কৰিব লাগে। কোনো কোনো মন্ত্ৰৰ সাধনত মূৰ্ত্তি প্ৰতিষ্ঠা কৰা হয়। কোনো কোনো মন্ত্ৰ সিদ্ধিৰ কাৰণে বিভিন্ন ধৰণৰ ফল, গছ পাতৰ প্ৰয়োজন হয়। পানী বহু মন্ত্ৰতে প্ৰয়োজন। পানজিৰা আৰু পানী কটাৰে বহু ৰোগ নিৰাময় কৰা হয়। কোনো কোনো মন্ত্ৰ জাৰিবৰ কাৰণে কমাৰৰ শাল, চণ্ডাল অথবা নীচকুলৰ লোকৰ গৃহৰপৰা পানী অনা হয়। কোনো কোনো মন্ত্ৰৰ সাধনতে জীৱ-জন্তুৰ তেজ মঙহ, নখ, পাখী, মলমূত্ৰ ব্যৱহাৰ কৰা হয়। এই জীব- জন্তুৰ ভিতৰত কাউৰী, কুকুৰা, গাধ, কলীয়া বিড়ালী, কলীয়া ছাগলী, নেউল, তেজ-পিয়া, ফেঁচা, সাপ আৰু বিবিধ মাছৰ নাম পোৱা গৈছে। কোনো কোনো মন্ত্ৰত নিজৰ গাৰ তেজো উছৰ্গা কৰা হয়। গৰ্ভ-স্তম্ভন প্ৰসঙ্গত অনামিকাৰ ৰক্তেৰে মন্ত্ৰ লিখাৰ কথা কৈছে।
কোন কোন উপকৰণৰ সহায়ত মন্ত্ৰ সিদ্ধ হয় তাক তলৰ উদ্ধৃতিৰ পৰা বুজিব পাৰি-
ঔষধ পোতা বাণ কাটো। তামোলত দিয়া বাণ কাটো।
গাখীৰত দিয়া বাধ কাটো। মউত দিয়া বাণ কাটো
ববচাত দিয়া বাণ কাটো। পশুৰ মাংসত দিয়া বাণ কাটো।
চৰাইৰ মাংসত দিয়া বান কাটি কৰো খান খান।
(জল কৰতি, পৃষ্ঠা ৩৪)
কোনো কোনো মন্ত্ৰৰ সাধনত অগ্নিৰ ব্যৱহাৰ আছে। এই জুই সাধাৰণতে তুঁহ [১] অথবা গছপাতেৰে ধৰা হয়। মন্ত্ৰৰ কাৰণে প্ৰয়োজন হোৱা অগ্নি শ্মশানৰ চিতা, ধোবাৰ ঘৰৰ জুই অথবা উতলা ভাতৰ চৰুৰ তলৰ পৰা অনা হয় (কামৰত্ন তন্ত্ৰ, পৃষ্ঠা ৩৬)।
মুখভগা মন্ত্ৰ সাধনৰ সময়ত উতলা ভাতৰ চৰুৰ তললৈ মন্ত্ৰপূত সৰিয়হ চটিওৱা হয়।
কোনো কোনো ক্ষেত্ৰত মানুহ বা জন্তুৰ প্ৰতিকৃতি সাজি তাত মন্ত্ৰ উচ্চাৰণ
কৰা হয়। মানুহৰ নখ, দাঁত, ফটাকানিত মন্ত্ৰ মাতি মাটিত পুতি থোৱা হয়। এইবোৰ সাধাৰণতে কুমন্ত অথবা হৰা-কৰাতহে ব্যৱহাৰ হয়। যিবোৰ মন্ত্ৰৰ সিদ্ধি গাঁঠি আৰু চুৰৰ ওপৰত নিৰ্ভৰ কৰে সেই বোৰতো নানা ধৰণৰ
- ↑ বহাগ বিহুত গোহালিত তুঁহ আৰু মৰলীয়াশাকৰ জাগ (যজ্ঞ) দিয়া হয়; প্ৰসূতীৰ কাষত তু’হৰ জুই একুৰা ৰখা অসমীয়া গৃহস্থৰ নিয়ম। “According to Bloomfield the offering of chaff is the typical hostile sacrifice, offered to the demons. Ordinary sacrifice is offered to the gods, with ghee rice etc. which contains substance. The magical sacrifice is offered to the demons with chaff which is devoid of any substance. The Religion and Philosophy of the Atharvaveda.