈছে। ভৰিৰপৰা সৃষ্টি হোৱা খণ্ডবাক্যৰ ভিতৰত ভৰি পথান, ভৰিত ধৰা, ভৰিত পৰা, পেটতে হাত ভৰি লুকুৱা, আদি বিশিষ্ট অৰ্থ বুজুৱা শব্দ গঢ়ি উঠিছে। ইয়াৰ লগতে পদসেৱা, পদাতিক, পদানত শব্দৰ উল্লেখ কৰিব পাৰি।
মঙহ আৰু মূৰ শব্দৰপৰা মঙহ খোৱা, মঙহ ধৰা, মঙহ গাঁঠি, মঙহাল, আৰু মূৰ খা, মূৰ পৰা, মূৰ মৰা, মূৰ ডঙ্গা, মূৰ পুতি লগা, মূৰে কপালে হাত দিয়া আদি বাক্যাংশৰ সৃষ্টি হৈছে।
মুখ শব্দৰপৰা হোৱা শব্দ—মুখলৈ চোৱা, মুখ ওফোন্দোৱা, মুখৰ কথা, মুখা, মুখাল, মুখস্থ, মুখিয়াল, মুখা-মুখি, মুখশুদ্ধি, মুখ-ভেঙ্গচালি,