কাটি সেই বাঘ মাৰিলে। সেই বাঘৰ ডাঢ়ি পুৰিবলৈ জোঁৰ আনোঁতে হাম্খুৰি খাই পৰিয়েই দৈয়ঙ্গীয়াৰ নেওগ এটা মৰিল। (তুংখাঙ্গীয়া বৰঞ্জী, পঃ১৭৪-১৭৫)
হাতী চিকাৰ আৰু হাতীক সম্পদ আৰু সম্মান স্বৰূপে এই যুগতে গণ্য কৰা হয়। খেদি অথবা জালেৰে ঘেৰি হাতী, বাঘ, হৰিণ আদি পশু-পক্ষী চিকাৰ কৰা ৰজা-প্ৰজা সকলোৰে আমোদৰ ক্ৰীড়া আছিল। কোনো কোনো বিষয়াই দোলাত পহুমৰা কুকুৰ তুলিও পহু মাৰিবলৈ গৈছিল (অসম বুৰঞ্জী, পূঃ ৮৩)। স্বৰ্গদেৱ মৃগয়ালৈ যাওঁতে লগত পহুচুঙী আদি ভালেমান বা- বিষয়া লৈ গৈছিল, আৰু মৃগয়া বনত টঙ্গিঘৰ সাজি তাত চন্দ্ৰতাপ আঁৰি ৰং-ৰহইচকৈ কেইবাদিনো কটাইছিল। (দীৰ্ঘেশ্বৰীত মৃগয়া, গড়মূৰত স্বৰ্গ- দেৱৰ মৃগয়া : তুংখাঙ্গীয়া বৰঞ্জী, পূঃ ৩৪, ৯৩)। এই একে বুঞ্জীতে কমলেশ্বৰ সিংহ স্বৰ্গদেৱৰ ম’হ চিকাৰ প্ৰসঙ্গত আছে—
আতপাচে সেই শকৰ পৌষ মাসৰ ৪ দিন যাওঁতে ও দিলশিবিৰ মুখেত ম’হ মাৰিবলৈ গৈছিল। সেইদিনা ম’হ এটা হাতীয়ে দলি মাৰি গড়ৰ বাজ কৰিলে। সেই মহে মানুহ তিনিটা মাৰি গুচি গ'ল। ম’হ মৰাই ও গধূলি বাহৰলৈ আহিল। (পঃ ১৭৪)
অসমৰ বৈষ্ণৱ-শাক্ত ধৰ্ম্মৰ বিভিন্ন সম্প্ৰদায়ক মাটি-বৃত্তি দান দি আহোম- সকলে সুপ্ৰতিষ্ঠিত কৰি গঢ়িলে। অসমৰ ধৰ্ম্ম আৰু অসমীয়া সাহিত্য- সংস্কৃতিৰ মূল ভেটি সত্ৰসমূহে আহোম ৰজাসকলৰ বদান্যতাতে চিৰায়ু হৈ আছে। জাক-জমক আৰু পয়োভৰেৰে পূজা-অৰ্চ্চনাৰ প্ৰচলন আহোম ৰজা আৰু বা-বিষয়াৰ কীৰ্ত্তি। মন্দিৰ আৰু দেৱ-দেৱালয়সমূহ কেৱল পূজা- অৰ্চ্চনাৰে কেন্দ্ৰ নাছিল, ই সাংস্কৃতিক মিলনক্ষেত্ৰ আৰু গীত-নাট্য-বাদ্য আদি চাৰু-শিল্পচৰ্চ্চাৰ কেন্দ্ৰত পৰিণত হৈছিল। হিন্দু ধৰ্ম্মৰ বাহিৰে অন্য ধৰ্ম্মকো আহোমসকলে পৃষ্ঠপোষকতা কৰিছিল। বৌদ্ধধৰ্ম্মৰ লগত সংমিশ্ৰণ হৈ আহোমসকলৰ যি নিজস্ব ধৰ্ম্ম গঢ়ি উঠিছিল সেই কথাও এই প্ৰসঙ্গত উল্লেখ কৰিব পাৰি ৷ আহোমসকলৰ চোমদেউ, ফুৰাতাৰা আদি সুকীয়া দেৱতা আৰু চৰাইদেৱ-পূজা আদি কিছু নিজৰ ধাৰ্ম্মিক অনুষ্ঠান, কুকুৰা কাটি মঙ্গল চোৱা আদি সুকীয়া ধৰ্ম্ম-বিশ্বাস আছিল। সেইবোৰৰ প্ৰচলন অসমৰ ঠায়ে ঠায়ে এতিয়াও আছে।
আহোম ৰাজত্বৰপৰা অসমত কিছুমান নতুন উৎসৱ আৰু পূজা-পাৰ্ব্বণ প্ৰচলিত হয়। ভালেমান পুৰণি উৎসৱ আৰু পূজা-পাৰ্ব্বণ ৰাজসিক ভাৱে কৰা হৈছিল; নতুন উৎসৱৰ ভিতৰত ৰাজ-অভিষেকৰ সময়ত অনুষ্ঠিত হোৱা ঋক্ষভন আৰু ৰণজয়ত অনুষ্ঠিত হোৱা উৎসৱ উল্লেখ কৰিব পাৰি। দ’ল- দেৱালয়, পুখুৰী আৰু মৈদাম নিৰ্ম্মাণ আৰু প্ৰতিষ্ঠা উৎসৱ-অনুষ্ঠানৰে সম্পন্ন কৰা হৈছিল। বৰঞ্জীত উল্লেখ আছে যে—