সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮১
সাংস্কৃতিক বিনিময় আৰু বৈশিষ্ট্য


আখ্যান যি দৰে তাৎপৰ্য্যপূৰ্ণ[] সেইদৰে প্ৰাচীন কামৰূপত আৰ্য্যসভ্যতাৰ বিস্তাৰৰ ইতিহাস পৰশুৰামৰ কাহিনী বিশেষ উল্লেখযোগ্য। জনশ্ৰুতিমতে কামৰূপৰপৰা গৈ পৰশুৰামে মালাবাৰ উপকূল সাগৰৰপৰা উদ্ধাৰ কৰিছিল। অধ্যাপক নীলকান্ত শাস্ত্ৰীয়ে লিখিছে—  Parasurama slew his mother Renuka at the command of his father Jamadagni, and had to expiate this sin by undertaking to exterminate the Kshatriyas, enemies of the Brahmins. This be did in twenty-one expeditions, and then, at the instance of Visvamitra, gave the whole earth to the Brahmins.As he was thus left with nowhere to call his own where he could live, he saught Subramanya's assistance and, by penance, obtained from Varuna, the god of the seas, some land to dwell on. Its extent was to be determined by a throw of his parasu (axe ). He threw it from Kanyakumari to Gokarnam, which became the chief place in the land won from the sea, the land of Parasurama. To people this land, he imported Brahmins from abroad, setting them in sixty-four gramas, and making laws and institutions for them and for other settlers who came at the same time. (A History of South India, p. 69-70)

 ওপৰত উল্লেখ কৰা ব্ৰাহ্মণসকলক অসমৰ পৰা নিয়া বুলিও কিম্বদন্তী আছে।[] (এই প্ৰসঙ্গত অসম আৰু মালাবাৰৰ সাংস্কৃতিক সাদৃশ্যৰ কথাও উল্লেখ কৰিব পাৰি)।

 বৌদ্ধ ধৰ্ম্মৰ বিশেষকৈ মহাযান মতৰ সাধনা আৰু প্ৰচাৰত অসমৰ দান একেবাৰে নগণ্য নাছিল। বৌদ্ধসকলৰ আদি যুগৰ সাহিত্যত অসমৰ বিষয়ে অৱশ্যে একো উল্লেখ নাই, নাইবা খৃষ্টীয় শতাব্দীৰ আগ ডোখৰত অসমত বৌদ্ধধৰ্ম্মৰ প্ৰভাৱ পৰাৰ অইন কোনো প্ৰমাণো পোৱা নাযায়। খৃষ্টীয় ষষ্ঠ শতাব্দীৰপৰা ক্ৰমান্বয়ে পিছৰ পিনে অসমত বৌদ্ধধৰ্ম্ম সৰবৰহী হৈ উঠে। চীন দেশৰ পৰ্য্যটক হিউয়েন চাঙৰ ভ্ৰমণ-বৃত্তান্তত কামৰূপৰ ব্ৰাহ্মণ এজনৰ উল্লেখ আছে। এওঁ লোকায়ত সম্প্ৰদায়ৰ মানুহ আছিল। ধৰ্ম্ম-সম্পৰ্কীয় বাদানুবাদৰ কাৰণে তেওঁ নালন্দালৈ আহিছিল। তাত তেওঁ বৌদ্ধ পণ্ডিত- সকলৰ লগত তৰ্কত পৰাস্ত হয় আৰু শেষত চীনদেশীয় বৌদ্ধ তীৰ্থ পৰ্য্যটকৰ

ওচৰত বৌদ্ধ ধৰ্ম্মৰ দীক্ষা লয়। এই ব্ৰাহ্মণজনৰ খাটনিতে হিউয়েন চাঙ


  1. K. A. Nilakanta Sastri : A History of South India, p. 66ff.
  2. A Cultural History of Assam ত প্ৰাচীন কামৰূপৰ ব্ৰাহ্মণক অন্য দেশত স্থাপন কৰাৰ উদাহৰণ দশোৱা হৈছে।