উল্লেখ আছে; কামাখ্যা বহু মন্ত্ৰৰ অধিষ্ঠাত্ৰী দেৱী। এইবোৰ মন্ত্ৰত, “সিদ্ধ গুৰুৰ পাৱ, ৰক্ষা কৰা কামৰূপৰ কামাখ্যা মাৱ” বচন আছে। মহাদেৱী কালিকা, চামুণ্ডা, মহিষমৰ্দ্দিনী, নৃমুণ্ডমালিনী, চণ্ডিকা, চণ্ডী, কমলা, ফুলেশ্বৰী আদি দেৱীৰ নাম পোৱা যায়। মন্ত্ৰ সাধনত এই দেৱীসকলে কি দৰে সহায় কৰে সেই কথা মন্ত্ৰৰ মাজতে আছে।
সূৰ্য্য আৰু নৱগ্ৰহ পূজা
মধ্যযুগৰ অসমত সূৰ্য্য আৰু নৱগ্ৰহৰ স্বতন্ত্ৰ পূজা চলিছিল। মন্ত্ৰ- সাহিত্যত এই পূজা প্ৰচলনৰ উল্লেখ আছে।
থান পীঠ নদ-নদী বৃক্ষ আদি পূজা
মধ্যযুগত অসমত ভালেমান তীৰ্থস্থান গঢ়ি উঠিছিল। এই বোৰক সাধাৰণতে থান অথবা পীঠ, আখ্যান দিয়া হৈছিল। কামাখ্যা শ্ৰেষ্ঠ পীঠ হৈছিল। প্ৰায়বোৰ মন্ত্ৰতে কামাখ্যা দেৱী আৰু কামাখ্যা পীঠৰ উল্লেখ আছে। কোনো কোনো মন্ত্ৰত লৌহিত্যৰ পূজাৰ উল্লেখ পোৱা যায়। মৎস্য কৰতিত আছে—
গঙ্গা আদি কৰি যতেক তীৰ্থক প্ৰণাম কৰো।
শ্ৰীলোহিত প্ৰণাম কৰো একে ঠাই।
গুৰুবাদ
মন্ত্ৰ-সাহিত্যত গুৰুক প্ৰাধান্য দিয়া হৈছে। গুৰুৰ ইচ্ছাতহে মন্ত্ৰ সিদ্ধ হয়,—এই বিশ্বাস বহুল প্ৰচাৰিত।
গুৰু-সম্বন্ধীয় কেইটিমান পদ বিভিন্ন মন্ত্ৰ-পুথিৰপৰা উদ্ধৃত কৰি দিয়া হল—
গুৰুক সুমৰি সাত প্ৰহৰৰ বাট যাওঁ।
গুৰুৰ আজ্ঞাক মই শিৰত যে ধৰি
কুমন্ত্ৰ বিষগণ মাৰো উৎস কৰি।
(কৰতি পুথি)