হবলৈ ধৰিলে। ভাষাবিদসকলে অনুমান কৰে যে বৌদ্ধপণ্ডিতসকলেই প্ৰথমে
পালি নামৰ প্ৰাকৃত ভাষাক ধৰ্ম্ম প্ৰচাৰ কাৰ্য্যত ব্যৱহাৰ কৰি সাহিত্যিক
মৰ্য্যাদা দান কৰিলে। পিছৰ যুগৰ সংস্কৃত কবিসকলেও নিজৰ ৰচনাত প্ৰাকৃত
ভাষাক ঠাই দিবলৈ বাধ্য হ’ল।
মধ্য আৰ্য্য-ভাষাৰ বা প্ৰাকৃতৰ তিনিটা স্তৰ নিৰ্ণয় কৰা হৈছে—(ক) আদি প্ৰাকৃত, (খ) মধ্য প্ৰাকৃত, (গ) আন্ত্য প্ৰাকৃত বা অপভ্ৰংশ। এই তিনিও স্তৰৰ আনুমানিক কাল হৈছে, যথাক্ৰমে খৃষ্ট পূৰ্ব ষষ্ঠ শতাব্দীৰপৰা খৃষ্টীয় প্ৰথম শতাব্দী; খৃষ্টীয় প্ৰথম শতাব্দীৰপৰা খৃষ্টীয় ষষ্ঠ শতাব্দী, আৰু খৃষ্টীয় ষষ্ঠ শতাব্দীৰপৰা খৃষ্টীয় দশম শতাব্দী। বৈয়াকৰণিকসকলে পালিভাষাৰ বাহিৰে অন্যান্য প্ৰাকৃতক কেইবাটাও ভাগত ভগাইছে। যেনে, মহাৰাষ্ট্ৰী, শৌৰসেনী, পৈশাচী, মাগধী আৰু অৰ্ধমাগধী। এই প্ৰতি শাখাই এসময়ত ভাৰতৰ বিভিন্ন অঞ্চলৰ কথিত ভাষা আছিল। প্ৰাচীন ভাৰতীয় আৰ্য্য ভাষাৰ প্ৰধানকৈ তিনি বিষয়ত, – ধ্বনি, শব্দ-ৰূপ আৰু পদ প্ৰয়োগত, পৰিৱৰ্ত্তন ঘটি, মধ্যযুগৰ ভাৰতীয় আৰ্য্যভাষা বা প্ৰাকৃতৰ জন্ম হয়।
প্ৰাকৃতত প্ৰথমে ধ্বনিক সহজীকৰণ কৰা হ'ল। ইয়াত ঋ-কাৰ আৰু ৯-কাৰ ধ্বনি লোপ পালে। ঋ-কাৰ ঠাইত অ-কাৰ, ই-কাৰ, উ-কাৰ, নতুবা ৰ, ৰি, আৰু ৰু-ৰ প্ৰয়োগ হ’ল; যেনে শৃগাল > সিয়াল (অ. শিয়াল); হৃদয় > হিঅঅ (অ. হিয়া)। ঐ কাৰ আৰু, ঔ-কাৰৰ ঠাইত এ-কাৰ আৰু ও-কাৰ হ'ল। যেনে তৈল > তেল্ল (অ. তেল); বৈদ্য বেজ্ জ (অ. বেজ); ঔষধ> ওষুধ, যৌৱন > জোৱৱন (অ. জোৱান)। এই পৰিৱৰ্ত্তন স্বৰতকৈ ব্যঞ্জন ধ্বনিত বিশেষভাৱে দেখা দিলে। অনুস্বাৰৰ বাহিৰে সকলো পদান্ত ব্যঞ্জন ধ্বনিৰ লোপ হ’ল। পদৰ আদিত যুক্ত ব্যঞ্জন থাকিলে তাৰ এটা লপ্ত হয়; অথবা ম্বৰ-ভক্তিৰ নিয়ম অনুসাৰে ব্যঞ্জন দুটা পৃথক হয়। যেনে স্থবিৰ>থেৰ (অ বুঢ়া-থেৰা); স্নেহ > সেনহ (অ. চেনেহ )। পদৰ মাজত থকা মুক্ত-ব্যঞ্জন সমীভূত হয়, নহলে স্বৰ-ভক্তিৰ হেতু ব্যঞ্জন দুটা বেলেগ হয়। যেনে, হস্ত>হত্ থ (অ. হাত); হৰ্ষ > হৰিস (অ. হৰিষ)।
পদান্ত-ব্যঞ্জন লুপ্ত হোৱাত শব্দ-ৰূপৰ পৰিৱৰ্ত্তন ঘটিল। সকলোবোৰ শব্দই স্বৰান্ত হ’ল। ধাতু-ৰূপত সংস্কৃতৰ বৈচিত্ৰ্য লোপ পালে। সকলো ধাতুকে ভ্বাদিগণীয়ৰ দৰে ৰূপ কৰা হ’ল। অতীত বুজাবলৈ এটি কালৰ প্ৰয়োগহে ৰলগৈ। পদ-প্ৰয়োগতো সহজীকৰণ হ’ল। সম্প্ৰদান কাৰক বা চতুৰ্থী বিভক্তি লোপ পালে; চতুৰ্থীৰ কাম ষষ্ঠীৰ যোগে সম্পন্ন কৰা হ’ল।
মধ্য-ভাৰতীয় আৰ্য্যভাষাৰ শেষ স্তৰক অপভ্ৰংশ বোলা হয়। প্ৰত্যেক প্ৰাকৃতৰে এটি অপভ্ৰংশ ৰূপ আছিল বুলি অনুমান কৰা হয়, আৰু সেই- বোৰৰপৰাই আধুনিক ভাৰতীয় আৰ্য্যভাষা-সমূহৰ উৎপত্তি। মাগধী অপভ্ৰংশৰ