সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৯
নামঘৰ : জাতীয় নাটশাল


মন্দিৰৰ নৃত্যই ক্ৰমবিকাশৰ ফলত অভিনয়ত পৰিণত হ’ল। নাট্যশাস্ত্ৰকাৰ- সকলৰ মতেও নাট-অভিনয়ৰ জন্মৰ আদিতে আছিল নৃত্য, অৰ্থাৎ তাল-লয়- আশ্ৰিত অঙ্গ-সঞ্চালন; তাৰ পিছত হল নৃত্য অৰ্থাৎ বিবিধ মুদ্ৰাসহ মুক অভিনয়। সৰ্ব্বশেষত হল নাট্য বা নাট অৰ্থাৎ নৃত্য-গীতসহ বাচিক আৰু কায়িক অভিনয়।

 নৃত্যৰ দৰে গীতেও নাট বা অভিনয়ৰ উদ্ভৱত সহায় কৰিছে। আদি অৱস্থাত মানুহে মন্দিৰ-প্ৰাঙ্গণত দেৱতাৰ পূজাৰ অৰ্থে সুৰ-তাল-লয়েৰে পদাৱলী কীৰ্ত্তন কৰিছিল। গীত কীৰ্ত্তনৰ লগে লগে গায়কসকলে নাচ আৰু অঙ্গ-ভঙ্গিমাৰে শ্ৰোতাসকলৰ আগত আখ্যানবস্তু ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিলে। প্ৰয়োজন অনুসৰি কেতিয়াবা মুখাও পিন্ধিছিল; দৰ্শকক বুজাবলৈ কথা আৰু কথোপকথনৰো সহায় লৈছিল।

 অসমীয়া নাট আৰু অভিনয়ৰ প্ৰথম স্তৰৰ নিদৰ্শন ওজা-পালি অনুষ্ঠানত এতিয়াও সংৰক্ষিত হৈ আছে। মূল গায়কে পালিসকলৰ সহায়ত গীতটোৰ আখ্যান ভাগটো নাচ আৰু অঙ্গি-ভঙ্গিৰে বুজাবলৈ চেষ্টা কৰে। এই ওজা- পালিৰ অন্য নাম পাঁচালি বা পাঞ্চালি। এই শব্দটো সংস্কৃত পাঞ্চালিক বা পঞ্চলিকা শব্দৰপৰা আহিছে। পূৰ্ব্বত ইয়াৰ অৰ্থ আছিল নাচৰ পুতলা; এই গীতবোৰ আদিতে পুতলা নাচৰ লগত গোৱা হৈছিল; কিন্তু সময়ৰ লগে লগে পুতলা-নাচ আৰু পাঁচালি দুই ভিন্ন অনুষ্ঠানত পৰিণত হল। অৱশ্যে কোনো কোনোৰ মতে পাঞ্চাল দেশৰপৰা আহিছিল বুলি ইয়াৰ নাম পাঞ্চালি বা পাঁচালি। কাৰো মতে এই নৃত্য-গীত অনুষ্ঠানত পাঁচোটি ভাগ আছে দেখি ইয়াৰ নাম পাঞ্চালি। যেনে, পা-চাল অৰ্থাৎ ভৰি চালনা কৰি এই গীত গোৱা হয়; নাচাবি অৰ্থাৎ নাচি নাচি গোৱা হয় ইত্যাদি। তদুপৰি ওজা আৰু পালিৰ মাজত প্ৰশ্ন সমৰ্থনৰ ৰূপত সংলাপ সন্নিবেশ কৰা হয়। মহাপুৰুষ শঙ্কৰদেৱৰ পূৰ্ব্বেও আমাৰ দেশত ওজা-পালিৰ বিশেষ প্ৰচলন আছিল। মন্দিৰৰ প্ৰাঙ্গণৰ বাহিৰেও সামাজিক উৎসৱ অনুষ্ঠানত ওজা-পালি গীত গোৱাৰ প্ৰথা এতিয়াও প্ৰচলন আছে। বিশেষকৈ বেউলা-লখিন্দৰৰ আখ্যান ওজাপালি গীতৰ প্ৰধান উপজীৱিকা। দেৱতাৰ মহিমা বৰ্ণোৱাৰ চলেৰে অসমীয়া সমাজৰ বাস্তব চিত্ৰ ফুটাই তোলাতে এই গীতসমূহৰ বৈশিষ্ট্য। সাধাৰণ মানুহৰ সুখ-দুঃখ বৰ্ণনা কৰাৰ হেতু ওজাপালিৰ গীত আজিলৈকে জনপ্ৰিয় হৈ জীয়াই আছে। এই আখ্যানত গাৱলীয়া মুনিহ-তিৰোতাই নিজৰ জীৱনকে প্ৰতিফলিত দেখিছে; আখ্যানৰ চৰিত্ৰৰ দুখ-বেজাৰ নিজৰ দুখ-বেজাৰৰ ৰূপেই অনুভৱ কৰিছে। সাধাৰণ লোকৰ হৃদয় আকৰ্ষণ আৰু স্পৰ্শ কৰিব পাৰিছে দেখি ওজা-পালি পুৰণি হৈও পৰিবৰ্জ্জিত হোৱা নাই।

 অসমত নাটক, ভাওনা প্ৰথমে মহাপুৰুষ শঙ্কৰদেৱে প্ৰৱৰ্ত্তন কৰে বুলি