ধোদৰ পচলা, ঢোকাতে কল ৰোৱা, ভুকুতে কল পকা, খাই পাত ফলা, পচলা
কটা দিয়া, পটুৱা চিৰা (কল গছৰ লগত সম্বন্ধ); তামোল পাণকটা, তামোল-
পাণৰ শৰাই আগবঢ়োৱা, থুৰীয়া তামোল দিয়া, নলগা তামোলত জেং বন্ধা,
(তামোলৰ লগত সম্বন্ধ); অকাল কুষ্মাণ্ড, চিকুটি লাও বুঢ়া কৰা, যিমানে
লাও বৰ নহওক তেও পাতৰ তল, লাওপাত কচুপাত, পথালি কোমোৰা, বাৰীত
তিতা লাও গজা (লাওৰ লগত সম্বন্ধ), কোমল ধুন্দুলি, উৰহি গছৰ ওৰ,
ঔৱে গল খজুৱা (আপদ কালত –), ঔ পৰা (পিঠিত—), কচুপাতৰ পানী,
ঢেৰুৱা ঠাৰি সিজুৱা, বাবৰি ফুল বছা (পিঠিত—), যি মূলা বাঢ়িব তাৰ
দুপাততে চিন আদি সদা সৰ্ব্বদা ব্যৱহাৰ কৰা বাক্য-ৰীতি আৰু পটন্তৰ
সাধাৰণ ফল-মূলৰ নামৰপৰা উদ্ভৱ হৈছে। এই শাৰী শব্দমালাৰ ভিতৰতে
উলুৰ লগত বগৰি, গছত কঠাল ওঁঠত তেল, উভলা গছত বাগি কুঠাৰ, হলা
গছ, গছত তুলি গুৰি কটা, চোতালৰ আগৰ দূবৰি, অচিন কাঠৰ থোৰা,
পনিয়াল পিটিকা দিয়া, গাত চোৰাত মেলা, নিলাজী বন জয় যোৱা,
দুপতীয়াতে জয় পৰা, পকাধানে বাট দিয়া, মাহৰ মাৰ দেখি তিলে বেত
মেলা, তৰা নৰা ছিঙা, তৰাৰ ফৰ্মুটি আদি প্ৰৱাদ-বচন সমূহো পৰে।
পৰিমাণ বুজোৱাত বেল, তিল (বেল পৰিমাণ বাঢ়ে, তিল পৰিমাণ টুটে),
মাহ, বাঁহ (বাঁহৰ আগ তল যোৱা পানী), আদিৰ বিশিষ্ট অৰ্থ দ্যোতক স্বৰূপে
প্ৰয়োগ আছে। বৰণ বুজোৱাত পকা থেকেৰা (–মুখ), সুমথিৰা, কলপাত
(কলপতীয়া), কেহঁৰাজ আদি ফল-পাতৰ নাম সততে ব্যৱহাৰ হয়।
প্ৰাচীন অসমীয়া সাহিত্যত এই নামবোৰে বিচিত্ৰ বাক্য-ৰীতি আৰু মনোৰম উপমা সৃষ্টিত যোগান ধৰিছে। এই প্ৰৱন্ধত তাৰে কিছু উদাহৰণ উদ্ধৃত কৰা হব। উদাহৰণ সমূহ মাধৱ কন্দলিৰ ৰামায়ণৰপৰা চয়ন কৰা হৈছে। কন্দলিৰ ৰামায়ণক অধিক নিৰ্ভৰ কৰাৰ কাৰণ হৈছে সংস্কৃতৰ দৰে অসমীয়া ভাষাতো এইখনি আদি কাব্য। এই কাব্যক প্ৰাচীন অসমীয়া শব্দৰাজিৰ প্ৰয়োগ ৰচনা- বিশিষ্ট অভিধান বুলিও আখ্যা দিব পাৰি। শঙ্কৰদেৱ আদি পৰৱৰ্ত্তী কবি- সকলে এই অফুৰন্ত শব্দ-ভাণ্ডাৰৰ পৰা স্বৰ্ণোজ্জ্বল শব্দৰাজি আহৰণ কৰি নিজ কাব্য-সৌন্দৰ্য্য মহীয়ান কৰি গৈছে। কন্দলিৰ ৰামায়ণৰ সৰহ ভাগ উপমা সংস্কৃতৰ প্ৰভাৱত গাঢ়ি উঠিছে যদিও অপ্ৰমাদী কৱিয়ে তাত দেশ-ভাষাৰ সাজ- পাৰ পিন্ধাই জাতে-পাতে অসমীয়া কৰিবলৈ সক্ষম হৈছে।
প্ৰাচীন সাহিত্যত ব্যৱহৃত হোৱা উপমা আৰু প্ৰবচনসমূহ ঘাইকৈ চাৰি শ্ৰেণীত ভাগ কৰিব পাৰি-প্ৰথম, দেৱ-দেৱী, গ্ৰহ-নক্ষত্ৰ, ঋষি-মুনি, পুৰাণ- আখ্যানৰ ব্যক্তি; দ্বিতীয়, প্ৰাকৃতিক জগতৰ বস্তু (পৃথিৱী, পৰ্ব্বত, সাগৰ, নদ-নদী, গছ-গছনি ইত্যাদি); তৃতীয়, জীৱ-জন্তু সম্বন্ধীয়; চতুৰ্থ, মানৱ জগত। দেৱ-দেৱী, ঋষি-মুনি সম্বন্ধীয় আখ্যান-উপাখ্যান সমাজৰ মাজত