হৈছিল; আহোম যুগৰ সাহিত্যই সেই বন্ধনপৰা মুক্তি লাভ কৰিলে। বিশেষতঃ
ৰাজ-দৰবাৰ প্ৰেম আৰু ৰোমাঞ্চৰ কেন্দ্ৰ। ৰজা-ৰাণীসকলেও আনন্দ-বিনোদনৰ
কাৰণে ধৰ্ম্ম-আখ্যানতকৈ প্ৰেম আখ্যানকে বিচাৰে। গতিকে কবিসকলে বহুতো
প্ৰেমৰ আখ্যান লৈ কাব্য ৰচনা কৰিলে, অথবা ধৰ্ম্ম-আখ্যানসমূহকে প্ৰেম-
আখ্যানলৈ ৰূপান্তৰিত কৰিলে। পুৰাণসমূহত ভালেমান প্ৰেম-মূলক আখ্যান
থকা হেতু আহোম ৰজাসকলে এই পুৰাণসমূহ অসমীয়াত অনুবাদ কৰিবলৈ
কবিসকলক সহায় আৰু উদগনি দিছিল। আৰু এটা কথা মন কৰিব লগীয়া
যে বৈষ্ণৱ যুগৰ সাহিত্যত সাধাৰণতে দেৱ-দেৱীৰ মহিমা কীৰ্ত্তন কৰা হৈছে।
অৱশ্যে কোনো কোনো ক্ষেত্ৰত দেৱ-দেৱীৰ চৰিত্ৰ চিত্ৰনত মানুহৰে জীৱন
প্ৰকাশ পাইছে। কিন্তু আহোম যুগত মানুহ সাহিত্যৰ বিষয়-বস্তু হ’ল।
মানহৰ জীৱনৰ লগত জড়িত লৌকিক-অলৌকিক কাহিনী লৈ কাব্য ৰচনা
কৰা হ’ল। কিন্তু কাব্যতকৈ গদ্যত ই অধিক প্ৰকাশ লাভ কৰিছে।
এই সকলোবোৰৰ ভিতৰত আহোমসকলৰ অসমীয়া সাহিত্যলৈ সৰ্ব্বশ্ৰেষ্ঠ দান হৈছে বুৰঞ্জী। ৰজা-ঘৰীয়া সকলো বিষয় লিপিবদ্ধ কৰা আহোমসকলৰ নীতি আছিল। অসমীয়া সাহিত্যক বুৰঞ্জীবাজিয়ে অপূৰ্ব্বভাৱে মহীয়ান আৰু গৌৰবান্বিত কৰি ৰাখিছে। বুৰঞ্জী সাহিত্যৰ বিষয়ে উল্লেখ কৰি Sir G. A. Grierson-য়ে লিখিছে—
"The Assamese are justly proud of their National Literature. In no department have they been more successful than in a branch of study in which India as a rule is curiously deficient. The historical works or Buranjis are numerous and voluminous. A knowledge of the Buranjis was an indispens- able qualification to an Assamese gentleman."
বুৰঞ্জী অসমীয়াৰ মানত জ্ঞানৰ ভঁৰাল। দেশ শাসনৰ পদ্ধতি, ৰজা- ঘৰীয়া কাৰ্য্য, সাময়িক ঘটনাৰ বিবৃতি আৰু দেশৰ ডা-ডাঙৰীয়াৰ বিষয়ে জন-শিক্ষিত সমাজে শিক্ষাৰ এটি অপৰিহাৰ্য্য অঙ্গ বুলি বিবেচনা কৰিছিল। বুৰঞ্জী প্ৰণয়ন অতি পৱিত্ৰ কাম। সেয়েহে ৰচনাৰ আৰম্ভতে দেৱতাৰ প্ৰতি প্ৰণতি জনাই লেখনী হাতত লোৱা হৈছিল। বুৰঞ্জীসমূহ সাধাৰণতে ৰাষ্ট্ৰৰ সকলো বিষয়তে জ্ঞান থকা লোকৰ হতুৱাই যুগুত কৰোৱা হৈছিল। বুৰঞ্জী লিখকক ৰজা-ঘৰৰ পৰা প্ৰয়োজনীয় সকলো কাকত-পত্ৰ, আহিলা-পাতি দি সহায় কৰা হৈছিল। ৰজাঘৰীয়া ওখ পদবীৰ বিষয়াই ৰচনা কৰা কেইবাখনো বুৰঞ্জী পোৱা গৈছে। এই কাৰণ সমূহৰ নিমিত্তে বুৰঞ্জী ৰ ভাষা গাম্ভীৰ্য্যপূৰ্ণ আৰু সম্ভ্ৰমসূচক। বিশেষতঃ বিষয়-বস্তু সত্য ঘটনাৰ বিবৃতি হোৱাত ভাষাই ভাৱ-প্ৰবণতা আৰু অত্যধিক বাক্যালঙ্কাৰৰ পৰা অব্যাহতি লভিছে। সহজ