কোনো কোনো ক্ষেত্ৰ দেৱতা নদী-পুখুৰী আদিৰ জলত বাস কৰে। সাধাৰণতে জল অপৱিত্ৰ কৰিলে নতুবা অন্য প্ৰকাৰে অমান্য কৰিলে জলদেৱতা অসন্তুষ্ট হয়। জলদেৱতাৰ কোপৰপৰা ৰক্ষা পাবলৈ জলদেৱতাৰ মন্ত্ৰ আছে। জলদেৱতাৰ ভিতৰত জল-যক্ষ, নাগ-নাগিনী, জলেশ্বৰ, জল-কুবেৰ প্ৰধান (সন্দৰ্শনচক্ৰ কৰতি)।
মনসা পূজা
মন্ত্ৰৰ ভিতৰত সাপৰ মন্ত্ৰৰ সংখ্যাই সৰহ। সাপৰপৰা ৰক্ষা পাবলৈ অথবা সাপৰ বিষ দূৰ কৰিবলৈ এইবোৰ মন্ত্ৰ প্ৰয়োগ কৰা হয়। এইবোৰ মন্ত্ৰত অলেখ সাপৰ নাম আছে, যথা—
কোন কোন সৰ্পৰ কোন কোন জাতি,
সাপৰ নাউ কুচিয়া তৰা মৰলীয়া।
পানী গুৰি মচোৱা সৌকাগোম, হোলোঙাগোম;
আসৈয়াগোম, চেঙেলীয়াগোম, তাঙনীগোম;
মাটি-ফেটি, জাতৰি-ফেটি, চকৰি-ফেটি;
এঙ্গেঠাদাহি, কাশলা, কাৰ্শলী কলা হালধিয়া, কাজিবিৰলী,
শকা-শাকিনীগোম গোমুনী ৱাত জিৰুৱা চিলা।
সাপ নেউলৰ জাতিগত বিদ্বেষৰ আখ্যান এই মন্ত্ৰবোৰত আছে। তলত এই বিষয়ক কেইটিমান পদ উদ্ধৃত কৰা হ’ল—
সাপে গল চৰিবলৈ নেউল গৈল চৰিবলৈ; সাপে-নেউলে লগ পাই আগ ডোখৰ এৰি পাচ ডোখৰ খাই। শুন শুন বাপ নেউলৰ বাণী আহুদি মাটি আনি তাকো জীৱাই, তই থাক বাৰীচুকত মোক বোলে সাঙ্কিনী।
সাপৰ জন্ম বৃত্তান্ত আৰু বিষ সম্বন্ধে সাধাৰণ যি বিশ্বাস তাৰো কিছু পৰিচয় এই মন্ত্ৰবোৰত পোৱা যায়। পদ্মা আৰু শিৱৰ প্ৰেমাখ্যানৰ লগত জড়িত তলৰ মন্ত্ৰটিৰপৰা বিভিন্ন সাপৰ বিষৰ সম্বন্ধে সাধাৰণ মানুহৰ কি বিশ্বাস আছিল সেই কথা বুজিব পাৰি—
যৈসানি গোঁসাই কৈলাসক গৈলা,
দেৱীৰ ৰূপে দেখি অতি মোহ ভৈলা।
গোঁসাই বোলে দেৱী শৃঙ্গাৰ কৰা দান,
মহা কামে জৰ্জ্জৰিত নাহিকে চেতন।
দেৱী বোলে গোঁসাই তুমি শুনিয়ো বচন,
দিবাভাগে শৃঙ্গাৰক দেখো কেনে ভাল।