কেলি কৰে যেন সৰোবৰ মাজে (কুঁজীৰ প্ৰসঙ্গত); ঢোল যেন ডিমা পাৰে
চুঙ্গাৰ বাদুলি (সীতাই হনুমন্তক); ক্ষুদ্ৰ পক্ষী হুইয়া ধৰে দেহ গৰুড়ক
(সীতাই ৰাৱণক); গৰুড়ৰে কাকৰে যেহেন পটন্তৰ (সীতাই বাৱণক)।
ভেকুলী, পোক-পৰুৱাৰ নাম সংযোজিত হৈয়ো ভালেমান বাস্তৱধৰ্ম্মী উপমাৰ সৃষ্টি হৈছে। যেনে-বেঙ হুইয়া তেৰঞ্চৰ আগত মিলস (সীতাই ৰাৱণক); গুণ্ডকুৰি পৰুৱাই হাতীগোট গিলে (সীতাই হনুমন্তক); ঢোলৰ ভিতৰে যেন নিগনিয়ে পশি (হনুমন্তৰ লঙ্কা প্ৰৱেশত); পতঙ্গক যেন মতে অগনি ভূঞ্জিল (ৰাৱণে ৰামৰ শৰ ছেদনত); বহ্ণিকুণ্ড মাজে যেন পতঙ্গৰ জাস (সীতাই ৰাৱণক ককৰ্থনাত)।
মাছ, কাছ, মগৰ, কুম্ভীৰৰ নাম সংযোগত বহু বাক্য-ৰীতি গঠিত হৈছে। এইবোৰত প্ৰকাশ পোৱা চিত্ৰই জলচৰ প্ৰাণী সম্বন্ধে প্ৰত্যক্ষ জ্ঞানৰ পৰিচয় দিয়ে। যেনে, অলপ জলত মৎস্য যেন মত বাহুৱে সূৰ্য্য প্ৰভাৱে (ভৰতে ৰামক); প্ৰজা মৎস্য কচ্ছপ তৰত পৰি মৰে, ৰাম শোকে মৎস্যৰঙ্গে খেদি খেদি ধৰে (অযোধ্যাৰ প্ৰজাৰ বিষয়ত); দোংকা দোংকা পৰে বুঢ়া হাতৰ চেঙেলি (বালিয়ে ৰাৱণক); সাগৰত যেন মৎস্য মাৰিল মগৰে (হনুমন্তই ৰাৱণৰ সেনা ধ্বংসত); তপত খোলাত দিলে যেন মংস্য মৰে (হনুমন্ত্ৰৰপৰা সীতাই পঠোৱা মণি পাই ৰামৰ অৱস্থা); মৎস্যসৱ পলাই যেন কুম্ভীৰৰ ঘাৱে (ৰামৰ আক্ৰমণত)।
জাতীয় জীৱন, জাতিৰ ৰস-গ্ৰহণৰ ক্ষমতা আৰু বাস্তৱ অনভূতিক মূল কৰিয়েই জাতিৰ ভাষাই স্বকীয় ৰূপ গ্ৰহণ কৰে। এই কাৰ্য্যত বিচিত্ৰ বাক্য- ৰীতিসমূহৰ অমূল্য দানো বিশেষ লক্ষ্য কৰিবলগীয়া। জীৱ-জন্তুৰ নামে অসমীয়া ভাষাৰ কেৱল শব্দ-সম্পদকে বঢ়োৱা নাই, ভাষাৰ প্ৰকাশ ভঙ্গিমাৰ স্বতঃস্ফূৰ্ত্ত কৰি সহজে উপলব্ধি কৰিব পৰা কৰি তুলিছে।