দ্বীপমালাৰপৰা অসমলৈ আহিছিল। এই বিৱৰণৰপৰা প্ৰাচীন অসমৰ লগত
এই দ্বীপপুঞ্জৰ যে বেহা-বেপাৰ চলিছিল তাক বুজিব পাৰি।
অন্য বস্তুৰ ভিতৰত মৌৰ কলহ (অতিমধুৰমধুৰসামোদ নিহাৰিণীশ্চোল্লক কলশীঃ), বগা-কলা বৰণৰ চংবৰ (বস্তু বিশেষ), চিত্ৰফলক আৰু ৰং থোৱা লাওৰ পাত্ৰ (অবলম্বমানতূলিকালাবুকাংশ্চ লিখিতানালেখ্যফলকসংপটান): নানা তৰহৰ পশু-পক্ষী-কিন্নৰ, বনমানুহ, জীবংজীবক চৰাই, কস্তুৰী মৃগ, শুক-সাবীকা ইত্যাদি। শুক-সাবীকাক সোণৰ পানীচৰোৱা, বেতৰ সঁজাত থোৱা হৈছিল। এই উল্লেখত প্ৰাচীন অসমত স্বৰ্ণশিল্পীৰ সোণ চৰোৱা বিদ্যাৰ নিপুণতাৰ পৰিচয় পায়।
কৌটিল্যৰ অৰ্থশাস্ত্ৰয়ো অসমৰ বিবিধ সুগন্ধি দ্ৰব্যৰ সুখ্যাতি কৰি গৈছে। মহামূল্যেৱান বস্তু স্বৰূপে সেইবোৰ মৌৰ্য্য ৰাজ-ভঁৰালত সঞ্চয় কৰা হৈছিল।
আহোমসকলৰ দেশ শাসন প্ৰণালী আৰু বুৰঞ্জী সাহিত্য এই দুয়োয়েও সৰ্ব্বভাৰতীয় ক্ষেত্ৰত উচ্চস্থান লাভ কৰিছে।