সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
অসমীয়া ভাষা আৰু সংস্কৃতি


পিছত সেই শব্দকে গ্ৰহণ কৰে। কলা-বিজ্ঞানৰ কোনো শাখাৰ বিশেষ চৰ্চ্চাৰ হেতু কোনো এক ভাষাত কিছুমান প্ৰয়োজনীয় শব্দ-সঙ্কেত বা শব্দ-মালাৰ সৃষ্টি হয়। নিজ ভাষাৰ সাংস্কৃতিক উন্নতিৰ অৰ্থে অন্য ভাষাই এই শব্দ-মালা যথাযথভাৱে ধাৰ কৰিবলৈ বাধ্য হয়। ইউৰোপীয় ভাষাসমূহে অঙ্ক আৰু জ্যোতিষ শাস্ত্ৰৰ বহুখিনি শব্দ এই হেতুকে আৰবী ভাষাৰপৰা গ্ৰহণ কৰিব লগা হৈছিল। Alphabet শব্দটোৱেই আৰবীৰপৰা উদ্ভৱ হৈছে। জ্ঞান-বিজ্ঞানৰ চৰ্চ্চা বহল হোৱাত আধুনিক অসমীয়া ভাষাই এই কাৰণে বৰ্ত্তমান ভালেমান ইউৰোপীয় শব্দ গ্ৰহণ কৰিছে।

 কিন্তু প্ৰয়োজনেই ধাৰ কৰাৰ সৰ্ব্বপ্ৰধান কাৰণ নহয়। কেতিয়াবা মানুহে নিজক মাৰ্জ্জিত ৰুচিসম্পন্ন বুলি পৰিচয় দিবলৈও কথা-বাৰ্ত্তা কওঁতে প্ৰচুৰ পৰিমাণে অপ্ৰয়োজনীয় বিদেশী শব্দ ব্যৱহাৰ কৰে। এলাহ আৰু মাতৃভাষাত সম্যক ব্যুপত্তি নথকা হেতুকেও বিদেশী ভাষাৰপৰা ধাৰ কৰিবলৈ মানুহৰ প্ৰবৃত্তি জন্মে। ইংৰাজী ভাষা-সাহিত্যৰ যোগে লব্ধ জ্ঞান সহজ মাতৃভাষাত অনুবাদ কৰি প্ৰকাশ কৰিবলৈ এলাহ কৰি নতুবা অসমৰ্থ হৈ কোনো কোনো শিক্ষিত মানুহে নিজৰ অজ্ঞাতসাৰেই এই ৰীতি অনুসৰণ কৰে। নিজৰ মাতৃভাষাৰ শব্দাৱলী আৰু, গঠনৰ লগত বিশেষ পৰিচয় নথকা অনুবাদসকলৰ অৱহেলা আৰু ক্ৰুটিৰ হেতুও বিদেশী শব্দৰ আগমন হয়।

 বিদেশী ভাষাৰপৰা প্ৰধানতে বিশেষ্য, বিশেষণ, ক্ৰিয়া আদিৰ সম্পূৰ্ণ ৰূপেহে ধাৰ কৰা হয়; সৰ্ব্বনাম, উপসৰ্গ, অব্যয়, সহায়ক ক্ৰিয়া আদি গ্ৰহণ কৰা নহয়। প্ৰতি ভাষাৰে ব্যক্তিসূচক আৰু নিৰ্ণয়সূচক সৰ্ব্বনামসমূহ ভাষাৰ শৈশৱ অৱস্থাৰপৰা তাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকে। নতুন শব্দ যিমানেই সুশ্ৰাব্য আৰু সুন্দৰ নহওঁক এই চিৰপৰিচিত সৰ্ব্বনামসমূহক দূৰ কৰিবলৈ তাৰ শক্তি নাই। বিদেশী সংখ্যাবাচক শব্দসমূহৰো অন্য ভাষাত প্ৰৱেশ অধিকাৰ নাই।

 এই ধাৰ কৰা শব্দত সাধাৰণতে, মূল ভাষাৰ প্ৰত্যয় বা বিভক্তি সংযোগ নহয়। যি ভাষালৈ আহে, সেই ভাষাৰ সাধাৰণ প্ৰত্যয় আদিয়ে তাৰ লগত যোগ হয়। বিদেশী ভাষাই অন্য ভাষাৰ ব্যকৰণৰ ওপৰত নিচেই সামান্য প্ৰভাৱ বিস্তাৰ কৰিবলৈহে সমৰ্থ হয়। বিদেশী শব্দসমূহৰ উচ্চাৰণৰ নতুন ভাষাত বিকৃতি ঘটে। কোনো কোনো ক্ষেত্ৰত বিদেশী ভাষাই অন্য ভাষাৰ বাক্য-ৰীতি আৰু, জন্তুৱা খণ্ড-বাক্যৰ ওপৰত ক্ৰিয়া কৰে। উদাহৰণ স্বৰূপে কব পাৰি যে আমেৰিকান বেপটিষ্ট মিছনেৰী সকলৰ প্ৰভাৱত আধুনিক অসমীয়া ভাষাৰ গদ্যৰীতিৰ ভঙ্গিমা বাইবেলৰ ইংৰাজী বাক্য-ৰীতিৰ সাঁচত গঢ় লৈ উঠিছে।