যি কাব্য ৰচনা হৈছিল সিয়ো নীৰস, প্ৰাণহীন আৰু গদ্যময়ী হ’ল। মন কৰিব-
লগীয়া কথা যে এই যুগত বুৰঞ্জীও কবিতাত ৰচা হৈছিল।
আহোমসকলৰ কোনো বিশিষ্ট ধৰ্ম্মমত নাছিল। সেইহেতু তেওঁলোক প্ৰথম অৱস্থাত সকলো ধৰ্ম্মৰ প্ৰতি উদাৰ আছিল। কালক্ৰমত আহোম ৰজাসকল হিন্দু ধৰ্ম্মত দীক্ষিত হ’ল। আহোম বিষয়াসকলেও হিন্দু ধৰ্ম্ম গ্ৰহণ কৰিলে। তেওঁলোকৰ কোনো কোনোৱে বৈষ্ণৱ ধৰ্ম্ম ললে; আৰু কোনো কোনোৱে শাক্ত ধৰ্ম্ম গ্ৰহণ কৰিলে। ইয়াৰ ফলত ৰজাই পৃষ্ঠপোষকতা কৰা আৰু নকৰা সম্প্ৰদায়ৰ মাজত লাহে লাহে অৰিয়া-অৰিৰ সৃষ্টি হ’ল। শিৱসিংহ ৰজাই (১৬৩৬-৬৬) শাক্ত গুৰুত শৰণ লৈ শাক্ত সম্প্ৰদায়ক অধিক ৰাজ-সম্মান আৰু প্ৰাধান্য দিয়াত বৈষ্ণৱসকল বিদ্ৰোহী হৈছিল। শিৱসিংহৰ পত্নী ফুলেশ্বৰী কুঁৱৰীয়ে দেৱীপূজা পাতি তালৈ বৈষ্ণৱসকলৰ মোৱামৰীয়া নামৰ সম্প্ৰদায়ক নিমন্ত্ৰণ কৰি অপমান কৰাত বৈষ্ণৱসকলে আহোম ৰজাৰ বিপক্ষি বিদ্ৰোহ কৰে। এই ধৰ্ম্ম-বিদ্ৰোহ আহোম ৰাজ্য ধ্বংসৰ অন্য এটি কাৰণ। আহোম সকলে বৈষ্ণৱ আৰু শাক্ত ধৰ্ম্মৰ সকলো সম্প্ৰদায়কে সহায় কৰাত অসমীয়া সাহিত্যৰ প্ৰচাৰ আৰু সৃষ্টিত কিছু আহোম প্ৰভাৱ পৰিছিল। এই হেতু আহোম যুগত সাহিত্য বহুমুখী আৰু উদাৰ হ’ল। তেতিয়াৰপৰা কবিসকলে শাক্ত শাস্ত্ৰও অনুবাদ কৰিবলৈ ললে। শাক্ত সম্বন্ধীয় ভালেমান গীত ৰচনা কৰা হ’ল। দুই-চাৰিজন আহোমৰ ৰজায়ো শাক্ত গীত-পদ ৰচনা কৰাৰ পৰিচয় পোৱা গৈছে।
আহোম যুগ বিৰাট জাগৰণৰ যুগ। কেৱল যুদ্ধ-বিগ্ৰহৰ জয়তে আহোম- সকলৰ কীৰ্ত্তি প্ৰকাশ পোৱা নাছিল; তেওঁলোকে শিক্ষা-সংস্কৃতিৰ উন্নতিতো উৎসাহী আছিল। ৰাজ পৰিয়ালৰ আৰু বিষয়াসকলৰ পুত্ৰাদিক বাৰানসী আদি শিক্ষা-কেন্দ্ৰত বিবিধ শাস্ত্ৰ অধ্যয়ন কৰিবলৈ পঠোৱা হৈছিল। প্ৰত্যেক সম্ভ্ৰান্ত পৰিয়ালৰ লৰা-ছোৱালীক পঢ়োৱা ব্যৱস্থা আছিল। ৰজা আৰু ৰাজ- বিষয়া সকলে কবি আৰু শিল্পীসকলক মাটি বাৰী দি সহায় কৰিছিল। সংস্কৃত শাস্ত্ৰৰ অনুবাদ আৰু মৌলিক কাব্য ৰচনাত কবিসকলক ৰজা আৰু ৰাজবিষয়াই কিদৰে সহায় কৰিছিল সেই কথা এই যুগৰ কবিসকলে তেওঁলোকৰ কাব্যৰ ভণিতাত উল্লেখ কৰি গৈছে। অৱশ্যে সাহিত্যিকসকলৰ ওপৰত ৰাজ অনগ্ৰহ পৰাত সাহিত্যৰ ভাৱ আৰু বিষয়-বস্তু পৰিবৰ্ত্তন নোহোৱাকৈ থকা নাছিল। ৰজা-ৰাণীসকলৰ গুণ বৰ্ণনা কৰি ভালেমান বন্দনা-গীত ৰচিত হৈছিল। আহোম ৰাজ-দৰবাৰ জাক-জমক আৰু ধন-ৰত্নেৰে শোভিত হৈ আছিল। এই পাৰি- পাৰ্শ্বিক অৱস্থাই কবিৰ কল্পনাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল। গতিকে আহোম যুগৰ কবিতাত বৈষ্ণৱ যুগৰ austerity আৰু sincerity ৰ ঠাইত arti- ficiality প্ৰধান হ'ল। বৈষ্ণৱ-সাহিত্যত স্বাভাৱিক সুখ-স্বচ্ছন্দতাক দমন কৰা