হিন্দী—লুচিৱালা, কাগজৱালা, হাইজা, চাহিদা, মহঙ্গা, আপোচ। বঙ্গলা
—ভেজাল, কেলেঙ্কাৰী, বেতাৰ, ৰসগোল্লা আদি নানাবিধ মিঠাইৰ নাম। গুজৰাটী –হৰতাল ইত্যাদি।
ভাৰতৰ বাহিৰৰপৰা অহা বিদেশী শব্দসমূহক আকৌ দুই শ্ৰেণীত ভগাব পাৰি—ফাৰ্চী আৰু ইউৰোপীয়। ফাৰ্চীৰ ভিতৰত ফাৰ্চী, আৰবী আৰু তুৰ্কী ভাষা পৰিছে। তুৰ্কী শব্দসমূহ ঘাইকৈ ফাৰ্চীৰ মাজেদিহে অসমীয়াত সোমাইছেহি। ফাৰ্চী শব্দসমূহক তলত দিয়া দৰে ভাগ কৰিব পাৰি-
(১) ৰজা, বিষয়া, ৰাজ-সন্মান বিষয়ৰ শব্দ—আমিৰ, উজিৰ, বাদচাহ, নবাব, চুলতান, দেৱান, বাহাদুৰ (খাঁ-বাহাদুৰ), তালুকদাৰ, তহচিলদাৰ, জমিদাৰ, চুবেদাৰ, চৰ্দাৰ, হাকিম, দাৰোগা, খলিফা, মুঞ্চি, পেচকাৰ, চাপ্ৰাচি, দাৰোয়ান, উকিল, দপ্তৰি, হজুৰ, মালিক, চাকৰ ইত্যাদি।
(২) শাসন, আইন, খাজানা, ব্যৱসায়, যুদ্ধ সম্বন্ধীয়— তালুক, মহকুমা, জিলা, চহৰ, চৰ্কাৰ, আইন-কানুন, আদালত, খত, দলিল, দৰ্খাস্ত, এজাহাৰ, ক্ৰোক, আৰ্জি', জাৰি, নালিচ, মোকৰ্দ্দমা, জবান, জামানত, আমানত, ফৰিয়াদি, আচামী, বাজেয়াপ্ত, হাজত, বৰৰ্খাস্ত, ইস্তফা, দফা, কৰ্জ্জা, কৈফিয়ৎ, ফেৰাৰ, খাৰিজ, ফৌজাদৰী, এজলাচ, খানাতালাচ, ফয়চলা, হক, খুনি, মজুৰ, দস্তুৰ হাজিৰ, হিচাব-নিকাচ, কয়দী, কয়দীখানা, ৰছিদ, খোচামোদ, জৰিমনা, পৰোৱানা, নজৰবন্দী, আবকাৰি।
খাজানা সম্বন্ধীয় শব্দৰ ভিতৰত— খাজানা, খাজাঞ্চি, আবাদ, এক্তিয়াৰ, ওয়াচিল, তহবিল, জমা, নাজিৰ, বাকীদাৰ, জৰিপ, বন্দোবস্ত, জমাবন্দি, চিঠাবন্দি, মাচুল মালখানা, এজমালি, কিস্তি, এলেকা, খাৰিজ, খালি আদি।
যুদ্ধ সম্বন্ধীয় শব্দ হৈছে—ফৌজ, চিপাহি, হাবিলদাৰ, গোলা-বাৰুদ, কামান, কেল্লা, বন্দুক, তীৰ, টোপ, চুচ-কাৱাজ; ইয়াৰ লগতে ঘোঁৰাৰ লগত জৰিত শব্দসমূহৰ যোগ দিব পাৰি। এইবোৰ হৈছে—চহিচ, কাচোৱান, চাবুক, লাগাম, নল, বেকাৰি, চোৱাৰ, জিন।
দোকান, দোকানদাৰ, খৰিদ, খৰিদ্দাৰ, দালাল, জল্লাদ, কচাই, কলাই (-কৰা),মিনা (-কৰা), মিস্ত্ৰি, চিকাৰি, কাৰিগৰ, ৰোজকাৰ, কাৰবাব, দৰ্জ্জি (দৰ্জ্জিৰ লগত সম্বন্ধ থকা আস্তিন, বসল, জেপ, ইত্যাদি) — শব্দবোৰ ব্যৱসায় সম্বন্ধীয়।
(৩) ইচলাম ধৰ্ম্ম, অনুষ্ঠান সম্বন্ধীয়—ইচলাম, মুচলমান, আল্লা, আউলিয়া, ইদ, ইমাম, নমাজ, মচজিদ, কোৰবানি, কবৰ, দিন-ইলাহি, কলমা, কোৰাণ, খোদা, খলিফা, মহৰম, তাজিয়া, চৈয়দ, চুন্নৎ, তাবিজ, নবী, নিকা, পিৰ, পয়গম্বৰ, মুবাৰক, মানৎ, মৌলবী, ৰোজা, ৰচুল। ইচলাম ধৰ্ম্ম-সংস্কৃতিক বুজাবলৈ এই শব্দবোৰ সাধাৰণ গাঁৱৰ মুচলমানেও সদা-সৰ্ব্বদা ব্যৱহাৰ কৰে।
(৪) শিক্ষা, সংস্কৃতি সাহিত্য বিষয়ৰ কথা – কলম, কিতাপ, কাগজ,