১২। সাংস্কৃতিক বিনিময় আৰু বৈশিষ্ট্য
অসম ভাৰতৰ সীমামুৰলীয়া প্ৰদেশ। অসম যে সীমামুৰলীয়া অৰ্থাৎ প্ৰত্যন্ত দেশ সেই কথা প্ৰাচীন পুথিত আছে—“পুণ্ডবৰ্দ্ধনম্ নাম নগৰম্ তস্য পূৱেন পুণ্ডকক্ষো নাম পৰ্ব্বতঃ ততঃ পৰেণ প্ৰত্যন্তঃ।” কোনোৱে পাণ্ডুকেই পুণ্ডকক্ষো পৰ্ব্বত বুলি অনুমান কৰে (কালিকা-পুৰাণত পাণ্ডু- শৈলৰ মাহাত্ম্য বৰ্ণোৱা আছে)। অমৰকোষৰ টীকাকাৰ ক্ষীৰস্বামীয়েও কামৰূপৰ মানুহক প্ৰত্যন্ত দেশবাসী বুলিছে। সৰ্ব্বানন্দৰ টীকা সৰ্ব্বস্বত আছে—‘ভাৰতবৰ্ষস্য অন্তদেশঃ শিষ্টাচাৰৰহিতঃ কামৰূপাদি ম্লেচ্ছদেশঃ’। প্ৰত্যন্ত দেশৰ ধৰ্ম্ম আৰু সমাজ-ব্যৱস্থা আৰ্য্যাবৰ্ত্তৰ লগত প্ৰভেদ আছিল।
এনে ভৌগোলিক অৱস্থাৰ হেতু পশ্চিম পিনৰপৰা অসমৰ সৰ্ব্ব-ভাৰতৰ লগত প্ৰাচীন যুগৰেপৰা সম্বন্ধ; আনপিনে অৰ্থাৎ উত্তৰ, পূৱ আৰু দক্ষিণে চীন, ভোট, তিব্বত-নেপাল, ব্ৰহ্ম-শ্যাম দেশৰ লগত অতীত কালৰেপৰা নিৰবচ্ছিন্ন সংযোগ চলি আহিছে। ভগদত্ত আন কি মধ্যযুগৰ গোঁড়-ওড্ৰাদি- কলিঙ্গ-কোশল পতি শ্ৰীহৰ্ষৰ দিনতো এই দেশবোৰৰ কিছু অংশ অসমৰ অন্তৰ্ভুক্ত আছিল। গতিকে অসমদেশ আৰ্য্য, দ্ৰাবিড়, কিৰাট, নিষাদ, বিবিধ জাতি আৰু বহু সংস্কৃতিৰ মিলন-তীৰ্থ। এই মিশ্ৰণৰ ফলত সৰ্ব্বভাৰতীয় ধৰ্ম্ম আৰু সাধনাই অসমত এক বিচিত্ৰ নৱ ৰূপ লৈছে। ভাৰতীয় সংস্কৃতিৰ প্ৰতিনিধি স্বৰূপে অসমে চীন-মঙ্গোলীয় জাতিৰ মাজত পুৰাকালৰেপৰা আৰ্য্য ভাৰতীয় ধৰ্ম সভ্যতা প্ৰচাৰ কৰি আহিছে।
প্ৰত্যন্ত দেশৰ হেতু নানা জাতি উপজাতিৰ লগত সংযোগ ঘটাত অসমীয়া ভাষা আৰু সংস্কৃতি বিবিধভাৱে উপকৃত হৈছে। এই সংমিশ্ৰণৰ ফলত অসম- দেশত বৰ্ণ আৰু বৃত্তি ভেদ প্ৰথাৰ কঠোৰতা কমিল; অস্পৃশ্যতা উৱলি গ’ল; জনজাতীয় লোক সকলো বিনা সামাজিক বিৰোধিতাই বৰ কলিতা, সৰু কলিতা, বৰ-কোঁচ, সৰু-কোঁচ, পানী-কোঁচ, কেওট আদি বিভিন্ন হিন্দুসংজ্ঞাত ভুক্ত হ’ল। সেই একে কাৰণেই বৈদিক আৰু ব্ৰাহ্ম ধৰ্ম্মৰ লগতে গছ-পাথৰ পূজা, ভূত-প্ৰেতত বিশ্বাস, যাদুমন্ত্ৰৰ প্ৰচাৰ অসমত সমান পয়োভৰেৰে চলি আছে। সকলো জাতি-উপজাতিৰ সাধনা, সংস্কৃতি, পূজা-পাতল, বিধি-বিধানক সন্মান আৰু শ্ৰদ্ধা কৰাৰ হেতু আৰু সকলো স্তৰৰ লোককে উদাৰ চিত্তেৰে হিন্দু ধৰ্ম্মত গ্ৰহণ কৰাত অসমীয়া জাতিয়ে মানৱ ধৰ্ম্মৰ সম্যক পৰিচয় দিব পাৰিছে।