সংস্কৃত (লৌকিক) নামত ভিন হলেও দুই ভাষাৰ মাজত ভালেমান সাদৃশ্য আছে। দুই ভাষাৰ মাজত ধ্বনিতে পাৰ্থক্য নায়েই, ব্যাকৰণতহে মাথোন সামান্য প্ৰভেদ।
কিন্তু ভাৰতৰ বিভিন্ন অঞ্চলৰ সংস্কৃতৰ প্ৰসাৰ বঢ়াৰ লগে লগে অনাৰ্য্য ভাষাৰ সংমিশ্ৰণত ধ্বনি, ব্যাকৰণ-ৰীতি আৰু শব্দ-সম্ভাৰত এই ভাষাৰ সলনি হ’ল। তাৰে ফলত আদি বা প্ৰাচীন আৰ্য্যভাষাৰ পৰিবৰ্ত্তন ঘটি মধ্যযুগৰ আৰ্য্যভাষা সম্প্ৰদায়ৰ সৃষ্টি হল। আৰ্য্যভাষাৰ এই দ্বিতীয় বা মধ্যস্তৰৰ ভিতৰত পুৰণি ভাৰতৰ কথিত প্ৰাকৃত ভাষা-সমূহ পৰে। উচ্চাৰণ কোমল আৰু সহজ কৰা মানুহৰ ধৰ্ম্ম। সেই কাৰণেই সংস্কৃতৰ সহজ সৰল ৰূপান্তৰ হিছাপে প্ৰাকৃতৰ উদ্ভৱ হ’ল। সংস্কৃত ভাষা জটিল আৰু আড়ম্বৰপূৰ্ণ; প্ৰাকৃত ভাষা সৰল আৰু মধুৰ। স্বৰ-বাহুল্যৰ কাৰণে প্ৰাকৃত ভাষাৰ উচ্চাৰণো সহজ। সংস্কৃততকৈ প্ৰাকৃতত যুক্ত ব্যঞ্জনৰ সংখ্যা কম। প্ৰাচীন ভাৰতীয় পণ্ডিতসকলে প্ৰাকৃত ভাষাৰ সংজ্ঞা তলৰ দৰে দিছেঃ
“প্ৰকৃতিঃ সংস্কৃতম্ তত আগতং তত্ৰ ভবম্বা প্ৰাকৃতম।”
“প্ৰকৃতিঃ সংস্কৃতম্ তদ্ বিকৃতিঃ প্ৰাকৃতম্।”
“প্ৰাকৃতিজনানাম্ ভাষা প্ৰাকৃতম্।”
“প্ৰাকৃতস্য তু সৰ্ব্বমেব সংস্কৃতং যোনিঃ।”
ওপৰত দিয়া সংজ্ঞাৰপৰা প্ৰাকৃত ভাষাৰ মূল আৰু উৎপত্তি সম্বন্ধে তিনিটা বিভিন্ন মতৰ সৃষ্টি হৈছে। প্ৰকৃতিৰপৰা যাৰ জন্ম বা প্ৰকৃতিৰপৰা যি আহিছে, সেয়ে প্ৰাকৃত। এই প্ৰকৃতি কি? কোনোৰ মতে সংস্কৃত; কিয়নো সংস্কৃতপৰা ইয়াৰ উৎপত্তি; আৰু সংস্কৃত ভাষাই প্ৰাকৃতৰ প্ৰকৃতি। দ্বিতীয় দলৰ মতে প্ৰকৃতি অৰ্থাৎ স্বভাৱতে যি ভাষাৰ জন্ম হৈছে তাৰ নাম প্ৰাকৃত। দোষ বহিষ্কৃত কৰি য’ত গণ সন্নিৱেশ কৰা হৈছে সেয়ে সংস্কৃত আৰু যাৰে তেনে কৰা হোৱা নাই, সেয়ে প্ৰাকৃত। এই মত সমৰ্থকৰ সকলে কয় যে সাধাৰণ মানুহে যি ভাষা ব্যৱহাৰ কৰে সেই ভাষাৰ নামেই প্ৰাকৃত। কিন্তু তৃতীয় মত সমৰ্থনকাৰীসকলে লৌকিক সংস্কৃতক কথিত ভাষা বুলি অস্বীকাৰ কৰি কয় যে বৈদিক ভাষাৰ যি সময়ত প্ৰচলন আছিল সেই সময়তে প্ৰাকৃতো কথিত ভাষা হিচাপে ব্যৱহৃত হৈছিল। কিন্তু এইটো নিশ্চিত যে পিছৰ যুগৰ আৰ্য্যসকলৰ অন্যান্য ভাষা-ভাষীৰ লগত সংযোগ ঘটাৰ ফলত সংস্কৃত ভাষাৰ বহু পৰিৱৰ্ত্তন ঘটিল, আৰু আৰ্য্য-অনাৰ্য্যৰ এই সংমিশ্ৰণৰ ফলতে প্ৰাকৃত ভাষাৰ সৃষ্টি। কিন্তু ভাষাৰ এই নতুন ৰূপ পাবলৈ কেইবা শ বছৰ লাগিছিল।
প্ৰাকৃত ভাষা প্ৰথমে কথিত ভাষা আছিল যদিও গৌতম বুদ্ধৰ জন্মৰ পিছৰপৰা আৰু বৌদ্ধধৰ্ম্মৰ প্ৰচাৰৰ লগে লগে প্ৰাকৃতত সাহিত্যও সৃষ্টি