সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া ভাষা আৰু সংস্কৃতি


সত্ৰীয়া গোসাঁই-ভকত, মুছলমান, আদিৰ ভাষাৰ তাৰতম্য থাকে। মতা মানুহৰ লগত তিৰোতাৰ ভাষাৰো প্ৰভেদ দেখা যায়। কেতিয়াবা ভাষাগত প্ৰভেদ স্পষ্ট হৈ নুঠিলেও কোৱাৰ ধৰণ, উচ্চাৰণ, লয়, শব্দাৱলী আদিৰ পাৰ্থক্য সহজে ধৰিব পাৰি।

 বেলেগ মানুহৰ নিজৰ ব্যক্তিত্বৰ বৈশিষ্ট্যও তেওঁ কোৱা ভাষাত ধৰা পৰে। এনে ব্যক্তিগত বৈশিষ্ট্যসম্পন্ন ভাষাকো 'ভাষা' নাম দিয়া হয়। ব্যক্তিত্বসম্পন্ন মনীষীসকলৰ চিন্তাৰ দ্বাৰা সামাজিক পৰিস্থিতি আদিয়ে ভাষাত ব্যক্তিত্বৰ সাঁচ বহুৱায়। এনে ব্যক্তিত্ব শব্দভাণ্ডাৰতো আপোন বৈশিষ্ট্য ধৰা পৰে। আকৌ কিছুমান শব্দৰ অৰ্থভেদো হয়। মহাত্মা গান্ধীৰ 'স্বৰাজ’, ‘ধৰ্ম্ম’, ‘অহিংসা’, 'সত্যাগ্ৰহী' আদি শব্দত বিশাল চিন্তাপ্ৰৱাহ বৈ আছে।

 কোনো কোনোৱে ভাষাক কথিত আৰু সহিত্যৰ ভাষা, এই দুই ভাগত ভাগ কৰে। শিক্ষিত সমাজৰ কিতাপ কাকতত, ৰাজকীয় আৰু ধৰ্ম্ম বিষয়ত যি ভাষা প্ৰচলিত তাক সাহিত্যিক ভাষা বুলিব পাৰি। ইয়াৰ নিয়ম ব্যাকৰণৰ সূত্ৰেৰে গঁথা। কথিত ভাষাক বোৱঁতী সূঁতিৰ লগত তুলনা কৰিব পাৰি, আৰু সাহিত্যিক ভাষাক সি ছুই যোৱা সৰোবৰ বুলিব পাৰি। সৰ্ব্বসাধাৰণৰ কথিত ভাষাই সাহিত্যিক ভাষাক সহায় কৰে আৰু সাহিত্যিক ভাষায়ো যে কথিত ভাষাৰ গতি বহুদুৰ নিয়ন্ত্ৰণ কৰে সিও সঁচা। তথাপি ভাষা-বৈজ্ঞানিকৰ সূক্ষ্ম দৃষ্টিত কথিত ভাষাৰ মূল্য অধিক।

 সাহিত্যিক ভাষা-সৰোবৰৰ মলি দূৰ কৰি পৰিপুষ্ট কৰিবলৈ কথিত ভাষাৰ বোৱঁতী সূঁতিৰ ধাৰ একোটা আৱশ্যক। কথিত ভাষাতকৈ সাহিত্যিক ভাষা আপেক্ষিক স্থিৰ, ই ঘনাই সলনি নহয়। কোনো বিশিষ্ট ৰাজনৈতিক আৰু ধাৰ্ম্মিক কাৰণ হেতু সাহিত্যিক ভাষাৰ জন্ম হয়। শিক্ষা আৰু সভ্যতাৰ প্ৰসাৰৰ লগে লগে বেলেগ বেলেগ জাতি আৰু দেশৰ মাজত সাহিত্যিক ভাষা- ৰেই সম্বন্ধ চলে। গতিকে শিক্ষিতসকলে সাহিত্যিক ভাষাকে আদৰ কৰিবলৈ শিকে। কেতিয়াবা ৰাজনৈতিক আৰু ধাৰ্ম্মিক কাৰণৰ বাবে এই সাহিত্যৰ ভাষাই আন্তঃৰাষ্ট্ৰীয় ভাষাৰ পদ পায়গৈ।

 ভাষা শব্দ “ভাষা-ব্যক্তায়াং বাচি” ধাতুৰপৰা হোৱা। ভাষা বৰ্ণাত্মক হব লাগে। অঙ্গী-ভঙ্গীৰে মনৰ ভাব সম্পূৰ্ণকৈ প্ৰকাশ কৰিব নোৱাৰাৰ বাবেই ভাষাৰ জন্ম। এজনৰ মনৰ ভাব আন এজনৰ আগত ফুটাই তোলায়ে ভাষাৰ কাম। ভাষাৰ এই বহুল অৰ্থ গ্ৰহণ কৰিলে কলা-বোবাৰ ঠাৰ-চিয়াঁৰো ভাষা সংজ্ঞাই সামৰি লব। ইয়াৰ প্ৰসিদ্ধ উদাহৰণ আমেৰিকাৰ ৰেড্ ইণ্ডিয়ানবোৰৰ সাঙ্কেতিক ভাষা। এই হস্তাদি চেষ্টাত্মক ভাষাই কোনো কোনো ক্ষেত্ৰত বহুতো উন্নতি কৰিছে।

 কোনো দলৰ মানুহৰ মাজত বিশেষ উদ্দেশ্য লৈ চলোৱা কৃত্ৰিম ভাষা