৩। অসমীয়া ভাষাৰ জন্মকথা
প্ৰাকৃত ভাষাৰ শেষ স্তৰ অপভ্ৰংশৰপৰাই আধুনিক ভাৰতীয় আৰ্য্য- ভাষাসমূহৰ জন্ম হৈছে। ঠিক কোন শতাব্দীৰ এই প্ৰাদেশিক ভাষাসমূহে স্বতন্ত্ৰ ৰূপ পালে তাক নিৰ্ণয় কৰা টান। এই ভাষাসমূহৰ সামান্য নিদৰ্শন অষ্টম শতিকাৰ শিলালিপি, তাম্ৰশাসন আদিত পোৱা গৈছে যদিও খৃষ্টীয় দশম-একাদশ শতিকাৰ পূৰ্ব্বে এই শাখাৰ কোনো এটা ভাষাই স্বকীয় ৰূপ লোৱা নাছিল। ইয়াতে এটা কথা মন কৰিবলগীয়া যে আধুনিক ভাৰতীয় আৰ্য্য ভাষাসমূহৰ জন্ম এটাৰ পিছত আনটোৰ, অৰ্থাৎ হিন্দীৰ পিছত বঙ্গলা, তাৰ পিছত অসমীয়া, এনে ধৰণে হোৱা নাই। ৰাজনৈতিক, ধাৰ্ম্মিক, সামাজিক, ভৌগোলিক আদি কাৰণৰ হেতু সম-সাময়িক ভাৱেই এই ভাষাসমূহৰ জন্ম হৈছিল।
প্ৰাচীন অসমীয়া ভাষা মাগধী অপভ্ৰংশৰপৰা উদ্ভৱ হৈছে। খৃষ্টীয় দশম শতিকাতে যদিও আধুনিক ভাৰতীয় আৰ্য্য ভাষাসমূহৰ জন্ম বুলি অনুমান কৰা হৈছে তথাপি নিদিষ্টভাৱে কোন সময়ত অসমীয়া ভাষাই নিজস্ব ৰূপে ল’লে, তাক স্তিৰ কৰা কঠিন। অৱশ্যে সকলো ভাষাৰ জন্ম সম্বন্ধে এই একে মন্তব্যই খাটে। কিয়নো কোনো ভাষাতেই জন্মৰ লগে লগেই সাহিত্য গঢ় লৈ নুঠে। সাহিত্য ভাষাৰ জন্ম-পত্ৰিকা। গতিকে জন্মপত্ৰিকা বা লিখিত নিদৰ্শন নহলে জন্মকাল নিৰ্ণয় কৰা সহজ নহয়।
প্ৰখ্যাতকীৰ্ত্তি ভাস্কৰবৰ্ম্মাৰ ৰাজত্ব কালত চীন পৰিব্ৰাজক হিউ-ৱেন-চাং কামৰূপলৈ আহিছিল। তেওঁৰ ভ্ৰমণ-বৃত্তান্তত লিখিছে, “তেওঁলোকৰ (কামৰূপৰ মানুহৰ) ভাষাৰ মধ্য ভাৰতৰ ভাষাৰ লগত সামান্য প্ৰভেদ আছে।” চীন পৰিব্ৰাজকৰ এই মন্তব্যৰপৰা আন নহলেও খৃষ্টীয় সপ্তম শতিকাৰপৰাই যে অসমীয়া ভাষাই সুকীয়া প্ৰাদেশিক গঢ় লবলৈ আৰম্ভ কৰিছিল, সেই কথা অনুমান কৰিব পাৰি।
ভাস্কৰবৰ্ম্মা আৰু তেওঁৰ পিছৰ কামৰূপৰ ৰজাসকলে ব্ৰাহ্মণক ভূমিদান দিয়া কেইখনিমান তামৰ ফলি উদ্ধাৰ হৈছে। অসমত এতিয়ালৈকে পোৱা প্ৰাচীন শিলালিপিসমূহৰ ভিতৰত নগাৱঁৰ কপিলী উপত্যকাত পোৱা মহা- ৰাজাধিৰাজ ভূতিবৰ্ম্মাৰ দিনত (৫৫৪ খৃঃ) খোদিত শিলালিপিয়েই প্ৰাচীন। (এই শিলালিপি আৰু, অন্যান্য শাসনাৱলীৰ ভাষা সংস্কৃত। গতিকে সেই সময়ত
অসমত সংস্কৃত ভাষাৰ প্ৰচলন আছিল বুলি সহজে অনুমান কৰিব পাৰি।