সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
অসমীয়া শব্দ-গঠনত নামবাচক শব্দ


বিশেষভাৱে সমাদৃত হোৱাৰ হেতু, তেওঁলোকৰ ৰূপ-গুণ, বল-পৰাক্ৰমৰ বিষয়ে সাধাৰণৰ মনত কিছু ধাৰণা কল্পনা পূৰ্ব্বৰেপৰা আছে। বৰ্ণনীয় বিষয়-বস্তুৰ উপলব্ধি সহজ কৰিবলৈ প্ৰাচীন কৱিসকলে সেই নামবোৰ উপমাস্বৰূপে গ্ৰহণ কৰে। এই সম্বন্ধে ৰামায়ণৰপৰা উদ্ধৃত কৰি দিয়া হল।

 সুৱৰ্ণখাটত বহি থকা ৰাম আৰু তেওঁৰ কাষতে শ্বেত চামৰ ধৰি থকা সীতাৰ লগত কৱিয়ে তুলনা কৰিছে।

মেৰু গিৰি শিখৰত যেন বাসুদেৱ।
ধৱল কমল ধৰি লক্ষ্মী কৰে সেৱ॥

 বনবাসৰ আজ্ঞা শুনি ৰামৰ ওচৰত সীতা থিয় দি থকাৰ বৰ্ণনা একাধিক আখ্যানৰ সহায়ত ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছে—

বিষাদে মনত শিৱৰ আগত
 যেহেতু দেৱী পাৰ্ব্বতী।
যেহেন মহাদেৱ দহিলা কামক
 বিলাপ কৰন্ত ৰতি॥

 বনলৈ যাবলৈ ওলাই সীতাই কৈছে, তেওঁ বনত ৰামৰ লগত ভ্ৰমণ কৰিব ‘যেহেন স্বৰ্গত শচী দেৱী দেৱৰাজ’। কৈকেয়ী আৰু কৌশল্যা দুয়ো দশৰথৰ দুই কাষে আছে, ‘কশ্যপক বেঢ়ি যেন দিতি যে আদিতি।’

 কৈকেয়ীয়ে ‘ছল পাশে কৰিলেক নৃপতিক বন্দী। বামনে বলিক যেন নানা বোলে ছন্দি।’

 শূপৰ্ণখাই সীতাক আক্ৰমণ কৰিবলৈ খেদি আহিল ‘ৰাহুৰ ভাৰ্য্যায়ে যেন ৰোহিণীক ধাইল’। সতী তিৰোতাৰ কৰ্ত্তব্যৰ বিষয়ে অনশূয়াক সীতাই দৃষ্টান্ত দিছে—‘সত্যৱতী ৰমণী সাৱিত্ৰী যেন সতী। চন্দ্ৰৰ ৰোহিণী, বশিষ্ঠৰ অৰুন্ধতী।’

 সূৰ্য্য শক্তি আৰু প্ৰভাৱ, চন্দ্ৰ কমনীয়তা আৰু স্নিগ্ধতাৰ প্ৰতীক। হেম- সিংহাসন স্থিত ৰজা দশৰথ ‘উদয়গিৰিত যেন জলন্ত আদিত্য।’ উজ্জলতাত অযোধ্যাৰ ৰমণীসকলৰ ‘কুণ্ডল যুগল সুবলিত দিনকৰ’; সীতাৰ দুই কুণ্ডলৰ জ্যোতি ‘যেন সূৰ্য্যৰ উপমা’। সূৰ্য্যৰ প্ৰচণ্ড তাপে নদীৰ পানী শোহা দৃশ্যৰ লগত ৰামৰ বনবাসত দশৰথ কৌশল্যাৰ অৱস্থা তুলনা কৰা হৈছে—‘শোকে সৰ্ব্বক্ষণ ৰৱিৰ কিৰণে যেন শোষে সৰোবৰ।’ অযোধ্যা নদীত দশৰথ জল, কৈকেয়ী ৰবিজাল (অযোধ্যা নদীত ভৈলা দশৰথ জল, কৈকেয়ী ৰবিজালে শুষিল সকল)। অন্য এটি পদত কৈকেয়ীক প্ৰচণ্ড সূৰ্য্যৰ লগত ৰিজোৱা হৈছে—‘কৈকেয়ী প্ৰচণ্ড সূৰ্য্য জলিল তৰাস, পুত্ৰ তবু ছাঁয়াত কৰিলো বৰ আশ।’ (দশৰথে কৈছে)। ৰামৰ বনবাসত দশৰথৰ মুখে ৰাহুগ্ৰস্ত সূৰ্য্যৰ দৰে অন্ধকাৰ হল (ৰাহুগ্ৰস্ত হৈলে, নজ্বলয় অতি কিৰণ যেন সূৰ্য্যৰ)। বিবাহৰ