লোৱাৰ কাহিনী প্ৰচলিত আছে (ধৰ্ম্ম ঠাকুৰ ও মনসা)। ইয়েই সম্ভৱ ধৰ্ম্ম-
দেৱতাৰ গো-ৰূপ।
[১] বৰপেটাৰ কথা গৰুচৰিতত শঙ্কৰদেৱৰ সৈতে অনন্ত কন্দলিৰ সাক্ষাত প্ৰসঙ্গত কন্দলিয়ে বৃষভৰূপৰ ধৰ্ম্ম-পূজা কৰা বিৱৰণ তলৰ দৰে আছে,—
“আৰু, পোতনি পাথৰি গৈ ননৈৰে জলাহৰে মাজ পৰ্ব্বতৰ নিকটে অনন্ত কন্দলীৰ গৃহে বাৰি। খ্যাত মহাপণ্ডিত, পূৰাণ ভাৰত ভাগৱত, বেদ, জ্যোতিষত পাৰ্গত, তথাপি হৰি বিমূখ শাক্ত। ধৰ্ম্মক পূজে। সন্তোষ হৈ পূজা ব্যক্ত হৈ বৃষভ স্বৰূপে গ্ৰহণ কৰে নিতে। তাৰাৰ পত্নীটি মহা শান্তি, বিষ্ণু ভক্তা, অশোকৰ বিপ্ৰ পত্নীৰ সদৃশ। আএ নিতে হৰি গুণে গাই গুৰুজনৰ মহাত্মা উৎকৰিয়া কৰি থাকে। বিপ্ৰে নসই আনত লগাই মাৰিলে। সেই দিনৰে পৰা পূজে, নোহলাইও নাখাইও। পূজা নলয় যেন জানি মনত কষ্ট বিপ্ৰৰ। আই একদিনা স্বামীত সুধিলে বোলে তোমাৰ দেখো মনত কষ্ট? বোলে কি সোধ? মই যাক পূজিছিলো, চৈতন্য ৰূপে লৈছিল। তোক মাৰিবৰ পৰা নোলাই নখাইও। পাচে আএ বোলে য’ৰ বস্তু তলৈ গ’ল। বোলে ক’ৰনো? বোলে শ্ৰীশঙ্কৰ ৰূপে হৰি অৱতাৰ পূৰ্ব্বে বৰদ্ৰবাত, তলৈকে গ’ল। কন্দলী সেই বেশেই গ’ল। যাই দেখে গুৰুজন বসি আছে হৰি কথা চৰ্চ্চি ভক্তে সমে। পাছতে ধৰ্ম্ম পৰি আছে কপিলা গো ৰূপে। দেখি বিপ্ৰৰ নোম শিহৰি প্ৰেম কৰি আছিল। তেনে মহাপুৰুষ গুৰু বোলে মধুভাৰতী দেখো অহা যায়? তোম্ৰা মহা ভাগৱত বক্তা পণ্ডিতৰ মধ্যে শিৰোমণি। তেহে বিপ্ৰে নম্ৰভাএ পৰি বোলে বাপ, দৰশনৰো কাৰ্য্য, আৰু আমি ধৰ্ম্মক পূজিছিলো উদ্ধৱা হৈ পূজা লৈ গ্ৰহণ কৰিছিল। তাত দেখোঁ আছেহি। তত পূজাহে হয় নাই। বোলে তোমাৰ যদি হয়, নিয়া যক। আমি অনা নাই। তেহে বিপ্ৰে সেৱাকৈ স্তুতি নতি কৰি ধৰি তুলিব খোজে, লোমো লাৰিব নাপাৰি অধোমুখে গুচি গ’ল। গৈ ব্ৰাহ্মণীক বোলে হয়, ধৰ্মগুৰু মোৰ আছেগৈ। আৰু তই যাৰ গুণ শীল বখান ঈশ্বৰেই হয়। তাৰাক অসূয়াকৈ তোক মৰাত হে মোক এৰিলে ধৰ্ম্মে। তাৰে পৰা নিতে গৈ ভাগৱত কৈ নাম লয়।”
পুৰণি অসমত ধৰ্ম্ম-পূজাৰ প্ৰচলনৰ বিষয়ে মনসাকাব্যৰ পাতনিত উল্লেখ কৰা হৈছে। মন্ত্ৰ-সাহিত্যৰ ভালেমান ঠাইত ধৰ্ম্ম-পূজাৰ উল্লেখ আছে। চোৰধৰামন্ত্ৰত ধৰ্ম্মৰ বিষয়ে তলৰ দৰে আছে,—
ধৰ্ম ধৰ্ম মহাধৰ্ম ধৰ্ম্মক ধৰ্ম্মে দেখে,
আপুনি মহাদেউ সৃষ্টি কৰি আৰ্জ্জিলে ধানৰ গেড়ি,
বিশ্বকৰ্ম্মাই দিলে ঢেঁকী তাতে ধান বানে ধৰ্ম্মই বহি।
সেই চাউল জাৰি বাতি দিলে মুঠি মুঠি কৰি,
চোৰৰ যাব গাল ফাটি, ঢোক এৰি নিচাৰক ধৰ
ধৰ্ম্মৰ সাত পৰুষ নৰকত পৰ।
ভূত-পিশাচ খেদোৱা মন্ত্ৰ আছে,—
আদি বন্দো, অনাদি বন্দো
বন্দো ধৰ্ম্মৰ পাৱ,
- ↑ * ড.সত্যেন্দ্ৰনাথ শৰ্ম্মা আৰু ড. মহেশ্বৰ নেওগে অসমত ধৰ্ম্মপূজাৰ বিষয়ে আলোচনা কৰিছে; ইয়াত নতুন তথ্য-পাতিৰ ইঙ্গিতহে দিয়া হৈছে।