সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬০
অসমীয়া ভাষা আৰু সংস্কৃতি


তীব্ৰ নখেৰে গোঁসাই আচোৰক দিল
কাল বিকাল দুই খান জিহা ভৈল।
কাল আদি দুই ভাই হৈ থাকা ৰাজা,
পুত্ৰ ভাৱে পালি থাকা সৰ্ব্ব প্ৰজা।
কালি ৰূপে বিকালৰ নাতি,
তোৰ জানো মই জনম জাতি।
গোঁসাইৰ আজ্ঞায়ে সৰ্প পৰ্ব্বতক গৈলা
সৰ্পৰ অলঙ্কাৰে ঘৰক সাজিলা।
সৰ্পৰ মাৰলি, সৰ্পৰ জেঠি,
সৰ্পৰ ৰুৱা, সৰ্পৰ খুটা,
মলয়গিৰি পৰ্ব্বতত হৈল কালী ৰাজা।
বসি আছে একাসনে সবে তোত খাটে।
ৰত্নময় শয্যাখান ভৈলা সৰ্পৰ অলঙ্কাৰ
ত্ৰিজগতৰ সৰ্পগণে তাঙ্ক সেৱা কৰে।
সৰ্গৰ বাট, সৰ্পৰ কাঠ, সৰ্পৰ তুলি,
সৰ্পৰ পাটি গাৰু, সৰ্পৰ সঁজুলি।
সেই শয্যা মাজে থাকে কালী সৰ্প ৰাজা,
একাসনে সৰ্ব্বদাই পালি থাকে প্ৰজা।
পদুমণি নামে যাৰ মুখ্য পটেশ্বৰী,
তেওঁকো পৃথকে থাকে সৰ্পে সেৱা কৰি।
পদুমণি কুঁৱৰী ভৈলা,
কালী ৰাজাৰ সকল গাৱতে তাৰ সৰ্প অলংকাৰ,
সৰ্ব্ব গাৱে পিন্ধি থাকে সৰ্প বালা।
সৰ্পেসে আওল ধৰে কৰন্ত ভোজন।
সৰ্প প্ৰতিপাল থাকে পদুমণি কুমাৰী,
সৰ্ব্বদায়ে থাকে আঙ্ক সৰ্পেসে আওল মাৰি।
নিত্যে তাৰ আনন্দতে দিন যাই,
কুৱঁৰীয়ো থাকে সেৱা কৰি কালীদেৱৰ ঠাই,
কত কাল আনন্দতে দিন বহি গৈলা,
কালীদেৱ ৰাজাৰ মৃত্যু আসি ভৈলা।
জানু পাৰি ডাঁহিয়ে বুলিলা বচন,
একো কাল ৰাজাৰ নাহিকে মৰণ।
দিকপালসৱে ৰাজাৰ কথা কয়,
ৰাজ দৰশনে বিষ পানীকৃত্য হয়।
লহ লহ জিহ্বা তোৰ লহ লহ মাথা,
গোঁসাইৰ আজ্ঞায়ে কহো কালীদেৱৰ কথা।
কালীদেৱৰ কথা শিৰোগত কৰি,
জাৰিলোঁ আকাৰ বিষ পানীকৃত্য কৰি।
জানিলোঁ বিষ মই কাল-বিকাল,
নামি যা বিষ তই সপ্ত পাতাল।