সজুলিত চিত্ৰ কটা নিয়ম অসমৰ জন-জাতিৰ মাজতো প্ৰচলিত); কাৰ্দৰংগ
অথবা চামৰাৰ ঢাল (নিচোলকৰক্ষিতৰুচাং চ ৰুচিৰকাঞ্চনপত্ৰভংগভংগূৰাণাম্
অতিবন্ধুৰপৰিবেশানাং কাৰ্দৰঙ্গচৰ্মাণাং সম্ভাৰান্); ভোজপত্ৰৰ দৰে সৰুকোমল
জুই ফুল বৰণীয় পাট কাপোৰ (ভূজত্বক্কোমলাঃ স্পৰ্শৱতীঃ জাতীপট্টিকাঃ);
চিত্ৰিত আৰু পশুৰ নোম, চৰাইৰ পাখী ভৰোৱা গাৰু, প্ৰিয়ংগু মঞ্জৰীৰ
বেতৰ আসন (প্ৰিয়ংগুপ্ৰসবপিঙ্গলত্বংচি চ আসনানি বেত্ৰময়ানি), অগৰুৰ
বাকলিত লিখা সুভাষিত বচনৰ সংগ্ৰহ পুথি (প্ৰাচীন অসমত সুভাষিত
শ্লোকৰ সংগ্ৰহ মন কৰিবলগীয়া); হৰিৎ বৰ্ণৰ ৰসাল কেচা তামোল (পৰিণত
পাটলপটোলত্বিংষি চ তৰুণহাৰীতহৰিংতি ক্ষীৰক্ষাৰীণি চ পূগানাং পল্বব-
লম্বীনি সবসানি ফলানি); মুখ কাপোতিকাৰ পাতেৰে বন্ধা সহকাৰ (সুগন্ধি
আম) ৰসেৰে পৰিপূৰ্ণ বাঁহৰ চুঙা, কৃষ্ণাগৰু, (কৃষ্ণাগৰুতৈলস্য স্থবীয়সীঃ বৈণবী
নাড়ীঃ); গোশীৰ্ষ চন্দন, বৰফৰ দৰে শীতল কৰ্পূৰ কস্তূৰী (কস্তূৰিকা
কোশক) পকা কক্কোল ফল আৰু পত্ৰ, লৱঙ্গ পুষ্প, জাঁইফল (জাতী-
ফলস্তবকানাং বাশীন্)। ড মোতীচন্দ্ৰৰ মতেঃ-
“Assam was the home of aromatic woods as pointed by the Arthasastra, and this fact is fully supported by the Mahabharata."
কস্তুৰীৰ প্ৰসঙ্গত তেওঁ কৈছে—
“There are three grades of mask, the most valued coming from China, the second grade from Assam and Nepal and the last valued from Central Asia."
অসমৰ কস্তূৰী যে অতি উৎকৃষ্ট তাক ৰাজনিৰ্ঘণ্টকাৰৰ নিম্নলিখিত শ্লোকৰ পৰাও বুজা যায়-
কপিলা পিঙ্গলা কৃষ্ণা কস্তূৰী ত্ৰিবিধা ক্ৰমাং।
নেপালেহগি চ কাশ্মীৰে কামৰূপেঽপি জায়তে।
কামৰূপোদ্ভবা শ্ৰেষ্ঠা নৈপালী মধ্যমা ভবেৎ।
কাশ্মীৰদেশসম্ভূতা কস্তূৰী হি অধমা স্মৃতা॥
অৱশ্যে এই সুগন্ধি দ্ৰব্যৰ কেতবোৰ প্ৰশান্ত মহাসাগৰৰ দ্বীপুপঞ্জৰপৰা অসমলৈ আহিছিল। মালয়দ্বীপৰ চৰ্ম্মৰঙ্গ নামৰ এক অংশৰপৰা কাৰ্দৰঙ্গ আহিছিল। অধ্যাপক সিলভাঁন লেবীৰ মতে পূৰ্ব্ব দ্বীপমালাৰ তিমোৰ দ্বীপকে গোশীৰ্ষ বোলা হৈছিল। গোশীৰ্ষ চন্দন সম্ভৱতঃ সেই নামৰ দ্বীপৰপৰা আমদানি হৈছিল; লৱঙ্গ আৰু জাতিফলো দ্বীপান্তৰ অৰ্থাৎ পূৰ্ব্ব