বৰাকৈ আদমে পুখুৰী খনালে
চৌপাশে বান্ধিলে পাৰ।
এনুৱা পুথুৰীত চিত হৈ বুৰিলে
মলিও নুগুছিল গাৰ॥
পুখুৰী ইচনে পুখুৰী বিচনে
পানীত পোনাবাঁহি চৰে,
পানীত পোনাবাঁহি বামলৈ উঠিলে
সাধুৰ গুণ বিলাপ কৰে॥
নামৰে ডাঙৰ চাৰিটি কলিমা
চিজৰে ডাঙৰ ভাত
তাকে নেখালে পামৰু নবহে
নোলায় শৰীলৰ মাত।
আকাশত ফুলিলে আকাশী চন্দ্ৰমা
তাত পৰে সোণৰ ভোমোৰা॥
আপোনাৰ শৰীলক আপুনি নিচিন
হৈ আছ জীয়াতে মৰা।
বনি আদমে এই আলি বন্ধালে
দীঘলী এখনি থল।
হাৱা ও আদমে পুখুৰী বনালে
সৰিয়হ নগলে তল॥
এই দুনীয়ালৈ কেলেই আহিলো
সৰুতে নগলো মৰি,
গোব আজাবৰ বাতৰি শুনি মোৰ
আগলৈ নচলে ভৰি॥
কি কাম কৰিলো কি বুধি কৰিলো
বাৰীত ডামে কলে ৰুই,
আগেয়ে নেজানো এতিয়া জানিলো
শৰীলত একুৰা জুই।
সৰুৰে পৰা গৰু ৰাখিছিলো
মাথাৰো পকালো চুলি,
পামৰু মনায়ে বুজিব নোৱাৰে
নামেহে সাৰ কথা বুলি॥
এই বৰ ঘৰ কেলেই সজালা
কেলেই সাঁচিলা ধন।
জপাৰ বৰে কাপোৰ জপাতে পচিব
হাড়তো গজিব বন॥
বৰে ঘৰ ভাগিলে সাজিম ভালে কৰি
কালতকৈ ৰূপহী কৰি,