ৰাজপথ নিৰ্ম্মাণ হয়। জয়সাগৰ, গৌৰীসাগৰ আদি দীঘল-বহল পুখুৰী নিৰ্ম্মাণ কাৰ্য্য আহোম যুগৰ পূৰ্ত্ত-বিদ্যানিপণতাৰ অন্যতম নিদৰ্শন। আহোম যুগৰ দেৱালয়, মন্দিৰত অসমীয়া চাৰু-শিল্পীৰ শিল্প-চাতুৰ্য্যৰো পৰিচয় আছে। বাস্তু-নিৰ্মাণ ব্যৱস্থাৰ পৰিচয় ৰংঘৰ, কাৰেং। বাস্তুভিটা নিৰ্ম্মাণ কাৰ্য্যত শিল আৰু ইটাৰ প্ৰয়োগ মন কৰিবলগীয়া। শিলৰ মূৰ্ত্তি ভাস্কৰ্যৰ বাহিৰেও সাঁকো, স্তম্ভ আদি সজা হৈছিল। নামদাং আদি শিলৰ সাঁকোৰ নিৰ্ম্মাণ-নিপুণতা দেখিলে আজিও চমৎকৃত হব লাগে। আহোম যুগত ইটা গঢ়া ৰীতি অতুলনীয় আছিল। টেৰাকটা শিল্পৰো (ইটাত মূৰ্ত্তি কাটি পোৰা কাৰ্য) প্ৰাধান্য এই যগতে হয়।
আহোম যুগতে নানা প্ৰকাৰ ক্ৰীড়া-কৌতুক, খেল-ধেমালিৰ সৃষ্টি হৈছিল। ঘৰৰ ভিতৰত কৰা খেলৰ ভিতৰত পাশা, সতৰঞ্চ, কড়িখেল। বাহিৰৰ ক্ৰীড়া- কৌতুকৰ ভিতৰত আছিল হাতী-যুঁজ, ঘোৰা-দৌৰ, শেণ-যুঁজ, কুঁকুৰা যুঁজ, কণী-যুঁজ, ম’হ যুঁজ, বাঘ-ভালুকৰ যুঁজ (আহোম-ৰজাৰ ৰং-ধেমালিঃ দেওধাই অসম বুৰঞ্জী, পৃঃ১৩৭-১৪২)। এইবোৰ দৰ্শাবলৈ ৰংঘৰ আদিৰ নিৰ্ম্মাণ উল্লেখযোগ্য। স্বৰ্গদেৱ কমলেশ্বৰ সিংহৰ দিনত ৰংঘৰত মুন্কাঙ্গৰ কটকী তোলা অনুষ্ঠান প্ৰসঙ্গত আছে—
আতপাতে সেই পৌষ মাসৰ ১৪ দিন যাওঁতে শুকুৰবাৰে গধূলিবেলা ৰংঘৰত ঁএ সেই মূন্কঙ্গীয়াৰ কটকীক তুলিলে। ৰংঘৰৰ ওচৰত দুখন চালি কৰিছিল। তাকো কাপোৰেৰে চাইছিল। এখন চাঙ্গত ডাঙ্গৰীয়া দুজনা বহিছিল। এখনত বৰবৰুৱা, ফকেনবোৰ, ৰাজখোৱা, কটকী, কাকতী, দলৈ, দেওধাই, বাইলুং এই সকল বহিছিল। খলাতে চালি এখনত মূন্কঙ্গীয়া কটকী বহিবলৈ দিছিল। পাচে চিৰিং ফকনে ভেঁটালে। পত্ৰ থবলৈ ৰূপৰ শৰাই দিলে। টেমাত ভৰি ডিঙ্গিত বান্ধি পত্ৰ আনিছিল। শৰাইত থৈ সাত সেৱা কৰি সেই চালিতে বহিল। পাচে ঁএ চিৰিং-ফুকনক চৌখামে সুধিবলৈ আজ্ঞা কৰিলে। পাচে ফুকনে সিহতৰ ৰজাৰ কুশল শুধি জনালে। চিৰিং-ফুকনে পত্ৰ মাতি ঁত শুনালে। পত্ৰ শুনি ঁএ বোলে—“তাহেঁতত ক, ৰাজা যি জনাই আহিছে আৰ সমাচাৰ বিদায় কালে পাব। সম্প্ৰতি থকা বহাতে থাকক।” এই বুলি ফুল-চন্দন দিলে। সিহঁতেও বহি বহি বহালৈ গ’ল। ঁও বাহৰলৈ আহিল। সেই কটকী তোলাত ৰংঘৰটো কাপৰে চাইছিল। দাঁতিত ৰূপৰ বৰৈ আৰিছিল। চাংখনত বানত পাৰিছিল। সেই ঘৰতে ঁও চাঙ্গতে চান্দোৱাৰ তৰি পাগ-জেমা পিন্ধি বহিল। আনেও পাগ-জেমা পিন্ধিছিল। প্ৰধান ফৌজ কৰিছিল।
সেইবেলা মুন্কঙ্গীয়া কটকীক দেখাই অনেক বাজী কৰাইছিল। বাজীও এই — ম’তা লগাইছিল, চক্ৰবাণ মাৰিছিল। চেঙ্গা-হিলৈ মাৰিছিল। আতচবাজী মাৰিছিল। মেৰছাগ ওলাই খুন্দা মাৰিছিল। অপৰাজিতাও ওলাইছিল। বাঘ এটাও হাতীয়েৰে মৰাইছিল। হাতীয়ে পুৰ দিওঁতে বাঘ-হাতী দুয়ো বাজলৈ জাল ফালি ওলাল। ওলাই বাঘে চিপাহী এটা কামুৰিলে। পাচে সকল চিপাহীয়ে চাপি চঙ্গিনে তৰোৱালে খুঁচি