বৈশ্বানৰে সমস্তকে দগ্ধ কৰে।) তুলা, ঘিউ, শুকান-বাঁহবনৰ সংযোগত অগ্নিৰ
শক্তি বাঢ়ে; সেই বিষয়েও উপমা আছে। শূৰ্পণখাৰ লগনীয়া কথাত ৰাৱণৰ
‘ক্ৰোধ বৰ ভৈল, যেন ঘৃত পাই অগ্নি জ্বলি গৈল।’ ৰামৰ শোকত কৌশল্যাৰ
‘সন্তাপে পোৰন্ত যেন তুলাত অগ্নি।’ অন্য প্ৰসঙ্গত আছে—‘বিস্তৰ তুলাত
যেন অগ্নি লাগিল। বিভীষণৰ সত্য পৰামৰ্শত ৰাৱণৰ খঙ চৰিল, যেন, ’শুকান
তৃণত অগ্নি লাগিয়া গৈলা’। অগ্নিত পতঙ্গৰ জাহ আৰু বাঁহবনত জুই লগা
সাধাৰণ চিত্ৰ। ৰামৰ শৰৰ সমুখলৈ খৰ ৰাক্ষস আগ বাঢ়ি অহা দৃশ্য যেন—
‘জ্বলন্ত অগ্নিত পতঙ্গৰ ঝাস’। ৰামৰ শৰে খৰক সমূলে ধ্বংস কৰিলে ‘যেহেন বহ্ণি লাগি পুৰিল বাশবন।’
প্ৰাকৃতিক বিষয়ৰ ভিতৰত মেঘক লৈ অলেখ উপমা আৰু কাব্য-ৰীতিৰ সৃষ্টি হৈছে। ৰামায়ণৰ কবিয়ে মেঘৰ সৌন্দৰ্য্যৰ উল্লেখ বহু ক্ষেত্ৰত কৰিছে। অযোধ্যাৰ ৰাজ-প্ৰাসাদৰ সীতা ‘শ্বেত মেঘ’; শিংসপা বৃক্ষৰ মূলত ৰাক্ষসিনী- সকলে বেঢ়ি থকা সীতা যেন ‘মেঘে ঢাকি থকা সৰ্ব্বোত্তম তাৰা’। মেৰু পৰ্ব্বত মেঘৰ আশ্ৰয় স্থান। সুৱৰ্ণমণ্ডিত ৰথত আৰোহণ কৰা খবৰ তুলনা ——মেৰুৰ শিখৰে যেন কাল মেঘখন,’ অথবা ‘কাল পৰ্ব্বতত চলা মেঘখন’। খৰ দূষণে ৰামক আক্ৰমণ কৰাৰ প্ৰসঙ্গত আছে ‘মেৰুক বেঢ়িয়া যেন বাৰিষাৰ মেঘ’। বিভিন্ন ঋতুত মেঘৰ বিবিধ ৰূপ আৰু বিচিত্ৰ বৰণ; সেই বিষয়েও নানা উপমা আৰু বাক্য-ৰীতি গঢ়ি উঠিছে। ৰাৱণৰ বাণ-বৰ্ষণৰ তুলনা—‘সূৰ্য্যক ঢাকিলা যেন শ্ৰাৱণৰ মেঘে’। হনুমন্তৰ আগত ধম্ৰাক্ষৰ তৰ্জ্জন গৰ্জ্জন ‘শৰতকালৰ মেঘৰ মিছা গৰ্জ্জন’। মেঘ আৰু ময়ূৰৰ প্ৰণয়-প্ৰণয়িনী সম্বন্ধীয় বাক্য-ৰীতি হৈছে ‘মেঘৰ গৰ্জ্জন শুনি মৈৰা কৰে নাদ’।
ঋতু আৰু মাহৰ নামেও উপমাৰ সৃষ্টিত যোগান ধৰিছে। হাতত ধনুৰ্ব্বাণ ধৰি যুদ্ধ-যাত্ৰাৰ ৰাৱণৰ ভয়ঙ্কৰ মূৰ্ত্তিক গ্ৰীষ্মকালৰ ভৰ-দুপৰীয়াৰ প্ৰচণ্ড সূৰ্য্যতাপৰ লগত তুলনা কৰা হৈছে—
যেন গ্ৰীষ্মকালে দুতয় প্ৰহৰে
প্ৰচণ্ড ৰবিৰ জ্যোতি।
চক্ষুক মেলিয়া নয়ন ভৰিয়া
চাহিবাক অশকতি॥
ৰাম-লক্ষ্মণক আক্ৰমণ কৰিবলৈ অহা শূৰ্পণখাৰ নিশাচৰবৰ্গই ‘শ্ৰাৱণৰ মেঘে যেন ঢাকিল গগন’। ৰাম-ৰাৱণৰ শৰ-সন্ধানত যুদ্ধস্থান ‘কুহুৰি ঢাকিল যেন পৌষ যে মাসৰ’।
প্ৰাচীন অসমীয়া সাহিত্যত সাগৰ-বৰ্ণনাৰ প্ৰাচুৰ্য্য নাই। অসম দেশৰ ভৌগলিক পৰিস্থিতি আৰু কৱিৰ প্ৰত্যক্ষ পৰিচয়ৰ অভাৱেই ইয়াৰ কাৰণ। সাগৰ সম্বন্ধীয় উপমাসমূহ ঘাইকৈ সংস্কৃত সাহিত্যক অনুকৰণ কৰিয়েই