এই হ’ল ভাষা আৰু সাংস্কৃতিক বিনিময়ৰ ইতিহাস। এতিয়া সৰ্ব্ব- ভাৰতীয় সাধনা চিন্তা আৰু সংস্কৃতিত অসমৰ কি বিশেষত্ব সেই বিষয়ে চোৱা যাওক। সৰ্ব্বভাৰতীয় সাধনাৰ ক্ষেত্ৰত অসমে যি দুই চাৰি মুষ্টিভিক্ষা দিবলৈ সক্ষম হৈছে, তাৰে ভিতৰত প্ৰথমতে শৈৱ ধৰ্ম্মকে উল্লেখ কৰিব পাৰি। কাশ্মীৰ আৰু দাক্ষিণাত্যত শৈৱ ধৰ্ম্মৰ প্ৰাধান্য যদিও অসমত ইয়াৰ বিশেষত্ব নোহোৱা নহয়। অসমৰ শৈৱ ধৰ্ম্মৰ লগত ভাৰতৰ অন্য স্থানৰ কিছু পাৰ্থক্য দেখা যায়। অসমৰ শিৱ কৃষি দেৱতাত পৰিণত হৈছে। অসমীয়া মানুহে শিৱক সাধাৰণ মানুহৰ শাৰীলৈ আনিছে। শিৱৰ এই কল্পনা প্ৰাচীন অসমীয়া সাহিত্য আৰু কিম্বদন্তীত সৰবৰহী হৈ আছে। জনজাতীয় লোকসকলৰ মাজতো শিৱই কি ৰূপ লৈছিল, সেই কথা কোঁচসকলৰ আদি বৃত্তান্তয়ে কয়। আমাৰ দেশত শিৱ সম্বন্ধে পুৰাণত নোহোৱা ভালেমান আখ্যানৰ সৃষ্টি হৈছিল। তাৰে এটি আখ্যান মনকৰৰ মনসাগীতত আছে :–শিৱই ধ্যান কৰি থাকোঁতে অনাদি পুৰুষৰ মৰা শ তেওঁৰ আগত উপস্থিত হ’ল, শিৱই সেই শ ভক্ষণ কৰিলে।
মহেশ্বৰে তপসালি কৰি আছে যথা।
ভাসিতে ভাসিতে মৃত্যে চলি গৈলা তথা॥
তপ এৰি মহেশ্বৰে ধ্যান কৰি চাইল।
আতাই মৰিল গোসাঁই দৰশন পাইল॥
দহত নামিয়া ধৰিলন্ত আথে বেথে।
কতো কাখে লয় গোসাঁই কতো লয়ে মাথে॥
মাথাত কৰিয়া কাখৰিক লাগি নিল।
শঙ্ক জল আনি গোসাঁই মুখত ঢালিল॥
চেতন লভিয়া যে অনাদি মহাদেৱ
ভালেতো চিনিলি মোক পুতা সদাশিৱ॥
মুখ মেল পুতা তোৰ গৰ্ভে লঞো বাস॥
অসমক কেন্দ্ৰ কৰি শাক্তধৰ্ম্মই উত্তৰ-পূব ভাৰতত কেনেকৈ প্ৰসিদ্ধি লাভ কৰিছিল, তাৰ বিৱৰণ কালিকা পুৰাণ, কামাখ্যা-তন্ত্ৰ, কালীবিলাস আদি তন্ত্ৰত বহুলভাৱে আছে। জাৰ্ম্মান মনীষী উইণ্টাৰনিট্জৰ মতে অসমৰ পৰাই এই ধৰ্ম্ম তিব্বত আদি দেশত প্ৰৱেশ কৰিছিল। অসমৰ জনজাতীয়লোকৰ মাজত মাতৃতান্ত্ৰিক সভ্যতাই প্ৰাধান্য লভিছে। সেই কাৰণে প্ৰাচীন কামৰূপত ভালেমান শাক্ত দেৱ-দেৱীৰ উদ্ভৱ হৈছিল। কালিকা-পুৰাণত উল্লেখ থকা ভালেমান দেৱ-দেৱীৰ ৰূপ ভাৰতৰ অন্য ঠাইত পাবলৈ নাই।
পৰশুৰামৰ আখ্যানক অৱলম্বন কৰি গঢ়ি উঠা পূজা অসমৰ ধৰ্ম্মসাধনৰ অন্য এক বিশেষত্ব। দাক্ষিণাত্য আৰু দ্বীপময় ভাৰতৰ আৰ্যীকৰণত অগস্ত্য