সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩০
অসমীয়া ভাষা আৰু সংস্কৃতি


ফাল, যুঁৱলি, যোত (যোত্ৰ, যোক্ত্ৰ), বৰতি (বৰত্ৰা), ওখোন (আখান, আখন); কৃষি-কৰ্ম্ম বুজুৱা হাল (হাল), চহ (কৃষ), সিচা (সিঞ্চন), সমাৰ (সম্পাকাৰ), মৰণা (মৃণস্তৰ); শস্য আৰু শাক-পাচলিৰ নাম ধান, মাহ, তিল, কুহিয়াৰ (কোষকাৰ), সৰিয়হ (সৰ্ষপ), লাই (ৰাজিক), চাঙ্গেৰী (চাঙ্গ), বাবৰি (বৰবটী), ভেদালি (ভদ্ৰালি), শুং (ধানৰ) আদি সংস্কৃত ভাষাৰ প্ৰসাদ।

 মাক-বাপেক, ককাই-ভাই, জীয়ৰী-বোৱাৰীৰ সৈতে অসমীয়াৰ ভৰপুৰ গৃহস্থালি। অসমৰ গাৱঁৰ কোনো কোনো অঞ্চলত জোঁৱাইৰ সম্মুখত শাহুৱে মুখ দেখুৱাবৰ নিয়ম নাই। এই সম্পৰ্ক'ৰ বিষয়ে দুই-এটি ধেমালীয়া পদ আমাৰ বিহ-গীতত পোৱা যায়-

বাঁহৰ তলে তলে বাঁহীটো বজালো
  শাহৱে শুনেকহি বলি।
শাহু আয়ে শনিলে মিচিকাই হাঁহিলে
  জোৱাই ধেমেলিয়া বলি।”

 সাধাৰণতে ভূ'ই ৰোৱা, ধান দোৱা, মৰণা মৰা আৰু, ম'হ চৰোৱা, মাছ মৰা, চিকাৰ কৰা আদি খাদ্য সংগ্ৰহৰ (food collecting) কাম পৰিয়ালৰ সকলোৱে মিলি-জুলি কৰাৰ প্ৰথা। তিৰোতাৰ দৈনন্দিন কাৰ্যাৱলীৰ ভিতৰত চোতাল-সৰা, উঁই মাটিৰে ঠাই মছা (পানী আনি আনি ঘৰকে মচিলা, পথাৰৰ হাফলু মাটি), পানী অনা, ধান বনা, ভাত ৰন্ধাই প্ৰধান। ইয়াৰ ভিতৰত কেচা খৰিৰে ভাত ৰন্ধা ঘৰুৱা জীৱনৰ দুৰ্ব্বহ যাতনা! (কোঁচা আমখৰি ফালিম কেনে কৰি জলাম কেনে কৰি জ্বই; কেঁচা খৰি বুলি আফালি- সাফালি ধোঁৱাই খাব বলি কান্দো)।

 বছৰৰ পিন্ধা কাপোৰ খিনি জীয়ৰী-বোৱাৰীয়ে বৈ-কাটি উলিয়ায়। ৰাতিটোৰ ভিতৰতে পাঁজী কাটি কাপোৰ বোৱাৰ উল্লেখ আছে (ৰাতিটোৰ ভিতৰত কাটে পাঁজি-সূতা পুৱালৈ তৰিলে তাঁত)। সন্তান জন্ম দিয়াও তিৰোতাৰ প্ৰধান কৰ্ত্তব্যৰ ভিতৰত (পুৰুষৰ ৰণ, তিৰিৰ বিয়ন)।

 গৃহস্থালিৰ উৎসৱৰ ভিতৰত বিয়া-বাৰু প্ৰধান। ল'ৰালৈ ছোৱালী, ছোৱালীলৈ ল'ৰা খোজা-বঢ়া সাধাৰণতে মাক-বাপেকেই কৰে। বিবাহৰ কথা- বতৰা হোৱাৰ লগে লগে ৰাহি-জোৰা চাই (তোমাৰ মোৰে চাই ৰাহি-জোৰা, মাৰে বাপেৰে হেনো), বামুণ-গণকৰ হতুৱাই চোৱাই-চিতাই বিয়াৰ দিন নিৰ্ধাৰিত কৰে (বামুণক চোৱালো, গণকক চোৱালো, হব মোৰ বহাগত বিয়া)। বিবাহৰ বাবে বহাগ মাহটো প্ৰশস্ত। কোনো কোনো ক্ষেত্ৰত বিহুতলীৰ পৰা ছোৱালী পলুৱাই অথবা বাটৰপৰা ধৰি নি পিছত ধন ভৰি বিয়া কৰোৱা হয় (বিহু মাৰি থাকোঁতে পলৱাই নিনিবা ভৰিব লাগিব ধন)। কোনো কোনোৱে ধন লৈ ছোৱালী বিয়া দিয়ে (আয়ে বোপায়ে আলচখন পাতিছে আমাক বেচি