চি-কিয়াং নদীৰ উপত্যকাত। এই নদীৰ বাট ধৰিয়েই খৃষ্টপূৰ্ব প্ৰায় দুহেজাৰ বছৰৰ পূৰ্ব্বে তেওঁলোক চীনদেশৰ বিভিন্ন অঞ্চলত সিঁচৰতি হৈ পৰে। কেইটিমান শাখাই ব্ৰহ্মপুত্ৰ, চিণ্ডুইন, ইৰাৱতী, চালউইন, মেনন মেখং নদীয়েদি ভাৰতবৰ্ষ, ব্ৰহ্ম, শ্যাম, অসম দেশলৈ আহে। সম্ভৱতঃ তিব্বতত থাকোঁতে ব্ৰহ্মপুত্ৰৰ পাৰতে প্ৰায় হেজাৰ বছৰৰ পূৰ্ব্বে তেওঁলোকৰ বিচ্ছেদ ঘটে। তিব্বতত থকা দলটোৱে ভোট বা বোদ্ নাম লয়। ব্ৰহ্মপুত্ৰইদি অসমত সোমোৱা দলটোৰ নাম হয় বড়ো বা বডো। বৰ্ম্মী নামৰ তৃতীয় দলটো ইৰাৱতী আৰু চিণ্ডুইন নদীয়েদি ব্ৰহ্মদেশ পায়গৈ।
তিব্বতী-বৰ্ম্মী ভাষাশ্ৰেণী পূৰ্ব্বে উল্লেখ কৰা শ্যাম-চীন (তিব্বত বা ভোট-চীন) ভাষা-গোষ্ঠীৰ অন্তৰ্গত। ভাষাতত্ত্ববিদসকলে শ্যম-চীন ভাষাক চাৰি শ্ৰেণীত ভগাইছে। চীন, আনামী, তিব্বতী, বৰ্মী আৰু শ্যামী বা থাই। তিব্বত-বৰ্ম্মীক আকৌ তিনিটা সুকীয়া ভাগ কৰা হৈছে, – তিব্বত-হিমালয়ী, অসম-বৰ্ম্মী আৰু উত্তৰ অসম উপশাখা। তিব্বত হিমালয়ী শ্ৰেণীৰ কোনো ভাষা অসমত নাই। অসম-বৰ্ম্মী শাখাৰ ভিতৰত হৈছে—বড়ো, নগা, কুকি-চীন কচিন, বৰ্ম্মী, লোলোমচু আৰু, সক বা লুই।
বড়ো শাখাৰ ভিতৰত হৈছে, কছাড়ী বা বড়ো, লালুং, ডিমাচা, গাৰো, কোচ, ৰাভা, ত্ৰিপুৰা, চুটীয়া আৰু মৰাণ।
নগা শাখাক পাঁচ ভাগত ভগোৱা হৈছে—নগা-বড়ো, পশ্চিম-নগা শাখা, মধ্য-নগা শাখা, পূব-নগা শাখা, নগা-কুকি শাখা।
কুকি-চীনৰ ভিতৰত মেইতেই বা মণিপুৰী, কুকি আৰু, লুচাই পাহাৰ বা মিজোৰামৰ বিভিন্ন চীন ভাষা। বাকী তিনিটা ভাষা-ভাষী অসমত নাই। অকা (হ্ৰচো), আবৰ, মিৰি, ডফলা আৰু মিচিমি ভাষা উত্তৰ-অসম শাখাৰ অন্তৰ্গত।
শ্যাম বা থাই পৰিয়ালৰ ভাষা ভাৰতবৰ্ষ, ব্ৰহ্ম, শ্যাম, চীনত বিয়পি আছে। থাই-ভাষীসকল আদিতে ইউনান প্ৰদেশৰ মানুহ আছিল। তেওঁলোকৰ নাম আছিল তাই-লং (শ্ৰেষ্ঠ তাই)। তাৰেপৰা প্ৰায় দুহেজাৰ বছৰৰ পূৰ্ব্বে তেওঁলোক ব্ৰহ্মদেশলৈ যায়। খৃষ্টাব্দ ছয় শতিকাত ইউনানৰ তেওঁলোকৰ কেইটিমান দলে চালউইন নদীৰ উপত্যকালৈ গৈ সুকীয়া ৰাজ্য স্থাপন কৰে। খৃষ্টীয় ত্ৰয়োদশ শতিকাত তেওঁলোকৰ ৰাজধানী আছিল মংমাও। কালক্ৰমত থাইসকলৰ ৰাজ্য, দক্ষিণে আধুনিক শ্যামদেশসমূহ, উত্তৰে খামতি অঞ্চল আৰু পশ্চিমে ইৰাৱতী-চিণ্ডুইন উপত্যকাৰপৰা অসমলৈকে বিস্তাৰ হৈছিল। প্ৰায় ত্ৰয়োদশ শকিাত থাইসকলৰে আহোম শাখা অসম সোমায়হি। দক্ষিণলৈ যোৱা থাইসকলেই শ্যাম আৰু লাও জাতীত পৰিণত হয়।
ব্ৰহ্মদেশত থকা শ্যানসকলৰ (শ্যাম শব্দৰ বৰ্ম্মী উচ্চাৰণ) ক্ষমতা ত্ৰয়োদশ শতিকাৰপৰা টুটি আছে। ওঠৰ শতিকাৰ মাজ ভাগত ব্ৰহ্মদেশৰ ৰজা