নদীত কাষত মানুহৰ বসতি হোৱাৰ সিও এটি কাৰণ। হৰিণ, ছাগলী, শূকৰ, গড় (পবৰ্তত মাৰিলো নোদোকা গাহৰি ভৈয়ামত মাৰিলো গড়), গুঁই, কাছ, হাঁহ, পাৰ, কপৌ আদি বিবিধ চৰাইৰ মাংস অসমীয়াৰ প্ৰিয় খাদ্য। চৰাই-চিৰিকতি আৰু, বন্য-জন্তু ধৰিবলৈ ফাদ-চিটিকা আদি তৈয়াৰ কৰে। অসমৰ নদ-নদী, বিল-খাল, মাছ-পুঠীৰে পৰিপূৰ্ণ। বিহ-গীতত শাল, শ'ল, শিঙ্গি, চেঙ্গা, বামী, বৰালী, বালিচন্দা, এলেং, দড়িকণা, নাৰ-বাট, ৰৌ, চিতল আদি অসংখ্য মাছৰ নাম আছে। কোনো কোনো পদত গাভৰুৰ দেহৰ লাৱণ্য আৰু, সৌন্দৰ্যৰ লগত মাছৰ তুলনা দিয়া হৈছে। এই কথাই অসমীয়া মানুহৰ মাছ-প্ৰীতিৰ পৰিচয় দিয়ে। মাছক অসমীয়া মানুহে প্ৰজননৰ প্ৰতীক আৰু, মাঙ্গলিক বুলি বিশ্বাস কৰে। সেই কাৰণে কন্যাৰ ঘৰলৈ নিয়া জোৰোণৰ বস্তুৰ লগত মাছ অপৰিহাৰ্য্য। গামোচা আৰু, চাদৰত মাছৰ চিত্ৰ বছা হয়। প্ৰজননৰ প্ৰতীক হেতু মাছ মাৰিবলৈ যাওঁতে অসমীয়া ডেকা- গাভৰুৰ প্ৰথম প্ৰেমৰ উন্মেষ। মাছ মাৰিবৰ অনেক বুধি অসমীয়া মানুহে জানে। জাকৈ, জাল, পল, খোকা, দলঙাৰ বাহিৰেও নৈৰপৰা জান কাটি মাছ ধৰে (মাছ মাৰিবৰে অনেক কৈয়ে বুধি দীঘলী কাটিবৰ লোৰ)। মাছ আৰু কাছৰ কণীও অসমীয়াৰ প্ৰিয় খাদ্য। লুইতৰ বালিত কাছৰ কণী বিচৰা এটি আমোদী ক্ৰীড়া-কৌতুক। শাক-পাচলিৰ ভিতৰত চুকা, কচু, ঢেকীয়া, কেৰেলা, বাবৰি, ভেদাই লতা, খুতৰা শাকৰ বিশেষ উল্লেখ আছে। জিকা, বেঙেনা, ঔ টেঙ্গাৰো নাম পোৱা যায়। গাজ টেঙ্গা, কাহুদি-খাৰলি বিশেষ প্ৰিয় খাদ্য। অসম দেশ বহুতো টেঙ্গাৰ কাৰণে প্ৰখ্যাত। বিহু গীতত সৰবৰাহী হোৱা টেঙ্গা হৈছে—জবা, জেনেবু, চকলা, থেকেৰা, নৰা-সুমথিৰা। ফল-মূলৰ ভিতৰত বিভিন্ন শ্ৰেণীৰ ফল, আম, কঠাল, তেতেলি, পনিয়ল, তিয়'হ-চিড়াল, বগী জামু, বগৰী, আমলখি, শিলিখাৰ উল্লেখ আছে। বগৰী, কোট-কোৰা, থেকেৰা আদি ফলমুল শকুৱাই ভবিষ্যতৰ ব্যৱহাৰৰ উপযোগী কৰি ৰখাৰ বিবিধ প্ৰণালী অসমীয়া মুনিহ-তিৰোতাই জানে। এই সংৰক্ষণ প্ৰথাসমূহে জাতিৰ ব্যৱহাৰিক জীৱনৰ কৰ্ম্মকুশলতা আৰু সঞ্চয় মনোবৃত্তিৰ পৰিচয় দিয়ে।
অসমীয়া মানুহৰ প্ৰাচীন খাদ্যৰ তালিকাত ডাইলৰ স্থান নাছিল যদিও বিহ-গীতে মাটি আৰু, লেছেৰা মাহৰ ব্যৱহাৰ উল্লেখ কৰিছে। কুহিয়াৰৰ ভিতৰত বগী কুহিয়াৰৰ নাম প্ৰসিদ্ধ। তামোল পাণৰ ব্যৱহাৰৰ বিষয়ে আগতে বহলাই আলোচনা কৰা হৈছে। তামোলৰ লগত চূণ-ধপাত আৰু, লং-জাইফল খোৱা হয় বুলিও কেতবোৰ গীতত কোৱা হৈছে। মন কৰিবলগীয়া যে সৰ্ব্ব- ভাৰতীয় তামোল খোৱা প্ৰণালীৰ লগত অসমীয়াৰ তামোল কটা আৰু, খোৱা প্ৰথাৰ কিছু পাৰ্থক্য আছে। অসমীয়াই কেচা তামোল আনকি কুমলীয়া তামোল (কুমলীয়া তামোলে কোঁচ নভৰিলে খোপাই নধৰিলে ফল) খায়।