১১। মন্ত্ৰ-সাহিত্যত মধ্যযুগৰ অসম
আগকথা
মন্ত্ৰই প্ৰাচীন অসমীয়া সাহিত্যৰ এটা বিৰাট ভাগ আগুৰি আছে। আজিলৈকে উদ্ধাৰ হোৱা প্ৰাচীন অসমীয়া পুথিৰ ভিতৰত মন্ত্ৰগুপ্তিৰ সংখ্যাই সৰহ। কিন্তু এই মন্ত্ৰ পুথিসমূহৰ ভাষা আৰু বিষয়-বস্তুৰ বিষয়ে যথোচিত- ভাৱে এতিয়ালৈকে কোনো আলোচনা হোৱা নাই।
মন্ত্ৰসমূহৰ ৰচনাকাল নিৰ্ণয় কৰা টান। মন্ত্ৰৰ ৰচকসকলৰো নাম পাবলৈ নাই। অধিক ভাগ মন্ত্ৰই যে শঙ্কৰদেৱৰ আবিৰ্ভাৱৰ পূৰ্ব্বে ৰচনা হৈছিল সেই কথা কেইবাটাও যুক্তিৰে অনুমান কৰিব পাৰি। মন্ত্ৰসমূহৰ বিষয়-বস্তু বিশ্লেষণ কৰিলে সেইবোৰৰ ওপৰত বৌদ্ধ মহাযানধৰ্ম্মৰ মন্ত্ৰযান শাখাৰ প্ৰভাৱ পৰিছে বুলি অনুমান হয়। মন্ত্ৰযান শাখাৰ অভ্যুদয় কাল খৃষ্টীয় সপ্তম শতিকাৰ পিছত।
ড° বাণীকান্ত কাকতিয়ে অসমৰ ইন্দ্ৰজাল বিদ্যাৰ প্ৰাচীনত্ব বিষয়ৰ আলোচনাত খৃষ্টীয় নৱম শতিকাত অসমলৈ অহা শঙ্কৰাচাৰ্য্যক তান্ত্ৰিক অভিচাৰ মন্ত্ৰেৰে (কুমত্ৰেৰে) পৰাজিত কৰাৰ, উল্লেখ কৰিছে। শিখ ধৰ্ম্ম- গ্ৰন্থত আৰু মোগল ইতিহাসত অসমত প্ৰচলিত তন্ত্ৰ-মন্ত্ৰৰ উল্লেখ আছে।১[১]এইবোৰৰপৰা মন্ত্ৰৰ প্ৰাচীনত্ব বুজিব পাৰি। সম্ভৱতঃ খৃষ্টীয় দশম-একাদশ শতিকাৰপৰা অসমত মন্ত্ৰৰ প্ৰচলন ব্যাপকভাৱে হৈছিল। আহোম স্বৰ্গদেৱ সকলেও যুদ্ধ-বিগ্ৰহ আদি নানা কাৰ্য্যত মন্ত্ৰৰ সহায় লোৱাৰ বিৱৰণ বৰঞ্জীত আছে।
মন্ত্ৰসমূহ ঘাইকৈ অথৰ্ব্ববেদ, বৌদ্ধ আৰু হিন্দুৰ তন্ত্ৰ-শাস্ত্ৰ আৰু জন- জাতিসকলৰ বিশ্বাসৰ সংমিশ্ৰণত গঢ়ি উঠিছে। মন্ত্ৰসমূহ যে বেদৰ বাহিৰ আৰু ভালেমান মন্ত্ৰ যে অথৰ্ব্ববেদৰপৰা উদ্ভৱ হৈছে সেই কথা কৰতিমন্ত্ৰ পুথিৰ নানা প্ৰসঙ্গত আছে—
অনন্ত গোসাঞি শুতিয়া আছন্ত।
চাৰিবেদ বাজ ভৈল নিশ্বাস কাঢ়ন্তে॥
হুঙ্কাৰ শৱদে অথৰ্ব্ববেদ ভৈলা
* * *
অথৰ্ব্ব বেদৰ আদ্য কৰতি কহে।
কৰতি মন্ত্ৰ জগতত বহে॥
১
- ↑ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পত্ৰিকাত এই বিষয়ে লেখকৰ প্ৰৱন্ধ প্রকাশিত হৈছে।