সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
অসমীয়া ভাষা আৰু সংস্কৃতি


পিছত ৰাম আৰু সীতাই অযোধ্যাৰ প্ৰাসাদত আৰোহণ কৰা দৃশ্য—‘ভাৰ্য্যা সমে সূৰ্য্য যেন থিত অস্তগিৰি’। বনবাসৰ আজ্ঞাত ৰামৰ মুখে ‘গধূলি কালৰ দিনকৰ প্ৰভায়ে ভৈলা বিহীন’। যুদ্ধ ক্ষেত্ৰত ৰাম লক্ষণ দুয়োৰে মাজত ৰাৱণক ‘চন্দ্ৰ সূৰ্য্য কোলে যেন দেখিলন্ত ৰাহু’।

 গ্ৰহ-নক্ষত্ৰৰ ভিতৰত চন্দ্ৰই প্ৰাচীন কালৰেপৰা মানুহৰ মনক আকৰ্ষণ কৰিছে। সেই দেখিয়েই সকলো দেশৰ পূৰণি উপকথা, লোকগীত, প্ৰৱচনত চন্দ্ৰৰ উল্লেখ আছে। অসমীয়াতে জোনবায়ে তৰা এটি দিয়া’-নিচুকনি গীতটিয়েই এই কথাৰ পৰিচায়ক। প্ৰাচীন ভাৰতীয় সাহিত্যত কমনীয় আৰু ৰমণীয়ৰ দৃষ্টান্ত স্বৰূপে সততে চন্দ্ৰক উপমা লোৱা হয়। নাৰীৰ সৌন্দৰ্য্যৰ দৃষ্টান্তত চন্দ্ৰৰ নামৰ অধিক প্ৰয়োগ আছে। অযোধ্যানগৰৰ ‘ৰমণীৰ বদন নিৰ্ম্মল শশধৰ’। বিৱাহৰ পিছত ৰামৰ লগত সীতাৰ অযোধ্যা প্ৰৱেশ ‘চন্দ্ৰৰ উদয়ে যেন কুমুদ প্ৰকাশ’। সীতাৰ সম্মুখত অযোধ্যাৰ পুৰনাৰীসকলৰ সৌন্দৰ্য্য ম্লান পৰিল যেন, ‘পূৰ্ণচন্দ্ৰ উদয়ে নজ্বলয় তাৰা’। ৰামে সতীত্বত সন্দেহ কৰাত সীতাৰ ‘শ্ৰীহানি ভৈলা মুখে মলিন চন্দ্ৰ’। উৰ্ম্মিলাৰ শৰীৰ কান্তিয়ে ‘চন্দ্ৰতো কৰি বলে’, আৰু মুখৰ সৌন্দৰ্য্যই পূৰ্ণিমাৰ সৌন্দৰ্য্যক জয় কৰে (পূৰ্ণ চন্দ্ৰ জিনি মুখ পদ্ম সমসৰ)।

 কোনো কোনো ক্ষেত্ৰত পুৰুষৰ ৰূপৰ লগতো চন্দ্ৰৰ পটন্তৰ দিয়া হয়। অযোধ্যাৰ প্ৰাসাদৰপৰা ৰাম ওলাই অহা দৃশ্যটো ‘তিমিৰ ফাৰিয়া শ্বেত মেঘহন্তে যেন পূৰ্ণ শশধৰ’। নিকুম্ভ নিশাচৰৰ ৰূপ ‘শৰত কালৰ যেন সম্পূৰ্ণ চন্দ্ৰক সম’। বনবাসৰ নিৰ্ম্মম আজ্ঞায়ো ৰামৰ মুখ মলিন কৰিব নোৱাৰিলে— 'ৰাত্ৰি যেন চন্দ্ৰকান্তি নকৰে মলিন'। খৰ-দূষণক বধ কৰি শত্ৰুৰ কৱলৰপৰা ৰাম অধিক দীপ্তিত মুক্ত হল—‘ৰাহুত মুকুত যেন পূৰ্ণিমাৰ শশী'। অনুসৰণ কৰা মায়া-মৃগ মাজে মাজে গছ-গছনিৰ হেতু ৰামৰ চকুৰ অগোচৰ হোৱা দৃশ্য ——খণ্ড খণ্ড মেঘে যেন চন্দ্ৰক ঢাকিল’। বনলৈ যাবলৈ ওলাই লক্ষ্মণে প্ৰতিজ্ঞা কৰিছে—‘জিনিবে শত্ৰুক চন্দ্ৰক যেন ৰাহু’। আপদ কালতো চন্দ্ৰই নিজৰ গুণ ত্যাগ নকৰে; সেই কথা ৰামৰ বনবাসৰ শোকতো দশৰথৰ মুখৰপৰা মধুৰ বাণী প্ৰকাশ হোৱাৰ লগত তুলনা কৰা হৈছে—'ৰাহুগ্ৰস্ত হুয়া পূৰ্ণচন্দ্ৰে অমৃত তেজে দুধাৰ’।

 সেন্দৰ্য্য সম্বন্ধীয় উপমাত তৰা আৰু বিজুলীৰ প্ৰয়োগ আছে। ৰামৰ বনবাসৰ পূৰ্ব্বে ‘বসিলা ৰাজাক (দশৰথক) বেঢ়ি ৰমণীসকলে। চন্দ্ৰক বেঢ়িয়া যেন তৰাগণ জ্বলে’। সীতাৰ বন গমনত নাৰী সকলৰ ক্ৰন্দন-যেন হিমগিৰিত পৰিল তৰাগণ’। ৰাম বনলৈ যোৱাত অযোধ্যাৰ প্ৰজাসকল—‘দিবসৰ তৰা যেন দীপিত বিহীন’। প্ৰখৰ উজ্জ্বলতা বুজোৱাতো তৰা উপমান। কৈকেয়ীৰ প্ৰতি ক্ৰোধত লক্ষ্মণৰ— ‘তৰা যেন ৰক্ত নয়ন দুই ফুৰে’।