সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৭
মন্ত্র-সাহিত্যত মধ্যযুগৰ অসম


 কোনো কোনো মন্ত্ৰত বিঙ্গ যক্ষৰ উল্লেখ আছে; এই যক্ষৰ লগত বঙ্গ- দেশৰ নৰবলি গ্ৰহণ কৰা বঙ্কিণী বনদেৱীৰ কিবা সম্বন্ধ আছে নে নাই বিচাৰৰ বিষয়। []কোনো কোনো মন্ত্ৰ হোজাই নামৰ দেৱতাৰ উল্লেখ পোৱা যায়। ই যে জনজাতীয় দেৱতা সি নিসন্দেহ।

খেতৰ-খেতৰী

 ক্ষেত্ৰৰ অধিষ্ঠাতা স্বৰূপে ক্ষেত্ৰপালক আৰু ক্ষেত্ৰপালিকাৰ পূজা প্ৰাচীন ভাৰতত প্ৰচলিত আছিল। এই দেৱতাই খেতিৰ পথাৰ আৰু গৰু, ম’হ ৰক্ষা কৰে বুলি সাধাৰণ বিশ্বাস। তেওঁলোকক পূজা আৰু বলিৰে খেতিয়কে সদায় সন্তুষ্ট ৰাখিবলৈ চেষ্টা কৰে। অসমদেশত খেতৰ-খেতৰী পূজা এতিয়াও চলে। গাই জগিলে ফেহুঁৰে পিঠা সাজি পোৱালিক খেতৰী-খেতৰীৰ পৰা ৰক্ষা কৰিবলৈ ভোগ দিয়া হয় (অসমীয়া বচন ‘গাত খেতৰ লগা’)।

 ক্ষেত্ৰ-ক্ষেত্ৰনী সম্বন্ধীয় মন্ত্ৰপুথিত অলেখ এনে ধৰণৰ দেৱতাৰ বহুল বিৱৰণ আছে,—

সুবচনী বোলে আই, নিলাজীৰ বাণ, কৈত আছে ক্ষেত্ৰগণ ধৰি ধৰি আন,
অৰণ্য বনত বিৰাজ কৰি, খেতৰ খেতৰীক আনিবি ধৰি।
কাটিবি মাথা কৰিবি ছাই, ক্ষেত্ৰগণ মানে যাব ওলাই॥
কোন কোন খেতৰৰ কোন কোন নাও, আদি খেতৰৰ জনম কথা কওঁ।
মাকৰ নাম হোৰাই, বাপেকৰ নাম শোকা, উপজিল বেটা মুণ্ডটো বেঁকা।
জটা বান্ধি মুণ্ডত আৰিলি হোঁকা।
আবৰী বায়েৰে পাৰিলে পাটী, ক্ষেত্ৰৰ বেলাত যি যি আঁঁটি।
চম্‌পা কদলীৰ মহীধৰ নাও এতেক তোৰ জনম কওঁ।
কণ্টকে পিন্ধিলে শৰীৰ গায়।
পিয়োক পানী ওজৰ মালা, স্বকিদি উঠিল জনম চালা।
ভীমে গোজৰে ব্ৰজনাথে বাট, হেমগিৰী পৰ্ব্বতে হীৰাৰ পাত।
সজাই পৰাই ক্ষেত্ৰ, ৰুদ্ৰ ভুবনে দুৱৰী বৈল, ক্ষেত্ৰপাল সিন্ধুৰ ঘৰত।
হৰিশ্চন্দ্ৰ ক্ষেত্ৰ, নাগচন্দ্ৰ ক্ষেত্ৰ, ঐ শিৱ ক্ষেত্ৰ, ঐ ৰামক্ষেত্ৰ,
ৰঙাক্ষেত্ৰ, কালচন্দ্ৰ ক্ষেত্ৰ, পোৰামঙ্গল ক্ষেত্ৰ, মহীপাল ক্ষেত্ৰ;
দুষ্ট ক্ষেত্ৰ, কমলা ক্ষেত্ৰ, গঙ্গাই ক্ষেত্ৰ, দুনাই ক্ষেত্ৰ, টোপোলা ক্ষেত্ৰ,
খেখেতিয়া ক্ষেত্ৰ, শিৰ অঁৰা ক্ষেত্ৰ, লুটমাই ক্ষেত্ৰ, দুপৰীয়া ক্ষেত্ৰ, চুৱাই ক্ষেত্ৰ,
পুহাই ক্ষেত্ৰ, পিপিয়া ক্ষেত্ৰ, গুলাই ক্ষেত্ৰ, চিলাই ক্ষেত্ৰ, নেমাই ক্ষেত্ৰ,
লছাই ক্ষেত্ৰ, পিৰিকা ক্ষেত্ৰ, হিৰি ক্ষেত্ৰ,গিৰি ক্ষেত্ৰ, উগৰা ক্ষেত্ৰ,
বখোৱা ক্ষেত্ৰ ফুটকা ক্ষেত্ৰ, ফেৰা ক্ষেত্ৰ, চৌবনা ক্ষেত্ৰ, কনাই ক্ষেত্ৰ,
ৰঙাই ক্ষেত্ৰ, খেদোৱা ক্ষেত্ৰ, এতেকে ক্ষেত্ৰৰ নাম কহন্তে পলাই ক্ষেত্ৰ যা,
হাতে গা পানী কৰি চুই যা॥


  1. বিনয় ঘোষঃ পশ্চিমবঙ্গেৰ সংস্কৃতি, পৃঃ ৬৬৭-৬৭২