কৰা হয়। বিভিন্ন মন্ত্ৰ-পুথিৰপৰা শাও-শপত সম্বন্ধীয় কিছুমান বচন তলত উদ্ধৃত কৰা হ’ল—
এহি বাক্য লৰ যেবে
মহাদেৱৰ ত্ৰিশূলত পৰি মৰস তেবে। (গু কৰতি )
যদি বাক লৰ চৰ
সাত পুৰুষ নৰকত পৰ। (সুদৰ্শন চক্ৰ কৰতি )
যেবে মোৰ বচন লৰ দেৱীৰ স্তনত ধৰ,
মহাদেৱৰ জটাত ধৰ, নাৰায়ণ চক্ৰত পৰি মৰ।
গোবধ, স্ত্ৰীবধ পাতকত পৰ। (মোৰৰ মন্ত্ৰ)
চন্দ্ৰ সাক্ষী, সূৰ্য্য সাক্ষী
মই চূৰ দিও ত্ৰিভুবন ৰাখি। (চূৰ দিয়া মন্ত্ৰ)
যদি পাপী নযাস গঙ্গাৰ তীৰৰ বাজ হুই
সাতজনী গৰ্ভৱতী স্ত্ৰী বধ কৰ।
শ্ৰীৰাম-লক্ষণৰ আজ্ঞা ধৰ। (নৰসিংহ মন্ত্ৰ)
মোৰ বাক্য লৰ চৰ কৰ,
মহেশৰ ত্ৰিশূলত পৰি মৰ,
মহাদেৱীৰ স্তনত ধৰ। (গাৰ বান্ধ মেলা মন্ত্ৰ)
মোৰ যদি খাৱ
ৰাম-লক্ষ্মণৰ মুণ্ড খাৱ। (ৰোৱা-খোৱা পোকৰ মন্ত্ৰ)
এই বাক্য লৰ চৰ
ব্ৰহ্মাৰ চক্ৰত পৰি মৰ
গো-বধ স্ত্ৰী-বধ কৰ।
এই বচন লৰে
মহাদেউ-বিষ্ণুৰে শপত
ব্ৰহ্মাৰ শপত। (সৰ্ব্ব ঢাক মন্ত্ৰ)
এহি বাক্য যদি লৰ
মহেশৰ জণ্টে পাৱ দিয়া মৰ।
যদি সত্য কৰি আস আগবাঢ়ি
তেবে বিষ্ণুৰ তেজ খাৱ।
যদি অসত্য কৰি এই ৰোগীক ধৰ
তেবে ইন্দ্ৰ দেৱতাৰ বজ্ৰত পৰি মৰ॥
তেবে ব্ৰাহ্মণক বধ কৰ।
তেবে ব্ৰহ্মা-মহেশৰ মাথে দেহ ভৰি।
যেবে নযাস আমুকা ৰোগীক এৰি,
স্ত্ৰী-সন্ন্যাসীৰ আজ্ঞা
বুঢ়া ঢেকেৰিৰ আজ্ঞা
বুঢ়া ঢেকেৰিৰ মন্ত্ৰ
বাক্য বিষ্ণুপুৰিৰ আজ্ঞা [১]
- ↑ বিষ্ণুপুৰি সন্ন্যাসীৰ উল্লেখ মন কৰিবলগীয়া।