+মিল=গড়মিল, বে+ৰসিক=বেৰসিক। ফাৰ্চ্চী শব্দৰ সংযোগত এনে ধৰণৰ ভালেমান সমাসসিদ্ধ মিহলি শব্দৰ সৃষ্টি হৈছে। যেনেঃ জেপ-ঘড়ি, মম্- বাতি, ৰাজ-মহল, ৰং-মহল, বজাৰ-ভাও। অৰ্থ অধিক স্পষ্ট কৰিবলৈ একে অৰ্থৰ দুই ভাষাৰ দুটা শব্দ (এটা ফাৰ্চ্চীৰ) যোগ কৰি কৰা শব্দ হৈছে— ধন-দৌলত, হাট-বজাৰ, খত-পত্ৰ, লাজ-চৰম, ৰাম-ৰহিম, হাল-চাল, তুলা-তৰ্জ্জু। কেতিয়াবা আৰবী-ফাৰ্চ্চী শব্দত অসমীয়া প্ৰত্যয়, শব্দ বা শব্দৰ যোগ কৰি নতুন পদ কৰা হয়। যেনে, বজৰুৱা জেপ-লুৰুকা, চৌ-হদ ইত্যাদি।
অসমীয়া শব্দত বিদেশী প্ৰত্যয় অথবা অন্য শব্দ যোগ হৈও মিশ্ৰ শব্দৰ সৃষ্টি কৰিছে। যেনে—গাৰোৱান, কচোৱান, দাৰোৱান, (আছে বা থকা অৰ্থত আন বা ৱান প্ৰত্যয়); ডাক্তৰখানা, ছপাখানা, বৈঠকখানা (স্থান বা দোকান অৰ্থত খানা প্ৰত্যয় সংযোগ); কাৰিকৰ, বাজিকৰ, সদাগৰ (কৰা অৰ্থত গৰ বা কৰ সংযোগ); ঘোচখোৰ, হাৰামখোৰ, সুদখোৰ, (খোৱা অৰ্থত খোৰ); বাবুগিৰি কেৰাণীগিৰি (ব্যৱসায় অৰ্থত গিৰি); গালিচা, দলিচা, বাগিচা, নলিচা, খাজাঞ্চি, ডেগচী (আধাৰ অথবা ক্ষুদ্ৰ অৰ্থত চা, চি, চী); ফলদানী, চাহদানী, পিকদানী (আধাৰ অৰ্থত দানী); মৌজাদাৰ, চৌকিদাৰ, অংশীদাৰ (ধাৰক বা কৰ্ত্তা অৰ্থত —দাৰ); নকল-নবিশ, (লেখক অৰ্থত); চিঠা-বন্দী, জবানবন্দী (গৃহীত অৰ্থত বাদ বা বন্দী); মোক্তাৰনামা, ওকালতনামা (নাম সংযোগত); দগাবাজ (-বাজ) বঙ্গীন, চৌখীন (ঈন বা ইন); আৰবী-ফাৰ্চ্চী উপসৰ্গৰ যোগত হোৱা শব্দঃ বদ-নাম, ব-কলম, ব-নাম (vursus), বে-ইজ্জত, গৰ-ৰাইজ, গৰ-হাজিৰ, গৰ-কাপ্তানি।
ওচৰ-বচুৰীয়া ভাষাৰ লগত সম্বন্ধহীন হৈ কোনো ভাষা স্বতন্ত্ৰৰীয়া ভাৱে থাকিব নোৱাৰে। ৰাজনৈতিক, সাংস্কৃতিক আৰু, ধাৰ্ম্মিক-প্ৰভাৱৰ হেতু এটা ভাষাই আন এটা ভাষাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা স্বাভাৱিক নিয়ম। কিন্তু এইখিনিতে এটা বিশেষত্ব মন কৰিবলগীয়া। সাধাৰণতে মানুহে বিদেশী ভাষা শিকি সেই ভাষাত কথা-বাৰ্ত্তা কওঁতে তাৰ মাজত নিজ ভাষাৰ শব্দ যাতে ব্যৱহৃত নহয়, সেই বিষয়ে বিশেষ সতৰ্ক আৰু সজাগ হয়; কিন্তু নিজভাষা কওঁতে এই ৰীতিৰ বিপৰীত ঘটে, অৰ্থাৎ অসমীয়া মানহে ইংৰাজী কথোপকথনৰ মাজত অজ্ঞাতসাৰেও অসমীয়া শব্দ বা জতুৱা খণ্ড-বাক্য ব্যৱ- হাৰ নকৰে। কিন্তু অসমীয়াত কথা-বতৰা হওঁতে বাধাহীন আৰু নিঃসঙ্কোচভাৱে ইংৰাজী ভাষাৰ শব্দ প্ৰয়োগ কৰি নিজৰ বিদ্যা আৰু শিক্ষাৰ পৰচিয় দিয়ে।
এটা ভাষাই অন্য এটা ভাষাৰপৰা, ঘাইকৈ প্ৰয়োজনৰ বশৱৰ্ত্তী হৈ শব্দ ধাৰ কৰে। কোনো এখন দেশত নতুনকৈ এটা বস্তু উৎপন্ন হলে, অথবা অন্য দেশত নেদেখা বা নেহোৱা পশু, পক্ষী, গাছ-লতা আদি প্ৰাকৃতিক বস্তু আৱিষ্কাৰ হলে তাৰ নাম প্ৰথমে সেই দেশৰ ভাষাত ৰখা হয়; অন্য ভাষাই