সমললৈ যাওক

পৃষ্ঠা:অসমীয়া ভাষা আৰু সংস্কৃতি.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০২
অসমীয়া ভাষা আৰু সংস্কৃতি


কাটি সেই বাঘ মাৰিলে। সেই বাঘৰ ডাঢ়ি পুৰিবলৈ জোঁৰ আনোঁতে হাম্খুৰি খাই পৰিয়েই দৈয়ঙ্গীয়াৰ নেওগ এটা মৰিল। (তুংখাঙ্গীয়া বৰঞ্জী, পঃ১৭৪-১৭৫)

 হাতী চিকাৰ আৰু হাতীক সম্পদ আৰু সম্মান স্বৰূপে এই যুগতে গণ্য কৰা হয়। খেদি অথবা জালেৰে ঘেৰি হাতী, বাঘ, হৰিণ আদি পশু-পক্ষী চিকাৰ কৰা ৰজা-প্ৰজা সকলোৰে আমোদৰ ক্ৰীড়া আছিল। কোনো কোনো বিষয়াই দোলাত পহুমৰা কুকুৰ তুলিও পহু মাৰিবলৈ গৈছিল (অসম বুৰঞ্জী, পূঃ ৮৩)। স্বৰ্গদেৱ মৃগয়ালৈ যাওঁতে লগত পহুচুঙী আদি ভালেমান বা- বিষয়া লৈ গৈছিল, আৰু মৃগয়া বনত টঙ্গিঘৰ সাজি তাত চন্দ্ৰতাপ আঁৰি ৰং-ৰহইচকৈ কেইবাদিনো কটাইছিল। (দীৰ্ঘেশ্বৰীত মৃগয়া, গড়মূৰত স্বৰ্গ- দেৱৰ মৃগয়া : তুংখাঙ্গীয়া বৰঞ্জী, পূঃ ৩৪, ৯৩)। এই একে বুঞ্জীতে কমলেশ্বৰ সিংহ স্বৰ্গদেৱৰ ম’হ চিকাৰ প্ৰসঙ্গত আছে—

 আতপাচে সেই শকৰ পৌষ মাসৰ ৪ দিন যাওঁতে ও দিলশিবিৰ মুখেত ম’হ মাৰিবলৈ গৈছিল। সেইদিনা ম’হ এটা হাতীয়ে দলি মাৰি গড়ৰ বাজ কৰিলে। সেই মহে মানুহ তিনিটা মাৰি গুচি গ'ল। ম’হ মৰাই ও গধূলি বাহৰলৈ আহিল। (পঃ ১৭৪)

 অসমৰ বৈষ্ণৱ-শাক্ত ধৰ্ম্মৰ বিভিন্ন সম্প্ৰদায়ক মাটি-বৃত্তি দান দি আহোম- সকলে সুপ্ৰতিষ্ঠিত কৰি গঢ়িলে। অসমৰ ধৰ্ম্ম আৰু অসমীয়া সাহিত্য- সংস্কৃতিৰ মূল ভেটি সত্ৰসমূহে আহোম ৰজাসকলৰ বদান্যতাতে চিৰায়ু হৈ আছে। জাক-জমক আৰু পয়োভৰেৰে পূজা-অৰ্চ্চনাৰ প্ৰচলন আহোম ৰজা আৰু বা-বিষয়াৰ কীৰ্ত্তি। মন্দিৰ আৰু দেৱ-দেৱালয়সমূহ কেৱল পূজা- অৰ্চ্চনাৰে কেন্দ্ৰ নাছিল, ই সাংস্কৃতিক মিলনক্ষেত্ৰ আৰু গীত-নাট্য-বাদ্য আদি চাৰু-শিল্পচৰ্চ্চাৰ কেন্দ্ৰত পৰিণত হৈছিল। হিন্দু ধৰ্ম্মৰ বাহিৰে অন্য ধৰ্ম্মকো আহোমসকলে পৃষ্ঠপোষকতা কৰিছিল। বৌদ্ধধৰ্ম্মৰ লগত সংমিশ্ৰণ হৈ আহোমসকলৰ যি নিজস্ব ধৰ্ম্ম গঢ়ি উঠিছিল সেই কথাও এই প্ৰসঙ্গত উল্লেখ কৰিব পাৰি ৷ আহোমসকলৰ চোমদেউ, ফুৰাতাৰা আদি সুকীয়া দেৱতা আৰু চৰাইদেৱ-পূজা আদি কিছু নিজৰ ধাৰ্ম্মিক অনুষ্ঠান, কুকুৰা কাটি মঙ্গল চোৱা আদি সুকীয়া ধৰ্ম্ম-বিশ্বাস আছিল। সেইবোৰৰ প্ৰচলন অসমৰ ঠায়ে ঠায়ে এতিয়াও আছে।

 আহোম ৰাজত্বৰপৰা অসমত কিছুমান নতুন উৎসৱ আৰু পূজা-পাৰ্ব্বণ প্ৰচলিত হয়। ভালেমান পুৰণি উৎসৱ আৰু পূজা-পাৰ্ব্বণ ৰাজসিক ভাৱে কৰা হৈছিল; নতুন উৎসৱৰ ভিতৰত ৰাজ-অভিষেকৰ সময়ত অনুষ্ঠিত হোৱা ঋক্ষভন আৰু ৰণজয়ত অনুষ্ঠিত হোৱা উৎসৱ উল্লেখ কৰিব পাৰি। দ’ল- দেৱালয়, পুখুৰী আৰু মৈদাম নিৰ্ম্মাণ আৰু প্ৰতিষ্ঠা উৎসৱ-অনুষ্ঠানৰে সম্পন্ন কৰা হৈছিল। বৰঞ্জীত উল্লেখ আছে যে—