সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৬
অসমীয়া ভাষা আৰু সংস্কৃতি


জিভা বঢ়া, গল-ঘটিকা আদিৰ মন্ত্ৰ উল্লেখ কৰিব পাৰি। ভূত-বিদ্যাৰ চিকিৎসাৰ ভিতৰত আওঁৰীয়া, বলিয়া, শিয়াল কুকুৰে কামোৰা ভূত আদি অপদেৱতা দূৰ কৰা মন্ত্ৰসমূহ প্ৰধান। শিশু-চিকিৎসা বিষয়ক মন্ত্ৰ হৈছে মৰকুচীয়া, লৰাই নকন্দা মন্ত্ৰ আদি। অগদ তন্ত্ৰৰ ভিতৰত সাপ, চেলা, বিছা, বাঘে খোৱা আদি নিৰাময় কৰা মন্ত্ৰ। ৰসায়ন তন্ত্ৰৰ চিকিৎসাৰ ভিতৰত চৌষস্টি জ্বৰ, বহুবিধ লেঙ ব্যাধি, মোৰ, গ্ৰহণী, শূল, বায়ুৰোগ আদি উপশম বিষয়ক মন্ত্ৰ। বাজী- কৰণ তন্ত্ৰৰ চিকিৎসাৰ ভিতৰত বীৰ্য্য বৃদ্ধিকৰণ, নপুংসককৰণ, যোনী বন্ধন প্ৰভৃতি মন্ত্ৰ৷

ধৰ্ম্ম বিশ্বাস
অপদেৱতা

 মন্ত্ৰপুথিত অজস্ৰ অপদেৱতাৰ উল্লেখ পোৱা যায়। সেই সকলোৰে তালিকা ইয়াত দিয়া সম্ভৱপৰ নহয়। কিন্তু এনে এখনি তালিকাই মধ্যযুগৰ অসমৰ সাধাৰণ মানুহৰ ধৰ্ম্ম-বিশ্বাস আৰু গ্ৰাম্য দেৱতাৰ বিষয়ে ভালেখিনি পৰিচয় দিব। জাতীয় সংস্কৃতিৰ ইতিহাস সংকলনত এনে তালিকাৰ বিশেষ মূল্য আছে।

 সাধাৰণতে ভূত-ভূতুনী, পিশাচ-পিশাচিনী, যখ-যখিনী, প্ৰেত-প্ৰেতিনী, দৈত্য-দানৱ, খেতৰ-খেতৰী, বিৰা, ডাকিনী-যোগিনী, আলক্ষণী-বিলক্ষণী, মাটি- গুলৈ, ধনগুলৈ, নাগ-নাগিনী বিভিন্ন মোৰ আদি অনেক জলচৰ, স্থলচৰ, বৃক্ষচৰ অপদেৱতাৰ নাম পোৱা গৈছে। ইয়াৰ বাহিৰেও জন-জাতীয় লোক- সকলৰ পূজিত দেৱ-দেৱীৰো উল্লেখ আছে। তাৰ ভিতৰত ডফলা আৰু গাৰোৰ দেৱতাৰ উল্লেখ বহুত মন্ত্ৰত পোৱা যায়।

 অপদেৱতাৰ ভিতৰত গুলৈ নামৰ বহু অপদেৱতাৰ নাম আছে; তাৰে মাজত ধনগুলৈ প্ৰধান। এই গুলৈৰ সহায়ত মাটিৰ তলত থকা নিধি লাভ কৰিব পাৰি। কামৰত্ন তন্ত্ৰৰ ত্ৰয়োদশ পটলত নিধি দৰ্শনৰ কাৰণে যক্ষৰ মূৰ্ত্তি কেনেকৈ সাজিব লাগে, কোন কোন মন্ত্ৰ মাতিব লাগে আৰু কেনেকৈ পূজা পাতল পাতিব লাগে তাৰ বিশদ বৰ্ণনা আছে।

 নিধি দেৱতা স্বৰূপে কুবেৰৰো উল্লেখ পোৱা যায়। কুবেৰৰ অনুচৰবৰ্গয়ো মানুহৰ অনিষ্ট সাধন কৰে। সেইহে এটি মন্ত্ৰত আছে,—

মাৰো কৰতি উত্তৰে যা।
কুৰেৰ অনচৰ খেদি খেদি খা॥