সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১০
অসমীয়া ভাষা আৰু সংস্কৃতি


পুথিৰ ভিতৰত সকুমাৰ বৰকাঠৰ ‘হস্তী-বিদ্যাৰ্ণৱ’ উল্লেখ কৰিবলগীয়া। চিত্ৰ-যুক্ত এই পুথিখনি মহাৰাজ শিৱসিংহ আৰু তেওঁৰ কুঁৱৰী অম্বিকাদেৱীৰ নিৰ্দ্দেশত ১৭৩৪ খৃষ্টাব্দত যুগুত কৰা হয়। পাৰ্থিব চিত্ৰসমূহ আঁকিছিল দিলবৰ আৰু দোচাই নামৰ দুজন শিল্পীয়ে।

 আহোম স্বৰ্গদেৱসকল কেৱল সাহিত্যিকৰ পৃষ্ঠপোষকেই নাছিল, তেওঁ- লোকে নিজেও সাহিত্য সেৱা কৰিছিল। ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ ভণিতা থকা ভালেমান গীত বৰ্ত্তমানে সংগৃহীত হৈছে। বৰগীতৰ আৰ্হিত দেৱগান্ধাৰ ৰাগত ৰচিত শিৱসিংহ ৰজাৰ-

“শাৰদ পূৰ্ণিমা হিমকৰ বদনী।
চঞ্চল নীল নলিনीদল নয়নী॥
চঞ্চল লোচনে কাজৰ ৰঙ্গি।
ভাবুক মনে কুটিলতৰ ভঙ্গি।”—গীত উল্লেখযোগ্য।

 আহোম ৰজাসকলৰ সভা-কবিৰ ভিতৰত কবিৰাজ চক্ৰবৰ্ত্তী প্ৰধান। শিৱসিংহ আৰু তেওঁৰ কুঁৱৰী ফুলেশ্বৰীৰ নিদেৰ্শ মতে কবিৰাজ চক্ৰৱৰ্ত্তীয়ে ‘শঙ্খচূৰ বধ' কাব্য আৰু ‘গীত-গোবিন্দ’ৰ অসমীয়া অনুবাদ কৰে। ৰাণী প্ৰমথেশ্বৰী আৰু ৰজা শিৱসিংহৰ আদেশত অনন্ত আচাৰ্য্য নামে অন্য এজন কবিয়ে ‘আনন্দ লহৰী' নামে শান্ত কাব্য ৰচনা কৰে। ৰজা-ৰাণী আৰু নিজৰ বিষয়ে কবিয়ে ভণিতাত লিখিছে,—

সৌমাৰ পীঠৰ সম নাহি আন।
সততে থাকত যাত ভৱানী ঈশান॥
সেহি পীঠ মধ্যে আছে পুৰী নানা খান।
কেহো নোহে ৰঙ্গপুৰ নগৰী সমান॥
সেহিসে নগৰী জানা দুতি অম্ৰাৱতী।
তাতে শিৱসিংহ ভৈলা দূতি সুৰগতি॥
প্ৰমথেশ্বৰী ভৈলা তান পটেশ্বৰী।
ৰূপে-গুণে কোঁতো যাৰ নাহি সৰিবৰি॥
তাসম্বাৰ সঙ্গে থাকি ম‍ই বিদ্যাহীন।
ৰাজা দুজনাৰ হিত বাঞ্ছো নিতে নিত॥
অনন্ত আচাৰ্য্যে ভণে এৰি আন বাণী।
নিৰন্তৰে বোলা নৰে শঙ্কৰ ভৱানী॥

 ৰুদ্ৰসিংহৰ অনুগ্ৰহত ৰুচিনাথ কন্দলিয়ে মাৰ্কণ্ডেয় চণ্ডী আৰু কল্কি পুৰাণ নামৰ দুখন কাব্য ৰচনা কৰে। তেওঁ ৰাজ-অনুগ্ৰহৰ বিষয়ে লিখিছে,—

বাসৱ বংশত জাত  ৰুদ্ৰসিংহ নামে খ্যাত
 সৌমাৰ পীঠৰ অধিপতি।