মূল শব্দ |
মূল অৰ্থ |
অসমীয়া অৰ্থ |
ইউৰোপৰপৰা শব্দবোৰ সাধাৰণতে ইংৰাজী বা অন্য ভাৰতীয় ভাষাৰ
যোগেদি অসমীয়া ভাষাত সোমাইছে। ইয়াৰ ভিতৰত পৰ্তুগীজৰপৰা অহা
শব্দবোৰ ঘাইকৈ বঙ্গলাৰ যোগেদি আমাৰ ভাষালৈ আহিছে। অসমীয়া ভাষালৈ
ৰূপান্তৰিত হওঁতে মূল শব্দৰ গঢ় ভালেখিনি লৰিছে। অসমীয়া ভাষাত প্ৰচলিত পৰ্তুগীজৰপৰা অহা শব্দৰ ভিতৰত জানালা, বুটাম, বাল্টি, গীৰ্জ্জা, ফিটা, ফৰ্ম্মা, মিস্ত্ৰী, পাউৰুটি, পিপা, বাৰান্দা, কফি, ইস্পাত, পিস্তল, আয়া, বেহেলা, বোমা, মাৰ্কা, চালচা, আলমাৰি, আনাৰস, চাবি, কেৰাণী, বয়স, নীলাম, বিন্তি তাচখেলা, কামিজ ইত্যাদি।
বিদেশীৰপৰা অহা শব্দাৱলীৰ ভিতৰত আধুনিক যুগত ইংৰাজীৰপৰা অহা শব্দৰ তালিকাই দীঘলীয়া। বৃটিছ শাসনৰ লগে লগে ভালেমান ইংৰাজী বস্তু, ভাৱ, অনুষ্ঠান, আদি অসমলৈ আহিল। এইবোৰ নিৰ্দ্দেশ কৰিবৰ কাৰণে কেতিয়াবা মূল ইংৰাজী শব্দ আৰু কেতিয়াবা তাৰ বিকৃত ৰূপ অথবা তাৰ পৰিৱৰ্ত্তিত উচ্চাৰণ ব্যৱহাৰ কৰা হৈছে।
অভাৰতীয় ঠাই আৰু মানুহৰ নাম অসমীয়াত ঘাইকৈ ইংৰাজীৰ যোগে- দিহে পোৱা হৈছে। বিদেশী নামৰ ভিতৰত এৰিষ্টটোল, প্লেটো, ভল্টেয়াৰ, মাৰ্ক্স,এচিয়া, জানুৱাৰী আদি বাৰ মাহৰ নাম ইত্যাদি (অসমীয়া ভাষাত ইংৰাজী শব্দমালা আধ্যা)। ইংৰাজী ভাষাৰ যোগে অন্যান্য ভাষাৰ শব্দও অসমীয়াত সোমাইছে—জেব্ৰা, কুইনাইন, বলচেভিক, চাহ, চেনি (চীন), বিকচ’, হাৰাকিৰি (জাপানী), চাগু, গুদাম (মালয়) ইত্যাদি।
ফ্ৰাঞ্চপৰা অহা শব্দৰ ভিতৰত কাৰ্ত্তিজ, কুপন, চাবোন, বুৰ্জ্জোৱা, ওলণ্ডাজ আদি শব্দই প্ৰধান। ওলণ্ডাজৰপৰা অহাৰ ভিতৰত ইচক্ৰপ আৰু ঘাইকৈ তাচ খেলৰ পাতৰ নামবোৰ; যেনে—হৰ্ত্তন, ৰোহিতন, ইস্কাপন।
ইয়াৰ বাহিৰেও দেশী আৰু বিদেশী শব্দ মিলি, বিদেশী শব্দত দেশী প্ৰত্যয় বা উপসৰ্গ আৰু দেশী শব্দত বিদেশী প্ৰত্যয় বা উপসৰ্গ যোগ হৈ এক নতুন শ্ৰেণীৰ শব্দ গঠিত হৈছে। এনে শব্দসমূহক মিহলি শব্দ (Hybrid বা Hybrid words) নাম দিব পাৰি। এনেকৈ গঠিত হোৱা নতুন শব্দ কেইটামানৰ উদাহৰণ দিয়া হল—হেড্-পণ্ডিত, হেড্-মহৰী, পুলিচ-চাদাব, পাঠ্য-কিতাপ, স্কুলপাঠ্য ইত্যাদি। প্ৰত্যয় সংযোগত গঠিত যেনে— মাষ্ট্ৰৰ+ ঈ=মাষ্ট্ৰৰী, বে (ফাং)+টাইম=বেটাইম, বে+নিয়ম=বেনিয়ম, গড় (ফাং)